অসম লাইভ ২৪ঃ কেৱল দৃশ্য উপভোগৰ বাবেই নহয় স্বাদ গ্ৰহণৰ বাবে উপযোগী কৰি তৈয়াৰ কৰা হৈছে এক বিশেষ টেলিভিচন৷ ভিন্ন খাদ্যৰ স্বাদ ল’ব পাৰি এইটো টেলিভিচনৰ জৰিয়তে৷ জাপানৰ এগৰাকী বিজ্ঞানীয়ে তৈয়াৰ কৰিছে এই বিশেষ টেলিভিছন স্ক্ৰীন৷ এই ডিভাইচটোৰ নাম ‘taste the tv’৷ এই বিশেষ টিভিৰ স্ক্ৰীনখন এনেদৰে স্বাস্থ্যকৰ কৰি তৈয়াৰ কৰিছে, য’ত ফিল্মৰ উপৰি বিভিন্ন খাদ্যৰ স্বাদ জিভাৰে ল’ব পৰা যায়৷ জাপানৰ এগৰাকী অধ্যাপকে তৈয়াৰ কৰিছে এই যন্ত্ৰটো৷ প্ৰফেচাৰগৰাকীৰ মতে, বাণিজ্যিকভাৱে এই টিভিৰ মূল্য হ’ব ৮৭৫ মাৰ্কিন ডলাৰ৷ শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব এই বিশেষ টিলিভিচন৷ ৩০ জনীয়া শিক্ষাৰ্থীৰ এটা দলৰ সহযোগত উদ্ভাৱন কৰিছে এই যন্ত্ৰ৷ খাদ্য যেনেঃ চকলেট, পিজ্জা, ট’ষ্ট ব্ৰেড আদিৰ সোৱাদ ল’ব পাৰিব এই স্ক্ৰীনৰ জৰিয়তে৷ বিভিন্ন ফ্লেভাৰৰ স্বাদ স্প্ৰে’ কৰা থাকে স্ক্ৰীনখনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ