অসম লাইভ২৪ঃ দুটা দশকতকৈও অধিক সময়। প্ৰায় ২৪ বছৰৰ অন্তত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচন। ১৯৯৬-১৯৯৮ চনত সভাপতি নিৰ্বাচিত হৈছিল সীতাৰাম কেশৰী। ১৯৯৮ ৰ পিছৰে পৰা সুদীৰ্ঘ দুটা দশকৰ অন্তত অনুষ্ঠিত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাড়্গে। ১৭ অক্টোবৰত অনুষ্ঠিত এই নিৰ্বাচনক বহুতেই এক ঐতিহাসিক নিৰ্বাচন বুলি মন্তব্য প্ৰকাশ কৰিছে। কিয়নো বহু বছৰৰ অন্তত এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্য নাই। কংগ্ৰেছৰ ১৩৭ বছৰীয়া ইতিহাসত এই নিৰ্বাচন হ’ব ৬ নম্বৰ নিৰ্বাচন। ১৯৪৭ চনৰ পৰা বৰ্তমানলৈ গান্ধী পৰিয়ালৰ বাহিৰৰ মাত্ৰ ১৪ গৰাকী ব্যক্তিহে সভাপতিৰ আসনত বহিছে। নিৰ্বাচনৰ নিৰপেক্ষতা বজাই ৰখাৰ বাবেই এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্যই ভোটদানো নকৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন? কোনে কোনে এই নিৰ্বাচনত ভোট দিব পাৰে?
কংগ্ৰেছ দলৰ সংবিধানৰ অনুচ্ছেদ নং ১৮-ত সভাপতি পদৰ নিৰ্বাচনৰ কথা উল্লেখ আছে। এই নিৰ্বাচনত ব্লক পৰ্যায়ৰ পৰা বিভিন্ন স্তৰৰ কংগ্ৰেছ সমিতিৰ সদস্যই অংশ ল’ব পাৰে। ব্লক স্তৰৰ কমিটিসমূহে প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক প্ৰতিনিধি নিৰ্বাচন কৰে। ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিসমূহে আকৌ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰতিনিধি নিৰ্বাচন কৰে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি যিয়ে অন্তত এবছৰ ধৰি সেই পদত থাকে লগতে বৰ্তমানো তেওঁ দলৰ সদস্য হৈ থাকে তেৱোঁ এই নিৰ্বাচনত ভাগ ল’ব পাৰে।
দলীয় সভাপতি পদৰ বাবে মনোনয়ন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ চেয়াৰমেনে প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰে। সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে মনোনীত হ’বৰ বাবে প্ৰস্তাৱক হিচাপে অন্তত ১০ জন প্ৰতিনিধি লাগে। মনোনয়ন পত্ৰ জমা দিয়াৰ পিছত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে ৭ দিন সময় দিয়া হয়। যদি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তত মাত্ৰ এজন প্ৰাৰ্থীয়েই ৰৈ যায় তেন্তে নিৰ্বাচন অনুষ্ঠিত নকৰাকৈয়ে তেওঁক সভাপতি বুলি স্বীকৃতি দিয়া হয়। প্ৰাৰ্থী বহুকেইজন হ’লে কোনো এক নিৰ্দিষ্ট দিনত ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছৰ সদস্যসকলে ভোটদান কাৰ্য সমাপন কৰিব লাগে।
কোনে কোনে এই নিৰ্বাচনত ভোট দিব পাৰে? কংগ্ৰেছ দলৰ ভিতৰত এই নিৰ্বাচনত ভোটদান কৰাৰ বাবে ৯ হাজাৰ প্ৰতিনিধি আছে। ২৪ বছৰৰ অন্তত পতা এই নিৰ্বাচনত পোনতে বহুকেইজন কংগ্ৰেছী নেতায়েই প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰকাশ কৰিছিল কংগ্ৰেছৰ ভিতৰচৰাৰ এক বিশেষ সূত্ৰই। কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ভোটগ্ৰহণ কৰা নাই যদিও ৰাহুল গান্ধীয়ে ভোটগ্ৰহণ কাৰ্যত অংশগ্ৰহণ কৰিছে। ‘ভাৰত জোড়ো যাত্ৰা’ত কৰ্ণাটকত থকা ৰাহুলৰ লগতে তেওঁৰ সৈতে যাত্ৰা কৰা ৪০ গৰাকী প্ৰতিনিধিয়ে ভোটদান কাৰ্য সমাপন কৰে।
নিৰ্বাচনৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটকে ধৰি দিগ্বীজয় সিঙৰ নামো চৰ্চা হৈছিল যদিও শেহতীয়াভাৱে আজি শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খড়্গেৰ মাজত আৰম্ভ হৈছে প্ৰতিদ্বন্দিতা। কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি সেয়া সময়তহে পৰিলক্ষিত হ’ব যদিও গান্ধী পৰিয়ালে ভিতৰি মল্লিকাৰ্জুন খড়্গেকেই সভাপতিৰ আসনত বিচাৰিছে বুলিও চৰ্চা অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ