অসম লাইভ২৪ঃ অক্টোবৰৰ এই সপ্তাহতেই কন্যা ৰাশিত সূৰ্য আৰু বুধৰ মিলনত গঠিত হ’ব বুধাদিত্য যোগ। এই ৰাজযোগৰ শুভ প্ৰভাৱত চলিত সপ্তাহত ৫ ৰাশিৰ জাতকৰ ওপৰত। এই সপ্তাহৰ শেষতেই পিতৃপক্ষ শেষ লৈ দেৱীপক্ষ আৰম্ভ হ’ব। এই সময়তেই শাৰদীয় নৱৰাত্ৰিৰ আৰাধনাও কৰা হয়। এই বিশেষ সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদত জীৱনত সুখ আৰু প্ৰেম উপচি পৰিব।
মেষ ৰাশি
প্ৰেমত দিশেৰে এই সপ্তাহটো ভাল হ’ব মেষ ৰাশিৰ জাতকৰ। সঙ্গীৰ সৈতে পাৰস্পৰিক বন্ধন সুদৃঢ় কৰিব। দুৰ্গাপূজাৰ আৰম্ভণিৰ পৰাই মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে।
বৃষ ৰাশি
প্ৰেমৰ সম্পৰ্কত এই সপ্তাহত শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে। নিজৰ সম্পৰ্কক আৰু শক্তিশালী কৰি তোলাৰ সুযোগ লাভ কৰিব। এই সপ্তাহত কোনো কোনো ব্যক্তিৰ সৈতে এই ৰাশিৰ জাতকৰ মতবিৰোধ হ’ব পাৰে। পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব।
কৰ্কট ৰাশি
প্ৰেমৰ ফালেৰে এই সময় শুভ। পৰিয়ালৰ লোকৰ আশীৰ্বাদ লাভ কৰিব। জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। ধন লাভৰ যোগ আছে।
সিংহ ৰাশি
প্ৰেমৰ দিশেৰে এই সপ্তাহটো সিংহ ৰাশিৰ জাতকৰ বাবে ভাল হ’ব। ধনৰ আগমন হ’ব।
ধনু ৰাশি
প্ৰেমত শুভ। সুখ সমৃদ্ধিয়ে ভৰি থাকিব এই সময়। নতুন কামৰ সন্ধান লাভ কৰাৰ সম্ভাৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ