জেনেৰেল মনোজ পাণ্ডেৰ ঠাইত লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী নতুন সেনা প্ৰধান
দেশত নতুন চৰকাৰ গঠন কৰা হৈছে আৰু তাৰ লগে লগে ভাৰতীয় সেনাৰ নেতৃত্বৰ দায়িত্বও লৈছে এজন নতুন বিষয়াই। লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক নতুন সেনা মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। সেনাৰ নৰ্দাৰ্ণ কমাণ্ডৰ হিচাপে থকা দ্বিবেদীয়ে এতিয়া সমগ্ৰ সেনাবাহিনীৰ দায়িত্ব গ্ৰহণ কৰিব। জেনেৰেল মনোজ পাণ্ডেৰ ঠাইত তেওঁ স্থান লাভ কৰিছে।
লেফটেনেণ্ট জেনেৰেল দ্বিবেদীৰ জন্ম হৈছিল ১৯৬৪ চনৰ ১ জুলাইত। মধ্য প্ৰদেশৰ ৰেৱাৰ সৈনিক স্কুলত অধ্যয়ন কৰা দ্বিবেদীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰু আমেৰিকা সেনা যুদ্ধ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ উপৰিও তেওঁ ডি এছ এছ চি ৱেলিংটন আৰু আৰ্মি ৱাৰ কলেজতো অধ্যয়ন কৰিছে। ডিফেন্স আৰু মেনেজমেণ্ট ষ্টাডিজত এমফিল কৰিছে। ইয়াৰ উপৰিও তেওঁ ষ্ট্ৰেটেজিক ষ্টাডিজৰ লগতে মিলিটাৰী ছায়েন্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
নতুন সেনা প্ৰধানগৰাকীক তিনিখন জিঅ’চি-ইন-চি কমেণ্ডেচন কাৰ্ডৰ উপৰিও পৰম বিশিষ্ট সেৱা পদক আৰু আতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে। ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাৰ জম্মু-কাশ্মীৰ ৰাইফলছ ইনফেণ্ট্ৰিত নিযুক্তি লাভ কৰিছিল। প্ৰায় ৪০ বছৰীয়া বিশিষ্ট সেৱা কেৰিয়াৰত লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে বিভিন্ন কমাণ্ড, ষ্টাফ, নিৰ্দেশনামূলক আৰু বহিঃৰাজ্যৰ নিযুক্তিত কাৰ্যনিৰ্বাহ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ