ডিজিটেল ডেস্কঃ আকৌ ১হাজাৰ কোটি টকাৰ ঋণ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। ইতিমধ্যে এই ঋণ বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰস্তাৱ দাখিল কৰিছে অসম চৰকাৰে। ইফালে এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, তৰুণ গগৈয়ে তেওঁৰ তিনিটা কাৰ্যকালত ৪১ হাজাৰ ৯৬৪ কোটি টকাৰ ঋণ লৈছিল। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে তেওঁৰ এটা কাৰ্যকালতে প্ৰায় ৪৯হাজাৰ কোটি টকাৰ ঋণ লৈছিল। সৰ্বানন্দ সোণোৱালে এই ঋণ লোৱাৰ পাছতে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈছিল ৯০হাজাৰ ৯৬৪কোটি টকালৈ।
সৰ্বানন্দ সোণোৱালৰ পাছতে ৰাজ্যৰ দায়িত্বভাৰ লোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে প্ৰায় ৫৫হাজাৰ কোটি টকাৰো অধিক ঋণ লৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২১-২২বিত্তীয় বৰ্ষত ১৬,৯৫৫কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ২৩,৫৫৩কোটি টকা আৰু ২০২৩-২৪বৰ্ষৰ এতিয়ালৈকে ঋণ লৈছে প্ৰায় ১৫হাজাৰ কোটি টকা। খবৰ অনুসৰি, চলিত বিত্তীয় বৰ্ষ সামৰণি পৰা লৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ৫হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ যোজা কৰিছে।
হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ৫৫হাজাৰ ৫০৮কোটি টকা ঋণ লৈছে। বৰ্তমান অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰত আছে ৪৫হাজাৰৰো অধিক টকাৰ ঋণৰ বোজা। বছৰি প্ৰায় ২৩হাজাৰ কোটি টকা ঋণৰ ওপৰতে নিৰ্ভৰশীল অসম চৰকাৰে কিছুদিনৰ পূৰ্বে চৰকাৰী বণ্ড বন্ধকত থৈ ঋণ লোৱা ঘটনাক লৈ ৰাজ্যৰ সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















