লছ এঞ্জেলছৰ ভয়াবহ বনজুইয়ে ছাই কৰি পেলালে চহৰ-নগৰ, ১৬ নিহত, ১২ হাজাৰৰো অধিক ঘৰ ধ্বংস
লছ এঞ্জেলছৰ বনাঞ্চলৰ পৰা আৰম্ভ হোৱা অগ্নিকাণ্ডই বৰ্তমানে চহৰখনৰ এক বৃহৎ অংশ ধ্বংস কৰি পেলাইছে। এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ১৬ জনলৈ বৃদ্ধি পাইছে।
লগতে ১২ হাজাৰৰো অধিক ঘৰ ইত্যাদি ধ্বংস হৈছে। ইয়াৰ ভিতৰত বহুতো বিশিষ্ট ব্যক্তি তথা হলীউড তাৰকাৰ ঘৰো আছে।
লছ এঞ্জেলছৰ অগ্নিকাণ্ডৰ বিষয়ে বৰ্তমানে সমগ্ৰ বিশ্বতি চৰ্চা হৈছে কাৰণ এইটোৱেই প্ৰথমবাৰৰ বাবে বনজুইয়ে ইমান বৃহৎ অঞ্চল আগুৰি ধৰিছে।
বিশেষকৈ আমেৰিকাৰ দৰে দেশত য’ত সকলো সম্পদ আৰু সা-সুবিধা উপলব্ধ, তেনে এখন ঠাইত বনজুইয়ে এফালৰ পৰা গ্ৰাস কৰি গৈছে সকলো। এই ঘটনাত এতিয়ালৈকে সন্ধান নাই ১৩ গৰাকী লোকৰ। তাৰোপৰি ১.৫ লাখৰো অধিক লোক গৃহহীন হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















