• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

2 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

3 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

5 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

5 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

9 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

9 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

11 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

12 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

12 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

13 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

editor by editor
January 8, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?
0
SHARES
10.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যা বৰ্তমান দেশৰ লগতে বিশ্বতো আলোচনাৰ কেন্দ্ৰবিন্দু। আকৌ এবাৰ যেন ত্ৰেতাযুগ ঘূৰি আহিছে। ৰাম মন্দিৰ আৰু এই আন্দোলনত জড়িত নেতাসকলৰ কথাও আকৌ এবাৰ আলোচনা হৈছে। এতিয়া সকলোৱেই ৰাম মন্দিৰ নিৰ্মাণৰ কৃতিত্ব লোৱাৰ দৌৰত চামিল হ’লেও নিৰৱে কৰোবাত যেন পৰি আছে ৰামমন্দিৰৰ বাবে আন্দোলন কৰা একাংশ নেতা। এদিন এই ৰামমন্দিৰ নিৰ্মাণৰ বাবেই বহু প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লগা হৈছিল একাংশ লোক। ৰামমন্দিৰক লৈ হোৱা বহু যুঁজৰ কথা ইতিহাসৰ পৃষ্ঠাত উল্লেখ আছে।

বৰ্তমান কোনোৱে এবাৰলৈকো নাম নল’লেও এইসকল লোকৰ ত্যাগ অবিহনে আজিৰ এই ৰাম মন্দিৰ সম্ভৱ নহয়। ৰাম মন্দিৰৰ বাবে যুঁজ কৰা নেতাসকলৰ ভিতৰত অন্যতম এজন নেতা হৈছে লালকৃষ্ণ আদৱানী। এল কে আদৱানী, ১৯৮৮ চনত অযোধ্যা গোচৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। সেই সময়ত এল কে আদৱানী দ্বিতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। আদৱানীয়ে প্ৰত্যক্ষভাৱে ৰামমন্দিৰৰ কেছটোৰ সৈতে জড়িত হৈ পৰাত এই আন্দোলনত ৰাজনীতি সোমাই পৰিছিল। বিজেপি দলেই এই আন্দোলনত আগভাগ লৈছিল। এই আন্দোলনৰ সমূহ ৰণনীতি তৈয়াৰ কৰিছিল বিজেপি দলৰ নেতাই। ১৯৮৯ চনত ৰামমন্দিৰক লৈ কৰা আন্দোলনৰ ক্ষিপ্ৰতা আৰু বৃদ্ধি হ’ল। ইয়াৰ আঁৰত আছিল ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিলে আৰু দ্বিতীয় কাৰণ আছিল ১৯৮৪ চনৰ তুলনাত বিজেপিৰ নিৰ্বাচনী ৰিজাল্টো সেইবাৰ ভাল হৈছিল। আদৱানীয়ে সেই সুযোগক হাতৰ পৰা যাবলৈ নিদি আন্দোলন তীব্ৰতৰ কৰি তুলিলে। ১৯৯০ চনত তেওঁ সোমনাথৰ পৰা অযোধ্যালৈ কাৰসেৱাৰ ঘোষণা কৰে। কাৰসেৱাৰ অৰ্থ হৈছে মছজিদ আঁতৰাই ৰামমন্দিৰ নিৰ্মাণ কৰা।

১৯৮৮ চনত আদৱানীৰ ৰাষ্ট্ৰপতি হোৱাৰ প্ৰস্তাৱত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইয়ো সেউজ সংকেত দিয়ে। এই সেউজ সংকেত পোৱাৰ পাছতেই দিল্লীৰ অশোক ৰোডৰ বিজেপি মুখ্য কাৰ্যালয়ে পালমপুৰত বিশেষ সন্মিলন কৰাৰ কথাও ঘোষণা কৰে। হিমাচলৰ পালমপুৰৰ এই অধিৱেশনক বিজেপিৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিৱেশন বুলি গণ্য কৰা হয়। এই অধিৱেশনতে দলটোৱে অটল বিহাৰীৰ গান্ধী-সমাজবাদ ধাৰণাৰ সলনি কৰি হিন্দুত্বৰ ধাৰণা অনুসৰণ কৰিহে বিজেপি দল আগবাঢ়িব বুলি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে।

আদৱানীৰ নেতৃত্বত চলি থকা ৰাম মন্দিৰ আন্দোলনে কেতিয়াও আদালতৰ জৰিয়তে সমাধান নাপায় বুলিও এই অধিবেশনতেই সিদ্ধান্ত লোৱা হয়। আদৱানীয়ে এই অধিবেশনতই তেওঁ লোৱা কাৰসেৱাৰ কথাও সমূহীয়াভাৱে জনায়। বিজেপিৰ এখন আলোচনীত সেই সময়ত আদৱানীয়ে লিখিছিল, ‘মই আৰু মোৰ পাৰ্টীয়ে এয়াই বিচাৰো যে সোমনাথ মন্দিৰৰ দৰেই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ হওক।’ পালমপুৰ অধিবেশনৰ পাছতেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘ প্ৰচাৰক কে এন গোবিন্দাচাৰ্যক আদৱানীৰ সহায়ক হিচাপে দিয়া হয়।

১৯৯০ চনৰ আৰম্ভণিতে আদৱানীয়ে যেতিয়া সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা ঘোষণা কৰিছিল তেতিয়া এই কামৰ তীব্ৰ বিৰোধীতা কৰিছিল তৎকালীন প্রধানমন্ত্ৰী বি পি সিঙে। তেওঁ কৈছিল, ‘এই যাত্ৰাই দেশত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি কৰিব। গতিকে এই কাম কৰাটো ভাল নহ’ব।’ সেই সময়ৰেই অন্য এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ জীৱনী ‘সংঘৰ্ষ, সাহস আৰু সংকল্প’তো লিখিছিল, ‘বিজেপিৰ ডাঙৰ ডাঙৰ নেতাই ভি পি সিঙক সমৰ্থন কৰিছিল যদিও এই যাত্ৰা কিন্তু তেওঁলোকে ৰখাব খোজা নাছিল।

১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত ভূপালত অনুষ্ঠিত এক অনুষ্ঠানত আদৱানীয়ে ভিপি সিঙক এই বাধাৰ বাবে মুকলিকৈ প্ৰত্যাহ্বান জনাইছিল। সেই সময়ত ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, আদৱানীয়ে ভূপালত এক ৰেলীত কৈছিল যে, ভিপি সিঙে বিজেপিক সহজভাৱে ল’ব নোৱাৰে। ইয়াৰ পিছত, আদৱানীয়ে ১০ হাজাৰ কিলোমিটাৰ পদযাত্ৰা আৰম্ভ কৰে। এই যাত্ৰা বিহাৰ পোৱাৰ লগে লগে আদৱানীক গ্ৰেপ্তাৰ কৰা হয়। আদৱানীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই, বিজেপিয়ে ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰে। পাছৱানে তেওঁৰ জীৱনীত এই কথা উল্লেখ কৰি লিখিছিল, ‘যেতিয়া বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল, মই প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈছিলো। আমি ভিপি সিঙক পদত্যাগ কৰিবলৈ কৈছিলো, তেওঁ আমাৰ দাবীক অস্বীকাৰ কৰিছিল। সিঙে আমাক স্পষ্টকৈ কৈছিল যে, আদৱানীয়ে মোক বিশ্বাসঘাতকতা কৰিছে আৰু মই সংসদৰ পৰা দেশৰ জনসাধাৰণক এই কথা ক’ম। ইয়াৰ বাবে মই অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ম বুলি জানো। তথাপিও মই এই কথা কমেই।’

এই কাহিনী ১৯৯০ চনৰ। সোমনাথৰ পৰা এল কে আদৱানীৰ ৰথ যাত্ৰা বিহাৰৰ (বৰ্তমান ঝাৰখণ্ড) ধানবাদত উপস্থিত হৈছিল। সেই সময়ত লালুপ্ৰসাদ যাদৱৰ নেতৃত্বত জনতা পাৰ্টিৰ শাসন চলি আছিল। লালুপ্ৰসাদ যাদৱে বিহাৰত আদৱানীক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা পূৰ্বেই কৰি থৈছিল। লালু যাদৱে তেওঁৰ জীৱনী ‘গোপালগঞ্জ টু ৰাইচিনা’ত লিখিছে, ‘ধনবাদত মই আদৱানীক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছিলো, ইয়াৰ বাবে আমি ধনবাদৰ বিষয়াসকলক পূৰ্বেই সষ্টম হ’বলৈ কৈছিলো। আমাৰ পৰিকল্পনা আছিল, ধনবাদত আদৱানীক গ্ৰেপ্তাৰ কৰা আৰু তেওঁক কলকাতালৈ লৈ যোৱা। মই সমগ্ৰ পৰিকল্পনাটো ৰূপায়ণৰ দায়িত্ব তদানীন্তন জিলা বিষয়া মনোজ শ্ৰীবাস্তৱক অৰ্পণ কৰিছিলো। কিন্তু শ্ৰীবাস্তৱে এই পৰিকল্পনাৰ কথা লিক কৰি দিয়ে।’

লালু যাদৱে লগতে উল্লেখ কৰিছিল যে, গ্ৰেপ্তাৰৰ পৰিকল্পনা ফাদিল হোৱাৰ পিছত গোটেই বিষয়টোক লৈ লালু যাদৱ নীৰৱ হৈ পৰিছিল। ইফালে, আদৱানীৰ যাত্ৰা আগবাঢ়ি আহি পাটনাত উপস্থিত হয়। লালুৱে এই সন্দৰ্ভত জীৱনীত লিখিছে, ‘আমি সিদ্ধান্ত লৈছিলো যে এইবাৰ গ্ৰেপ্তাৰত কোনো ত্ৰুটি নহ’ব। মই লগে লগে ডিএম সুধীৰ কুমাৰক ফোন কৰি গেষ্ট হাউচত সাজু কৰিলোঁ। মই গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আদৱানীৰ যাত্ৰা সমস্তিপুৰ আহি পাইছিল। লগে লগেই মই আৰক্ষী অধীক্ষক আৰ কে সিঙ আৰু ডি আই জি ৰামেশ্বৰ ওৰাওনক মোৰ বাসগৃহলৈ মাতি পঠিয়াও। দুয়োকে গ্ৰেপ্তাৰৰ পৰিকল্পনাৰ কথা ভালকৈ বুজাই কৈছিলো।’

লালুৰ জীৱনীত উল্লেখ কৰামতে দুয়োজন বিষয়াই চৰকাৰী হেলিকপ্টাৰত সমস্তিপুৰলৈ গৈ আদৱানীক চাৰ্কিট হাউছৰ পৰা গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতেই তেঁওক পাটনাৰ পৰা দুমকালৈ লৈ যোৱা হয়। ইউটিউবত লালুৰ এটা পুৰণি ভিডিঅ’ও এই সময়ত খুবেই ভাইৰেল। সেই ভাষণত লালুৱে কৈছিল ‘আদৱানীৰ উদ্দেশ্য ভুল আছিল সেয়েহে মই তেওঁক গ্ৰেপ্তাৰ কৰিছিলো।’

১৯৯২ চনৰ ৫ ডিচেম্বৰত অযোধ্যাত বিনয় কাটিয়াৰৰ ব্যক্তিগত বাসভৱনত লালকৃষ্ণ আদৱানীৰ অধ্যক্ষতাত এক গোপন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বাবৰি মছজিদ ধ্বংসৰ সমূহ পৰিকল্পনা হৈছিল। বাবৰি মছজিদ ধ্বংসৰ তদন্তৰ বাবে গঠন কৰা চিবিআইৰ দলটোৱে দাঙি ধৰা তথ্যমতে, আদৱানীৰ গোপন বৈঠকৰ পিছত, সকলো নেতাই সন্মুখৰ পৰা দায়িত্ব লয় আৰু কামে কাজে আগবাঢ়ি যায়।

১৯৯২ চনত আদৱানীৰ ব্যক্তিগত নিৰাপত্তাত নিযুক্ত এজন আইপিএছ বিষয়া অঞ্জু গুপ্তাৰ মতে, ৬ ডিচেম্বৰত অযোধ্যাৰ চাৰিওফালে কাৰ সেৱকসকলে একত্ৰিত হোৱাৰ সময়ত আদৱানীয়ে এক উদাত্ত ভাষণ দিছিল। আদৱানীয়ে তেওঁৰ ভাষণত কৈছিল যে, মন্দিৰটো পূৰ্বে য’ত আছিল তাতেই নিৰ্মাণ কৰা হ’ব। আদৱানীৰ ভাষণৰ সময়ত উমা ভাৰতী আৰু বিনয় কাটিয়াৰো সেই সভাত উপস্থিত আছিল। আদৱানীৰ ভাষণৰ ঠিক পিছতে, কাৰ সেৱকসকলে মছজিদত আক্ৰমণ কৰিছিল।

১৯৯২ চনৰ ডিচেম্বৰৰ ৬ তাৰিখে দুপৰীয়া ১২ বজাত কাৰসেৱকসকলে মছজিদৰ গম্বুজত উঠি সম্পূৰ্ণৰূপে মছজিদটো ভাঙি পেলাই। আচৰিত কথা এয়াই যে, যিদিনা বাবৰি মছজিদ ভঙা হৈছিল সেইদিনা লালকৃষ্ণ আদৱানীয়ে সকলোকে আচৰিত কৰি মছজিদ ধ্বংসৰ বাবে শোক প্ৰকাশ কৰে। মছজিদ ভাঙি পৰা সেই দিনটো ভাৰতৰ ইতিহাসৰ এক ক’লা দিন বুলি লালকৃষ্ণ আদৱানীয়ে শোকপ্ৰস্তাৱত উল্লেখ কৰিছিল। বাবৰি মছজিদ ধ্বংসৰ পাছতেই সেই ধ্বংসৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি বিৰোধী দলপতিৰ পৰা পদত্যাগ কৰাৰ বাবে পদত্যাগ পত্ৰও প্ৰেৰণ কৰিছিল।

অযোধ্যাৰ বাবৰি ধ্বংসৰ পিছত, আদৱানী বেকফুটত গৈছিল। ১৯৯৫ চনত ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত আদৱানীয়ে কয় যে, ৰাম মন্দিৰৰ সমাধান চৰকাৰেহে দিব পাৰিব। সেইবাবে আমাৰ প্ৰয়াস এতিয়া চৰকাৰ গঠন কৰা। আশা কৰামতেই ১৯৯৬ চনত আদৱানী ৰাষ্ট্ৰীয় সভাপতি হৈ থাকোতেই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰো দেশত গঠন হয়। কিন্তু আদৱানী সেইবাৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰিলে। ইয়াৰ পিছত, অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত ১৯৯৮ আৰু ১৯৯৯ চনত এন ডি এ চৰকাৰ গঠন হয়। অটল চৰকাৰে বাবৰি বিবাদ আদালতৰ হাতত এৰি দিয়ে। অটল বিহাৰী বাজপেয়ীৰ এই সিদ্ধান্তক ২০০২ চনত, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতাসকলে তীব্ৰ বিৰোধীতাও কৰিছিল। সেই সময়ত দলৰ ভিতৰত হোৱা খামখেয়ালী দূৰ কৰাৰ দায়িত্ব লয় অৰুণ জেটলীয়ে।

বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে সেইসময়ত কৈছিল যে, বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি আৰু পালমপুৰৰ প্ৰস্তাৱৰ পৰা দূৰত্ব অৱলম্বন কৰিবলৈ লৈছে। ২০০৯ চনত লিবেৰহান আয়োগে বাবৰি ধ্বংসৰ বাবে আদৱানীকেই দায়ী কৰিছিল। সেই বছৰত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় হয়। ২০০৯ চনৰ পৰাজয়ৰ বপাছত বিজেপি একেবাৰেই ভাঙি পৰে। তাৰপিছতেই ২০১৩ চনত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে আগত ৰাখি আকৌ আগুৱাই যায় বিজেপি দল। মোদী প্রধানমন্ত্ৰী হোৱাৰ পাছতেই বিজেপিৰ পৰা আদৱানী যুগৰ সম্পূৰ্ণ তথ্য যেন ইতিহাসৰ এক পৃষ্ঠাহে হৈ পৰিল। আদৱানীৰ বিজেপি দলৰ প্ৰতি কি কি অৱদান আছিল সেই কথা কোনেও ক’তো চৰ্চা নকৰাৰ ফলত আদৱানীৰ অৱদানৰ কথা বহুতেই আজিও অজ্ঞাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

জোনবাইলৈ ৰিটাৰ্ন গীফ্ট! এটুকুৰা এভাৰেষ্টৰ মাটি আৰু কেইবাটাও উপহাৰ লৈ চন্দ্ৰলৈ ৰাওনা নাছাৰ মহাকাশযান

নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.