অসম লাইভ ২৪ঃ বিশ্বত দিনকদিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। পুৰুষৰ সমানেই মহিলাসকলো আক্ৰান্ত হৈছে কৰ্কটত। মহিলাৰ কৰ্কট বুলিলেই বেছিসংখ্যকৰে স্তনৰ কৰ্কটয়েই ধৰা পৰে। শুনি আচৰিত হ’লেও পুৰুষৰো স্তন কৰ্কট হয়। প্রাথমিক অৱস্থাত ধৰা পৰিলে এই কৰ্কটত আক্ৰান্ত ব্যক্তি প্ৰায় সংখ্যকেই সুস্থও হৈ উঠে। কিন্তু আমাৰ ৰোগক লৈ থকা অসাৱধানতাৰ বাবেই ৰোগ ধৰা পৰাত অত্যন্ত পলম হয়গৈ। স্তন কৰ্কটৰ পৰা মুক্ত হৈ থাকিবলৈ ২০-৩০ বছৰ বয়সৰ পৰাই সাবধান হোৱাটো অত্যন্ত জৰুৰী। স্তন কৰ্কটৰ পৰা হাত হাৰিবলৈ কি কি সাবধানতা অৱলম্বন কৰিব?
স্তনপানে কৰ্কটৰ আশংকা বহু পৰিমানে কমাই আনে। আমেৰিকাৰ এমডি আণ্ডাৰছন হাস্পতালে কৰা গৱেষণাত পোহৰলৈ আহিছে এই কথা। গৱেষক দলটোৱে প্ৰকাশ কৰা অনুযায়ী কোনো নাৰীয়ে মাতৃ হোৱাৰ পিছত অন্তত ১২ মাহ স্তনপান কৰোৱালে কৰ্কটৰ আশংকা ৪.৩ শতাংস কমি যায়।
দ্বিতীয়তে আহে আমাৰ খাদ্যভাষ। নিউট্ৰিছন-২০২২ লাইভে কৰা গৱেষণাত প্ৰকাশ পোৱা অনুসৰি আমাৰ খাদ্য তালিকাত সেইজীয়া পাচলি, শাক-জাতীয় খাদ্য,বাদাম, নেমু আদি দৈনিক থাকিলে স্তন কৰ্কটৰ আশংকা কমি যায়। যিসকলে প্ৰায় সময়তে ময়দা, চেনী আদি সৰ্বাধিক খায় তেওঁলোকৰ স্তন কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
ওজন বৃদ্ধি। শৰীৰৰ অতিৰিক্ত ওজন বৃদ্ধিও স্তন কৰ্কটৰ অন্যতম কাৰণ। কম বয়সতেই অত্যাধিক ওজন বৃদ্ধিয়ে স্তন কৰ্কটৰ আশংকা বঢ়াই তোলে। তেল-মছলাজাতীয় খাদ্য খোৱাৰ অভ্যাসেও কৰ্কটৰ আশংকা বঢ়াই তোলে।
মদ্যপান আৰু ধূমপানৰ অভ্যাসো কৰ্কট বৃদ্ধিৰ অন্যতম এক কাৰণ। অত্যাধিক পৰিমানে এলকহল সেৱন, সঘনাই কৰা ধূমপানে স্তন কৰ্কটৰ আশংকা বঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ