অসম লাইভ ২৪ঃ ডুবাইৰ শাসক শ্বেইখ মহম্মদ বিন ৰচিদ অল মাকট্টমৰ তালাক ঘোষণা পত্নী প্ৰিন্সেচ ‘হায়া’ৰ সৈতে৷ ডুবাইৰ শাসকগৰাকীৰ এই তালাক ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল তালাক৷ তালাক চেটেলমেণ্টৰ তালিকাত আছে- বিলাসী অট্টালিকা, ব্যয়বহুল ট্ৰিপ, টকা আৰু অজস্ৰ সা-সম্পত্তি৷ মুঠ ৭০০ মিলিয়ন মাৰ্কিন ডলাৰ খৰছ বহন কৰিছে ডুবাইৰ শাসকগৰাকীয়ে৷ ব্ৰিটিছ ইতিহাসত এইটো এক অন্যতম ব্যয়বহুল তালাক হিচাপে চৰ্চিত হৈছে৷ সম্প্ৰতি চৰ্চাত আছে এই ৰাজকীয় তালাকৰ খবৰ৷ প্ৰিন্সেচ ‘হায়া’ শাসক শ্বেইখ মহম্মদ বিন ৰচিদ অল মাকট্টমৰ ষষ্ঠগৰাকী পত্নী৷ সন্তান আৰু পত্নীৰ ভৱিষ্যতৰ বাবে এই বহৎ পৰিমানৰ খৰচ বহন কৰিছে ব্যক্তিগৰাকীয়ে৷ ইয়াৰ উপৰি প্ৰতিবছৰে পত্নীৰ নিৰাপত্তাৰ খাটিৰত প্ৰদান কৰিব ১১ মিলিয়ন পাউণ্ড৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ