• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হত শৈশৱ’

‘হত শৈশৱ’

3 weeks ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

49 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

1 hour ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

2 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

3 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

3 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

4 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

4 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

5 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

বেদান্ত বৰাই লিখা 'সমীক্ষণ' আলোচনীৰ এটি গল্প

editor by editor
September 27, 2026
in জীৱনশৈলী, বিবিধ, লেখা, সমীক্ষণ (আলোচনী)
0
‘হত শৈশৱ’
0
SHARES
42
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকাংক্ষিত উৎসাহ-উদ্দীপনা, বন্ধুত্বসুলভ, সম্মুখৰ পথ প্রশস্ত কৰিব পৰা সঁহাৰিসূচক এষাৰি মাতৰ চিৰন্তন সন্ধানে কিদৰে তেওঁৰ শৈশৱৰ দিকধাৰা নিৰ্ণয় কৰিছিল, তাৰ খতিয়ান কাফকাই সেই পত্রযোগে দাঙি ধৰিছিল। দ্য ট্রায়েল, দ্য জাজমেন্ট আদি কাফকাব বহুতো সাহিত্য কর্মত তেওঁৰ শৈশৱৰ সেই কাহিনীবোৰ প্রতিফলিত হোৱা দেখা যায়।

“মাকৰ ড্ৰেছটো দেখিলেনে ছাৰ? সেইবোৰ পিন্ধিনো স্কুললৈ আহিব লাগেনে?”

পল্লবে মোক উদ্দেশ্যি কথাষাৰ ক’বলৈ পালেহে, ডেস্কৰ ইটোমূৰে বহি থকা বৰষা মেডাম জকজকাই উঠিল- “তোমালোক মহিলাৰ সাজ-পোছাকক লৈ ইমান জাজমেন্টেল কিয়হে?”

পল্লবে সেমেনা-সেমেনি কৰি কথা আৰু আগ নবঢ়াই সিমানতে সামবিলে। কোনোবা পুরুষ বা মহিলাই এখন বিদ্যালয়ত ভৰি দিওঁতে, বিশেষকৈ অভিভাৱকৰ ৰূপত, কিবা ড্রেছকোড বা সাজপাৰ পৰিধান কৰাৰ নিয়ম পালন কৰিব লাগেনে? এখন বিদ্যালয়ত ইউনিফৰ্মৰ প্রয়োজনীয়তা কি? শিক্ষক-শিক্ষয়িত্রীয়ে কিধৰণৰ পোছাক পিন্ধা বাঞ্ছনীয়? ‘মৰেল কোড অফ কণ্ডাক্ট’ বোলা বিষয়টো আধুনিক চিন্তাধাৰাৰ প্রতিবন্ধকনে? অৱশ্যে সেয়া এক ভিন্ন বিষয়।

পাছে মাকে পিন্ধা ড্রেছটোক লৈ হয়তো নিৰুপমেও সিদিনা কিছু অশ্বস্তিত ভূগিছিল। সেয়া মই অনুভৱ কৰিছিলোঁ। মই নিজেও সৰু হৈ থাকোঁতে বহুবাৰ মাক লৈ সেইদৰেই অস্বস্তিত পৰা মনত আছে। তাব মনস্তাত্ত্বিক ব্যাখ্যা নিশ্চয় আছে আৰু থাকিব। হয়তো প্রতিটো সন্তানেই জীৱনৰ কিছুমান মুহূর্তত পিতৃ-মাতৃকো অপৰিচিত, অচিনাকিৰ দৰে লক্ষ্য কবে। এয়া বয়ঃসন্ধিব এক অবাঞ্ছনীয় আৰু অনাকাংক্ষিত মুহূর্ত। বহুতো শিশুরেই এনে এক পর্যায়ৰ মাজেৰে গতি কৰে, য’ত তেওঁলোকৰ পিতৃ-মাতৃক চৌদিশৰ সমাজখনে কি স্থান দিয়ে তাকে লৈ তেওঁলোক অত্যধিক সচেতন হৈ পৰে। যৌবনত ভৰি দিয়াৰ লগে লগে তেওঁলোকে নিজৰ সামাজিক পৰিচয় গঢ়ি তোলে। এই সময়তে সমনীয়াই তেওঁলোকৰ মাক-দেউতাকৰ পিন্ধন-উৰণ, আচাৰ-ব্যৱহাৰৰ লগতে আন অভ্যাসৰ প্ৰতি কিধৰণৰ মনোভাব পোষণ কৰে, তাকে লৈও তেওঁলোক চিন্তিত হৈ পৰা দেখা যায়।

বৰষা মেডামৰ প্ৰশ্নটোৰ উত্তৰ ইমান চিধা-চাধা নহয়। সকলো কথাৰে সৰলীকৰণে বহু সময়ত সমাজত বিস্তৰ প্রভাৱ পেলাব পৰা কিছুমান গভীৰ বিষয়ক ধূসৰিত কৰি তোলে। বিশেষকৈ বিদ্যালয়ৰ প্ৰাংগণ কোনো পুৰুষ-মহিলাৰ সামাজিক অধিকাৰ নতুবা নৈতিক তথা চাৰিত্রিক বৈষম্যৰ ‘কোড অফ কণ্ডাক্ট’ৰ হিচাপ নিৰীক্ষণৰ প্রয়োগশালা নহয়। বিদ্যালয়ৰ মজিয়া এটি শিশুৰ চৰিত্ৰ গঠন আৰু বৈষয়িক জ্ঞান প্ৰসাৰৰ এক সামাজিক পৰিসৰহে।

চকীখনত বহি লৈ খিৰিকীৰে বাহিৰত পৰমাণুৰ অন্তিম অৰবিটত থকা ইলেক্ট্রনবোৰৰ দৰে অস্থিৰ হৈ ইপিনৰ পৰা সিপিনলৈ দৌৰি ফুৰা কণমানিবোৰলৈ চাই পঠিয়ালোঁ। সোঁৱৰণিবোৰ যেন সময়ৰ সূতাত এলাজুৰ দৰে ওলমি থকা এসোপা কজলা অনুভূতিৰ ৰমৰমীয়া বজাৰ! মনটো দুটা দশকৰ আগলৈ উৰি গ’ল।

ছোৱালী স্কুলত কাম কৰি কেনে লাগিছে বৰুৱা ছাৰ?”

” দিগন্ত বৰুৱা, মানে মই তেতিয়া চহৰখনৰ একমাত্র ছোৱালী স্কুলখনৰ আন দুই-তিনিজন ডেকা শিক্ষকৰ মাজৰ এজন। বিয়া পতাই নাই। স্কুলৰ মহিলা প্রিঞ্চিপালগৰাকীয়ে চাকৰিত মকৰল কৰোঁতেই সাৱধান কৰি দিছিল- ছোৱালীবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিবা। মই ঘুৰি চাই দেখিলোঁ জেনিফাৰ মেডাম। সৰু ক্লাছবোৰত পঢ়ায়। বগা-গুলপীয়া মুখেৰে সুগঢ়ী মহিলাগৰাকীৰ বয়স হয়তো চল্লিশোর্ধ্ব।

“কিয় সুধিলে মেডাম?” তেখেতৰ মুখেৰে এই আচৰিত ধৰণৰ

অনাকাংক্ষিত প্রশ্নটো শুনি মই ৰৈ গ’লোঁ।

“একো নাই, এনেই। পাছে আপোনাৰ লগত কথা এটা আছিল।”-তেখেতে উত্তৰ দিলে।

কিনো কথা আছে বুলি মই সুধিবলৈ নৌপাওঁতেই তেখেতে নিজেই আবস্ত কবিলে- “আপোনাৰ ঘৰটো তৰুণ নগৰৰ পিনে নহয়নে?”

“নহয় মেডাম। ঘৰ সাজি আছোঁ, বেডী হোৱাগৈ নাই। কিয় বা সুধিলে?”- মই প্রশ্ন কৰিলোঁ। কাযেদি দুগৰাকীমান মহিলা শিক্ষক পাৰ হৈ গৈছিল। তাৰেই এগৰাকীয়ে মোলৈ তির্যক চাৱনিবে চাই গ’ল। সেই কটাক্ষ দৃষ্টিৰ অৰ্থ মই একো বিচাৰি উলিয়াব নোৱাৰিলোঁ।

“আপোনাক সেইপিনে প্রায়েই যোৱা দেখোঁ।” তেখেতে কথা আৰু বঢ়োৱাৰ আগতেই মই আঁতৰি যাবলৈ সাজু হৈছিলোঁহে, তেনেতে তেখেতে পুনৰ মাত লগালে- “সক ছোৱালী এজনীক পঢ়াব লাগিছিল, সময় হ’বনে? সেইপিনেই থাকে।”

পাঁচ হাজাৰ টকা দৰমহা লৈ প্রাইভেট স্কুলত চাকৰি লৈছিলোঁ। ইপিনে পকেটত ঘৰ সজাৰ হেঁচা। অফাৰটো শুনি ভালেই লাগিল। “কোন ক্লাছত পড়ে তাই?”- সুধিলোঁ।

“আমাৰেই স্কুলৰ স্টুডেন্ট, ছিক্সত আছে। পাৰিবনে?”

মই একেবাৰতে ৰাজী হৈ গ’লোঁ।

“মোক কল কৰিবলৈ ক’বচোন।” মোৰ ফোন নম্বৰটো তেখেতৰ হাতত দি আঁতৰি আহিলোঁ। হাতত পোন প্রথমবাৰৰ বাবে মাত্র কেইমাহমানৰ আগতে কিনা ম’বাইল ফোন। ইনকামিং, আউটগ’য়িং সকলোতে খৰচ সেইসময়ত।

সেইদিনা ৰাতিলৈকে একো কল নাহিল। ভাবিলোঁ তেখেতে কি কাৰণে বা মোৰ নম্বৰ সংগ্ৰহ কৰিলে ঠিক নাই। সহকর্মী সেই মহিলাগৰাকীৰ অৰ্থপূর্ণ হাঁহি আৰু পৰবৰ্তী সময়ত স্কুলৰ এজন বয়স্ক, পুৰণি শিক্ষক বার্মা ছাৰৰ কিছু ৰহস্যঘন ভাষ্যই মোক আৰু সন্দিহান কৰি তুলিছিল।

এদিন-দুদিনকৈ এসপ্তাহ পাৰ হৈ গ’ল। যি কি নহওক, আঠ-নদিনমানৰ মুৰত এদিন সন্ধিয়া এগৰাকী মহিলাৰ কল পালোঁ। সেই জেনিফাৰ মেডামে উল্লেখ কৰা টিউচনৰ প্রস্তাৱটো দি মানুহগৰাকীয়ে জীয়েকক পঢ়াবলৈ মোক অনুৰোধ জনালে। বিনা বাক্যব্যয়ে প্রস্তাবটো ধন্যবাদসহকাৰে গ্ৰহণ কৰি তেখেতৰ ঘৰৰ ঠিকনাটো লৈ মই দিন-বাৰ আৰু সময় ঠিক কৰি ল’লোঁ।

কিনকিনীয়া বৰষুণ এজাকে জেঠ মাহৰ দুপৰীয়াটো সেমেকাই তুলিছিল। গেটখন খুলি সোমাই যাওঁতেই ঘৰৰ বাৰাণ্ডাতে বহি থকা মানুহজন আগবাঢ়ি আহিল

“বৰুৱা ছাৰ নহয়নে?” মই নিজৰ চিনাকি দিয়াৰ আগতেই মানুহজনে হাঁহি মাৰি ঘৰৰ ভিতৰলৈ আদৰি লৈ গ’ল। ড্রইং কমতে থকা মিউজিক ছীষ্টেমটোত কম ভলিউমত বাজি আছিল জুবিন গাৰ্গৰ সদ্য মুক্তিপ্রাপ্ত ‘ৰং’ এলবামটোৰ গীত- ‘বৰষা যেতিয়া নামে’। মোক তাতেই বহিবলৈ দি মানুহজন ভিতৰলৈ সোমাই গ’ল। গম পালোঁ, তেখেত নিশ্চয় মই পঢ়াবলৈ অহা ছোৱালীজনীৰ দেউতাকেই হ’ব।

ৰাজীৱ শইকীয়া চহৰৰ ব্যাবসায়িক মহলৰ মাজত এক চিনাকি নাম। সেইসময়ৰ শাসনাধিষ্ঠিত চৰকাৰৰ কোনো প্রতাপশালী মন্ত্রীৰ আত্মীয়। ড্রইং কমটো যথেষ্ট আহল-বহল, সুন্দৰকৈ সজোৱা। ঢুকতে থোৱা মিউজিক ছীষ্টেমটোত তেতিয়াও বাজি আছিল জুবিনৰ গীত। ৰিবন কেছেটৰ যুগ তেতিয়াও শেষ হোৱা নাছিল।

অলপপৰ পাছতে মানুহ এগৰাকীয়ে পানী এগিলাচ হাতত লৈ ওলাই আহিল। মিছেছ শইকীয়া চাগে’- মনতে ভাবিলোঁ। “ছাৰ ময়েই কল কৰিছিলোঁ আপোনাক” পানীৰ গিলাচটো হাতত দি মানুহগৰাকীয়ে হাঁহি মাৰি ক’লে। মাকৰ উচ্চাৰণ শুনি গম পালোঁ তেখেত বঙালী। মানুহগৰাকী দেখাত অসুখীয়া যেন লাগিল। দুই-এষাৰ কথা পতাৰ পাছতেই তেখেতে মোক ভিতৰৰ কোঠা এটালৈ আগবঢ়াই নিলে। শোৱনি-কোঠাত এখন টেবুল আৰু দুয়োপিনে দুখন কাঠৰ চকী। মোক বহিবলৈ কৈ মানুহগৰাকীয়ে জীয়েকক চিঞৰি মাতিলে- “মাইনা, আহা। ছাৰ আহিল।” দুবাৰমান মতাৰ পাছতেই কণমানি এজনী কাষৰ আন এটা কোঠাৰ পৰা ওলাই আহিল। দুহাতেৰে সাবটি বুকুৰ মাজত এখন বহী আৰু দুখনমান কিতাপ। কলম, পেঞ্চিল মাকেই টেবুলত থৈ দিছিল।

তললৈ মূৰ কৰি কোঠাটোলৈ সোমাই অহা ছোৱালীজনীয়ে বহু সময় মোৰ মুখলৈকো নোচোৱাকৈ তললৈ মুখ কৰিয়েই ৰ’ল। “হেল্ল’ মৌ!”

তাইৰ নামটো মৌচুমী। মোৰ বিদ্যালয়ৰ সহকৰ্মী প্রশান্তই দুমাহমান আগতে পঢ়ুৱাইছিল। সিয়েই ছোৱালীজনীৰ বিষয়ে মোক কিছু কথা কৈছিল।

দুবাৰমান মতাৰ পাছত তাই অলপ মুখখন উঠাই মোলৈ চালে। কিন্তু আচৰিত ধৰণেৰে নিশ্চুপ হৈয়েই ব’ল।

“মৌ, বি হেভ টু ন’ ইছ আডাৰ, ৰাইট?…” মই নিজৰ বিষয়ে, নিজৰ কলেজীয়া জীৱনৰ অভিজ্ঞতাৰ বিষয়ে সঁচাই-মিছাই কিবাকিবি কৈ তাইক হঁহুৱাবৰ চেষ্টা কৰিলোঁ। তাই একোৱেই বেছপণ্ড নকৰি মাত্র উকা, আঁচ পৰা বহীখন মেলি ল’লে।

এনেকৈ এমাহ পাৰ হৈ গ’ল। স্কুলত মই তাইক কাচিতহে দেখোঁ। তাইৰ শ্ৰেণী শিক্ষকক তাইৰ বিষয়ে জানিবলৈ সুধিলোঁ। জেনিফাৰ মেডামৰ পৰাও বিশেষ একো উত্তৰ নাপালোঁ। ক্লাছ ছিক্সত পঢ়া বাৰ-তেৰ বছৰ বয়সীয়া এজনী ছোৱালী ইমান নিৰুত্তৰ, নিস্তেজ, নিরুদ্বেগ কিদৰে হ’ব পাৰে? স্কুলতো লগৰ ছোৱালীবোৰৰ সৈতে তাইৰ মাত-বোল যথেষ্ট কম। টিউচনত যেতিয়াই মই তাইক পঢ়াবলৈ যাওঁ তাই বহি থাকে প্রস্তৰ মূৰ্তিৰ দৰে। মাজে মাজে মাক আহে চাহকাপ লৈ। কেতিয়াবা নিজৰ অসুখৰ কথা কয়। প্লে’ হাউছত পঢ়া খটাসুৰ ভায়েকটো কেতিয়াবা দৌৰ মাৰি সোমাই আহে কমটোলৈ। “মই পঢ়াম আহা” বুলিলেই দৌৰি পলায়। বাপেকক লগ পাওঁ মাজে-সময়ে। পাছে মই সদায় সঁহাৰিবিহীন কণমানিজনীক কিদৰে ক’ৰ পৰা পঢ়াবলৈ আৰম্ভ কৰোঁ, সেই সাঁথৰ ভঙাতেই ব্যক্ত হৈ ৰৈছিলোঁ। তাইৰ মুখৰ পৰা দুটামান শব্দ কেনেবাকৈ শুনিবলৈ পোৱাতেই যেন মোৰ শিক্ষকতাৰ সাৰ্থকতা। মোৰ শিক্ষণৰ বেছিভাগ সময় মই মৌচুমীৰ এষাৰ মাত আৰু তাইৰ ওঁঠৰ কোণত চকামকাকৈ খেলি উঠা এটি হাঁহিৰ অন্বেষণতেই খৰচ কৰিবলৈ ল’লোঁ। ইমান দিনে মই লাহে লাহে বুজি উঠিছিলোঁ মোৰ দায়িত্ব কেৱল পাঠ্যপুথিৰ পাঠৰ বিশ্লেষণ কৰাই হৈ থকা নাছিল। কান্ধত তেতিয়া এটি শৈশৱক বিকশিত হৈ ফুলি উঠিবলৈ এক নিৰাপদ বসন্তৰ আগমনৰ বিষয়ে আশ্বস্ত কৰাৰ গধুৰ দায়িত্ব।

ইংৰাজ শিশুৰোগ বিশেষজ্ঞ আৰু মনোবিদ ড’নাল্ড রিনিক’টে লিখিছিল- নিজকে আৱেগিকভাবে অসুৰক্ষিত অনুভৱ কৰিবলৈ লোৱা প্রতিটো শিশুৱে তেওঁৰ নিজৰ প্ৰকৃত সত্তা, স্বাভাৱিক হেঁপাহ, ইচ্ছা আদি ক্রমান্বয়ে প্রতিৰোধহীন অনুপালনৰ আঁৰ চাদৰত লুকুৱাবলৈ শিকে। মানসিকভাবে বাস্তব জগতখনৰ পৰা আঁতৰি যোৱা তেনে শিশুবে কথা কমকৈ ক’ব পাৰে, চকুৰ সংস্পৰ্শ এৰাই চলিব পাৰে, হাঁহি লুকুৱাই ৰাখিব পাৰে আৰু ক্ৰমাৎ এনে এক গহ্বৰলৈ সোমাই যাব পাৰে, য’ত তেওঁ অভিব্যক্তি প্রদর্শনতকৈ মৌনতাকে এক নিৰাপদ আৰু প্রশস্ত পথ বুলি ভাবিবলৈ লয়। বহু সময়ত চৌপাশৰ জগতখনে আকৌ শিশুৰ

তেনে আচৰণক লাজুকীয়া, শান্ত, আজ্ঞাবাহী অথবা বয়সতকৈ অধিক পৰিপক্ক আদি অভিধাৰে ব্যাখ্যা কৰিবলৈ গৈ ভুল কৰে। মৌনতাকে জীৱন যাপনৰ শেষ সমল বুলি ভাবিবলৈ ধৰা এটি শিশুৰ বাবে ইয়াতকৈ ডাঙৰ ট্রেজেডী আৰু কিবা থাকিব পাৰেনে?

বছৰৰ শেষলৈ মার্কশীটত মৌচুমীৰ নম্বৰ কিমান উঠিছিল সেয়া এতিয়া পাহৰণিৰ গৰ্ভত। কিন্তু তাইক পঢ়াবলৈ যোৱা শেষৰ দিনটোত তাই মোৰ স’তে যে বহুপৰ কথা পাতিছিল, সেয়া মই পাহৰা নাই। সেইদিনা তাই হাঁহিছিলো। অৱশ্যে মূৰত হাজাৰটা টেনচন লৈ ফুৰা ভাৰাক্রান্ত কোনো বয়সিয়াল মানুহে দৰে মৌচুমীৰ সেই আচৰিত আচৰণবোৰ মোৰ বাবে এক সাঁথৰ হৈয়েই বৈ গৈছিল।

তাৰ দুই-তিনি বছৰমানৰ পাছত শইকীয়া পৰিয়ালৰ প্রতিবেশী মোৰ পুৰণি বন্ধু মৰমীৰ ঘৰত সন্ধিয়া চাহৰ আড্ডা। কথাৰ মাজতে মৌচুমীৰ কথা ওলালত মৰমীয়ে কৈ গ’ল মৌচুমীৰ ৰুগীয়া মাকৰ কথা, দেউতাকৰ কথা আৰু দেউতাকৰ সেই আমাৰ স্কুলৰ জেনিফাৰ মেডামৰ সৈতে থকা বিবাহ বহির্ভূত সম্পৰ্কৰ কাহিনী। তাই কৈ গৈছিল, আৰু মই বাক্তব্ধ হৈ শুনি গৈছিলোঁ কিদৰে মৌচুমী চিকাৰ হৈছিল বাপেকৰ হিংসুক আচৰণৰ, মাক-বাপেকৰ দ্বন্দ্ব-খৰিয়ালৰ জুইশিখাই চুই গৈছিল দুই সন্তানকো; কিদৰে এসময়ত বোকোচাত তুলি লোৱা তাইৰ দেউতাকে কাজিয়াৰ মাজত তাইক দলিয়াই দিছিল বিছনাৰ তললৈ। মৌচুমীৰ নীৰৱতাৰ শব্দ মই তেতিয়া স্পষ্টকৈ শুনা পাইছিলোঁ। ভয়, শংকা, হতাশাই ধুই নিয়া শৈশৱ। কাফকা অকলশৰীয়া নহয়।

“ছাৰ, কপীবোৰ চেক কৰা হ’ল নেকি?”

হঠাতে ল’ৰা এটাৰ মাতত মোৰ সম্বিৎ ঘূৰি আহিল। ঘূৰি চাই দেখোঁ প্রীতম, আমাৰ ক্লাছ টুৱেলভৰ স্টুডেন্ট। সম্মুখত থকা কাপব’ৰ্ডৰ পৰা সিহঁতৰ বহীবোৰ তাৰ হাতত উঠাই ষ্টাফকমৰ চাৰিওকোণত চকু ফুৰালোঁ। মোৰ পিছপিনে প্রণীতা মেডাম আৰু মেঘালী কিবা গোপন আলোচনাত ব্যস্ত। দহ ফুট দূৰৰ পৰাও একো নুশুনি। গ্রাউণ্ডৰ পৰা পাক এটা মাৰি আহোঁ বুলি চকীখনৰ পৰা থিয় হওঁতেই ষ্টাফদমৰ দুৱাৰ ঠেলি নীলাক্ষি সোমাই আহিল। পুরা মুখত সজাই অনা হাঁহিৰ টোপোলাটো তেতিয়ালৈকে শুকাই নোহোৱা হৈছিলগৈ।

“কেছটো চেটল্ হ’লগৈনে নীলাক্ষি?”- মই উপযাচি সুধিলোঁ। “এহ নক’ব আৰু। গোটেই পাগল ফেমিলী।”- নীলাক্ষিয়ে চকু-মুখ কোঁচাই উত্তৰ দিলে।

ওপৰ মহলাৰ ছিৰিয়েদি নামি গৈ স্কুল অফিচৰ কাযেদি প্লে’ গ্রাউণ্ডৰ পিনে খোজ দিওঁতেই চকুত পৰিল নিৰুপম আৰু মাক প্রিঞ্চিপালৰ অফিচৰ পৰা ওলাই গৈছে। আগে আগে পুতেক, পাছত মাক। স্কুলব মূল গে’টখনৰ দিশে খোজ দি যাওঁতে মন কৰিলোঁ- মহিলাগৰাকীয়ে অলপ ৰৈ বেগত কিবা বিচাৰিছে। কৌতূহলবশতঃ মই ৰৈ দিলোঁ।

সেইটো দেখোন অথনি ল’বিত বহি থাকোঁতে প্রিঞ্চিপালৰ টেবুলত পৰি থকা নিৰুপমৰ বেগৰ পৰা জব্দ কৰা টোপোলাটো। দূৰৰ পৰাই লক্ষ্য কৰিলোঁ- মানুহগৰাকীয়ে সেইটো খুলি তাৰ পৰা জৰ্দাৰ পেকেট এটা উলিয়াই ফালি লৈ গোটেইখিনি মুখত ঢালি সেই টোপোলাটো নিজৰ ভেনিটী বেগত ভৰাই পুনৰ খোজ দিলে।

ধেই লাইফ! সেই যে কাফকাৰ চিঠিখন- সেইখনো পিতৃৰ হাতত কোনোদিন নপৰিলগৈ। পিতৃৰ মৃত্যুৰ পাছত কাফকাই সেয়া উদ্ধাৰ কৰিছিল মাকৰ চন্দুকত।

“চোছনা হে ক্যা, য’ হ’না হে হ’গা, চল পড়ে হে ফিকৰ য়াৰো ধোবে মেঁ উড়া কে… জানে ক্যা হোগা বামা বে…” জুবিনৰ গীতটো স্বতঃস্ফূর্তভাবে মুখেৰে ওলাই আহিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত...

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.