অসম লাইভ ২৪ঃ একবিংশ শতিকাৰ যুৱপ্ৰজন্মৰ মাজত অতি চৰ্চিত লিভ-ইন সম্পৰ্ক এক সামাজিক ব্যাধি। নৈতিক আৰু সামাজিকভাৱে গ্ৰহণযোগ্য নহয় লিভ-ইন সম্পৰ্ক। পাঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে এই ৰায়। এহাল যুৱক-যুৱতীয়ে কৰা এক আৱেদনৰ ভিত্তিত এই ৰায় প্ৰদান কৰে পাঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে। তেওঁলোকৰ আৱেদন প্ৰত্যাহাৰ কৰি এই ৰায় প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। গুলজা কুমাৰী আৰু গুৰৱিনন্দৰ সিং নামৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ লিভ-ইন সম্পৰ্কৰ সুৰক্ষা বিচাৰি আৱেদন জনাইছিল ন্যায়ালয়ত। শুনানিৰ পাছত লিভ-ইন সম্পৰ্ক নৈতিক আৰু সামাজিকভাৱে গ্ৰহণযোগ্য নহয় বুলি ৰায় প্ৰদান কৰে নায়াধীশ এইচ এছ মদনৰ বিচাৰপীঠে আৰু আৱেদনখন খাৰিজ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ