অসম লাইভ২৪ঃ প্ৰথম দফাৰ ভোটগ্ৰহণৰ দুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কৰিলে তৃণমূল কংগ্ৰেছে। কেন্দ্ৰৰ মোদী কি গেৰেণ্টিৰ পাছতেই এইবাৰ দেশবাসীক দিদিৰ ১০ শপতৰ অংগীকাৰ কৰিছে তৃণমূল কংগ্ৰেছে। দিদিৰ সেই ১০ শপত সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰেই নজৰ কাঢ়িছে।
দিদিৰ ১০টা শপত-
১) বৰ্ধিত আয়, শ্ৰমিকক সহায়ঃ সকলো জব কাৰ্ড হল্ডাৰকে ১০০ দিনৰ কামৰ গেৰেণ্টি দিয়া হ’ব। বৰ্ধিত নূন্যতম মজুৰি হ’ব ৪০০ টকা।
২) দেশজুৰি পকী ঘৰঃ দেশৰ সকলো নাগৰিককে নিৰাপদ আৰু পকাৰ আৱাস দিয়াৰ প্ৰতিশ্ৰুতি।
৩) ইন্ধনৰ দাম কমোৱা হ’বঃ প্ৰত্যেক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ পৰিয়ালক বছৰি ১০ টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়া হ’ব।
৪) বহুত হৈছে শাসন, এইবাৰ দুৱাৰত ৰেচনঃ প্ৰতি মাহে প্ৰত্যেক ৰেচন কাৰ্ড হল্ডাৰে ৫ কিঃগ্ৰাঃ বিনামূল্য়ে ৰেচন লাভ কৰিব।
৫) আমাৰ অংগীকাৰ, নিৰাপত্তা সকলোৰে সমানঃ প্ৰান্তীয় জনগোষ্ঠীয় যুৱকৰ উন্নতিৰ স্বাৰ্থত অবিচি, এছ চি, এছ টিৰ বাবে উচ্চশিক্ষা বৃত্তি বঢ়োৱা হ’ব। বৃদ্ধভাট্টা প্ৰতিমাহে এহেজাৰ টকাকৈ দিয়া হ’ব। বাৰ্ষিক ১২ হাজাৰ টকা লাভ কৰিব প্ৰতিগৰাকী বৃদ্ধই।
৬) বৰ্ধিত আয় নিশ্চিত এইবাৰ, অন্নদাতাৰ ওঁঠত উজ্বলিব হাঁহিঃ নুন্যতম সহায়ক মূল্যৰ আইনগত গেৰেণ্টি।
৭) কম দামত পেট্ৰলঃ পেট্ৰল-ডিজেল আৰু চিলিণ্ডাৰৰ দাম হ্ৰাস হ’ব। পেট্ৰলজাত ইন্ধনৰ দাম নিয়ন্ত্ৰণৰ বাবে পৃথক আইন তৈয়াৰ হ’ব।
৮) নিশ্চিত ভবিষ্যৎ অৰ্জন, যুৱশক্তিৰ গৰ্জনঃ ২৫ বছৰ পৰ্যন্ত সকলো স্নাতক আৰু ডিপ্লমা হোল্ডাৰত এই বছৰৰ শিক্ষানৱিশ প্ৰতিশিক্ষণ প্ৰদান কৰা হ’ব। কামৰো সুযোগ লাভ কৰিব। উচ্চশিক্ষাৰ বাবে ১০লাখ পৰ্যন্ত ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ড।
৯) স্বচ্ছ আইন, স্বাধীন ভাৰতঃ CAA বিলুপ্ত কৰা হ’ব। এন আৰ চি বন্ধ কৰা হ’ব। UCC ভাৰতজুৰি প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব।
১০) পশ্চিমবংগ আগুৱাব, আগুৱাব ভাৰতঃ পশ্চিমবংগৰ কন্য়াশ্ৰী প্ৰকল্পৰ সৈতে সামঞ্জস্য ৰাখি ১৩-১৮ বছৰ বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক বাৰ্ষিক হাজাৰ আৰু এককালীন ২৫ হাজাৰ টকা দিয়া হ’ব। কন্য়াশ্ৰীৰ দৰে দেশৰ সকলো মহিলাকে ভাট্টা দিয়া হ’ব। আয়ুষ্মান ভাৰতৰ সলনি স্বাস্থ্য সাথী প্ৰকল্প। যাৰ অধীনত ১০ লাখ টকা পৰ্যন্ত বীমা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ