চছমা বিক্ৰেতা প্ৰতিষ্ঠান লেন্সকাৰ্টক লৈ সামাজিক মাধ্যমত চলিছে তীব্ৰ বিতৰ্ক৷ তেওঁলোকে কৰ্মচাৰীৰ সাজসজ্জা সংক্ৰান্তিয় এক নিৰ্দেশিকা দিয়াক লৈ সমগ্ৰ বিতৰ্কৰ সূত্ৰপাত বুলি ভাইৰেল ভিডিঅসমূহৰ পৰা জানিব পৰা গৈছে৷ কোম্পানীটোৰ আভ্যন্তৰীণ ষ্টাইল গাইডৰ পৰাই ভাইৰেল হৈছে এটা স্ক্ৰিণশ্বট৷ ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যাপকভাৱে বিয়পি পৰাৰ পাছতেই বিষয়টো সকলোৰে সন্মুখলৈ আহিছে৷ নথিৰ পৰা এই কথাই প্ৰতীয়মান হৈছে যে ধৰ্মীয় অভিব্যক্তিৰ কিছু ৰূপৰ অনুমতি দিয়া হলেও অন্যসমূহৰ ওপৰত বিধিনিষেধ আৰোপ কৰা হৈছিল৷ যিয়ে কৰ্মক্ষেত্ৰৰ নীতিমালা আৰু সাংস্কৃতিক সংবেদনশীলতাক লৈ প্ৰশ্ন তুলিছে৷
হিজাব বনাম বিন্দিঃ ভাইৰেল পোষ্ট
এক্সত এই স্ক্ৰিণশ্বটতো শ্বেয়াৰ হোৱাৰ পাছতেই কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ যে কোম্পানীৰ নীতিয়ে ধৰ্মীয় প্ৰতীকসমূহৰ প্ৰতি অসম আচৰণ কৰিছে৷ লগতে বহুজনে এই পোষ্টত দাবী কৰিছে যে নথিত হিজাব পৰাৰ অনুমতি থাকিলেও বিন্দি, তিলকৰ ব্যৱহাৰত নিষেধাজ্ঞা আছে৷
@peyushbansal য়ে তেওঁৰ কৰ্মীসকলক কৈছে যে হিজাব পিন্ধিব পৰা যাব, কিন্তু বিন্দি, তিলক লগাব নোৱাৰিব৷ @Lenskart_com-ৰ দৰে কোম্পানীয়ে এনে কথা কৈছে, যি কোম্পানী নিজেই ভাৰতৰ দৰে হিন্দু সংখ্যাগৰিষ্ঠ দেশত আছে৷ ইয়াত বেছিভাগ কৰ্মী আৰু গ্ৰাহকেই হিন্দু৷ এই বিশেষ পোষ্টটো দ্ৰুত বিয়পি পৰাৰ পাছতেই @Lenskart_com-ক লৈ আৰম্ভ হৈছে সমালোচনা৷
বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই নীতিত উদ্বেগ প্ৰকাশ কৰিছে আৰু প্ৰশ্ন তুলিছে যে এটা কৰ্মক্ষেত্ৰত ধৰ্মীয় প্ৰতীকৰ প্ৰতি এনে আচৰণ কিয়? এজন ব্যৱহাৰকাৰীয়ে আকৌ লিখিছে, ‘হিন্দু কৰ্মচাৰীসকলৰ বিন্দি পিন্ধাৰ অধিকাৰ দিয়া নাই, তেন্তে হিজাব পিন্ধাৰ অনুমতি কেনেকৈ দিছে? এই দ্বৈত নীতিৰ অৱসান ঘটাবই লাগিব৷ আৰু এজন ব্যৱহাৰকাৰীয়ে লিখিছে এই ব্ৰেণ্ডৰ পৰা ক্ৰয় বিক্ৰয় কৰোতে এতিয়া ভাৱিব লাগিব৷
সমগ্ৰ বিষয়ক লৈ পীয়ুষ বনছালৰ স্পষ্টীকৰণ
ক্ৰমবৰ্ধমান সমালোচনাৰ জবাবত লেন্সকাৰ্টৰ প্ৰতিষ্ঠাতা পীয়ুষ বনছালে এক্সত এটা পোষ্টৰ মাধ্যমেৰে এই বিতৰ্কৰ বিষয়ে কৈছে, প্ৰচাৰিত এই নথিয়ে কোম্পানীৰ বৰ্তমান নীতিৰ প্ৰতিফলন নকৰে৷ আমি লেন্সকাৰ্ট সম্পৰ্কে এক অন্যায়জনক পোষ্ট ভাইৰেল হোৱা দেখিছো৷ আমি মুকলিকৈ ক’ব খোজো যে এই নথি আমাৰ বৰ্তমান নিৰ্দেশিকাৰ প্ৰতিফলন নহয়৷ আমাৰ নীতিমালাত বিন্দি আৰু তিলকসহ কোনো ধৰণৰ ধৰ্মীয় অভিব্যক্তিৰ ওপৰত কোনো বিধিনিষেধ নাই৷ আমি নিয়মিত আমাৰ নিৰ্দেশিকা পৰ্যালোচনা কৰিয়েই আগবাঢ়ো৷’ তেওঁ লগতে কয়, ‘বছৰৰ পাছত বছৰ ধৰি আমি সাজসজ্জা, নীতি বিকশিত কৰিছো৷ এই পুৰণি সংস্কাৰসমূহে আমাৰ আজিৰ পৰিচয়ক তুলি নধৰে৷ এই পৰিস্থিতিয়ে বিভ্ৰান্তি আৰু উদ্বেগৰ সৃষ্টি কৰিছে যদি আমি তাৰ বাবে ক্ষমাপ্ৰাৰ্থী৷ এটা কোম্পানী হিচাপে আমি ক্ৰমাগতভাৱে শিকিছো আৰু নিজৰ উন্নতি কৰিছো৷ আমাৰ ভাষা বা নীতিৰ যিকোনো ত্ৰুটি সংশোধন কৰা হৈছে আৰু ভৱিষ্যতেও সেয়া কৰা হব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















