অসম লাইভ২৪ঃ গীতাত হাত থৈ শপত লৈছে মাৰ্কিন ৰাষ্ট্ৰদূত ছেফালী ৰাজজান দুগ্গলে। মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত লোৱা ছেফালী ভাৰতীয়মূলৰ। ১৯৭১ চনত ছেফালীয়ে এগৰাকী কাশ্মীৰী পণ্ডিতৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। পিছলৈ ছেফালীৰ পৰিয়াল পেনছিলভেনিয়ালৈ স্থায়ীৰূপে যায়গৈ। তেতিয়া ছেফালীৰ বয়স আছিল মাত্ৰ ২ বছৰ।
আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী কৃষ্ণাঙ্গ ভাৰতীয়মূলীয় উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল কমলা হেৰিছে। তাৰপিছতেই এইবাৰ ভাৰতীয়মূলৰ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত লৈছে ছেফালীয়ে। নেদাৰলেণ্ডৰ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে ছেফালীয়ে শপত লোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাগবত গীতাত হাত থৈ ছেফালীয়ে লৈছে শপত।
উল্লেখ্য যে, ২বছৰ বয়সতে পেনছিলভেনিয়ালৈ যোৱা ছেফালীয়ে নিউৱৰ্ক ইউনিভাৰ্ছিটিত মিডিয়া ইক’লজিত স্নাতকোত্তৰ ডিগ্ৰী লয়। ১০৯৮ চনত ছেফালীয়ে ৰজত দুগ্গল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শুকুৰবাৰে উপৰাষ্ট্ৰপতি কমলা হেৰিছে মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে ছেফালীক শপত বাক্য পাঠ কৰোৱাই। কমলা হেৰিছে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত শপত বাক্য পাঠ কৰোৱাৰ ছবি শ্বেয়াৰ কৰি কেপছনত লিখা বিশেষ শাৰীকেইটা সকলোতে ভাইৰেল হৈ পৰিছে। কমলা হেৰিছে লিখিছে, ‘ছেফালী নেদাৰলেণ্ডৰ পৰবৰ্তী ৰাষ্ট্ৰদূত। তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছো। তেওঁৰ নতুন যাত্ৰালৈ অশেষ শুভেচ্ছা। ’
ছেফালীয়ে কেইবাবছৰ ধৰি প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ছান-ফ্ৰান্সিকোৰ হিউমেন ৰাইটছ কমিটিৰো সদস্য আছিল ছেফালী। ইয়াৰোপৰি ডেমক্ৰেটিক নেছনেল কমিটিৰ ডেপুটি নেছনেল ফাইনেন্স চেয়াৰমেন হিচাপেও কাম কৰিছিল ছেফালীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ