প্ৰত্যেক গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ ফলত একাধিক গ্ৰহ কোনো এক ৰাশিত মিলিত হয়৷ দুই বা তাতোকৈ বেছি গ্ৰহ এটা ৰাশিলৈ আহিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত পৰে৷ এই সকলো যোগে উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে মানৱ জীৱনত৷
লক্ষ্মী নাৰায়ণ যোগ
এইয়া এক উল্লেখযোগ্য যোগ৷ আগন্তুক ১০ অক্টোবৰত তুলা ৰাশিত বুধ আৰু শুক্ৰ মিলিত হ’লে এই যোগ গঠিত হ’ব৷ বৈদিক জ্যোতিষ অনুসৰি লক্ষ্মী নাৰায়ণ যোগ অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত৷ বিগত ১৮ ছেপ্টেম্বৰৰ পৰা তুলা ৰাশিত অৱস্থান কৰিছে শুক্ৰই৷ ইয়াৰপাছতেই ১০ অক্টোবৰত বুধে প্ৰৱেশ কৰিব তুলাত৷ তেতিয়াই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ১৩ অক্টোবৰ পৰ্যন্ত এই যোগ থাকিব৷ ইয়াৰপাছতেই শুক্ৰই তুলা এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷
তুলা ৰাশি
তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ এই শুভ যোগত লাভজনক প্ৰভাৱ পৰিব তুলা ৰাশিৰ জীৱনত৷ ১০ৰ পৰা ১৩ অক্টোবৰ এই তিনিদিন সোণালী সময় চলিব তুলা ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ জীৱনত সুখ সমৃদ্ধি প্ৰচুৰ পৰিমানে বৃদ্ধি পাব৷ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম ভৰপুৰ হৈ থাকিব৷ পেছাগত জীৱনত উন্নতি কৰাৰ সুযোগ পাব৷
মকৰ ৰাশি
পুজাৰ সময়ত লক্ষ্মী নাৰায়ণ যোগৰ শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সফলতা পাব৷ কেৰিয়াৰত বৃহৎ সাফল্য অৰ্জন কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত মকৰ ৰাশিৰ জাতকৰ সম্পদ বৃদ্ধি পাব আৰু সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ নৱম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ৷ ইয়াৰ ফলত দুৰ্গাপূজাৰ মাজত উন্নতিৰ শিখৰত থাকিব কুম্ভ ৰাশিৰ জাতকে৷ নিজৰ ঘুমন্ত ভাগ্য আপুনি জগাই তুলিব পাৰিব৷ দীৰ্ঘদিনে কোনো কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হ’ব৷ নতুন কাম আৰম্ভ কৰাৰ বাবে এয়াই উপযুক্ত সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ