বহুতে ধাৰণা কৰে সন্তানধাৰণত উৰ্বৰতা কেৱল নাৰীৰেই সমস্যা৷ কিন্তু পুৰুষৰ বন্ধ্যাত্ব সম্পৰ্কে আমি বহুতেই নাজানো৷ অলিগোস্পাৰ্মিয়া হৈছে পুৰুষৰ উৰ্বৰতা সংক্ৰান্তিয় এনে এক সমস্যা যাৰ বৈশিষ্ট্য হৈছে শুক্ৰাণুৰ সংখ্যা কম থকা৷ অন্য কথাত যৌন উত্তেজনাৰ চৰম মুহূৰ্তত শৰীৰৰ পৰা যি তৰল নিৰ্গত হয় তাত স্বাভাৱিকৰ তুলনাত শুক্ৰাণুৰ সংখ্যা কম থকা৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে আপোনাৰ প্ৰতি মিলিলিটাৰ বীৰ্যত ১৫ মিলিয়নতকৈ কম শুক্ৰাণু থাকিলে আপোনাৰ শুক্ৰাণুৰ সংখ্যা স্বাভাৱিকৰ তুলনাত কম বুলি ধৰা হয়৷ এই সীমাৰ তলত যিকোনো পৰিমাণক অলিগোস্পাৰ্মিয়া বুলি কোৱা হয়৷
শুক্ৰাণুৰ সম্পূৰ্ণ অনুপস্থিতিক এজোস্পাৰ্মিয়া বুলি কোৱা হয়৷ বীৰ্য পৰীক্ষাৰ মাধ্যমেৰে শুক্ৰাণুৰ পৰিমাণ নিৰ্ণয় কৰা হয়৷ যদি আপোনাৰ গৰ্ভধাৰণত সমস্যা হয় আৰু আপোনাৰ শুক্ৰাণুৰ কিছু সম্ভাৱ্য সমস্যা পৰিক্ষা কৰাৰ বাবে চিকিৎসকে বীৰ্য পৰীক্ষা কৰিব পাৰে৷ এই পৰীক্ষাত শুক্ৰাণুৰ সংখ্যা আৰু গুণমান, সচলতা আৰু অস্বাভাৱিক আৰু স্বাভাৱিক গঠণ পৰীক্ষা কৰা হয়৷ শুক্ৰাণুৰ সংখ্যা ওঠানমা কৰাটো স্বাভাৱিক৷ বিশেষকৈ বয়স বঢ়াৰ লগে লগে৷ কিন্তু এনে কিছু শাৰীৰিক অৱস্থা আৰু জীৱনযাত্ৰাগত কাৰণ আছে যিয়ে অলিগোস্পাৰ্মিয়াৰ আশংকা বঢ়াব পাৰে৷
ই এনে এক অৱস্থা য’ত অণ্ডকোষক ধাৰণকাৰী ছালৰ ভিতৰৰ শিৰাসমূহ স্ফীত হৈ অক্সিডেটিভ ষ্ট্ৰেছ তৈয়াৰ কৰিব পাৰে৷ যিয়ে অণ্ডকোষৰ স্বাভাৱিক ৰক্তপ্ৰবাহত ব্যাঘাত ঘটায় আৰু ইয়াৰ ফলত টেষ্টোষ্টেৰণ উৎপাদন কমি যাব পাৰে৷ বহুতে ধাৰণা কৰে উৰ্বৰতা কেৱল নাৰীৰ সমস্যা, কিন্তু পুৰুষৰ বন্ধ্যাত্বও ভয়ানক৷ অলিগোস্পাৰ্মিয়া হৈছে পুৰুষৰ উৰ্বৰতা সংক্ৰান্তিয় এনে এক সমস্যা, যাৰ বৈশিষ্ট্য হৈছে শুক্ৰাণুৰ সংখ্যা কম থকা৷
সংক্ৰমণ
যৌনবাহিত সংক্ৰমণৰ কাৰণে বীৰ্যত শুক্ৰাণুৰ পৰিমাণ কমি যাব পাৰে৷ অন্য কথাত যৌন উত্তেজনাৰ চৰম মুহূৰ্তত আপোনাৰ শৰীৰৰ পৰা নিৰ্গত তৰলত স্বাভাৱিকৰ তুলনাত শুক্ৰাণুৰ সংখ্যা কম থাকে৷ সেয়ে যিকোনো সংক্ৰমণৰ পৰা সতৰ্ক থাকক৷ কোনো সমস্যা হলে অবিলম্বে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷
ঔষধ
এণ্টিবায়োটিকৰ দৰে ঔষধ আৰু ৰক্তচাপৰ ঔষধে বীৰ্যপাতৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু শুক্ৰাণুৰ সংখ্যা কমাই দিব পাৰে৷ শুক্ৰাণুৰ সম্পূৰ্ণ অনুপস্থিতিক এজোস্পাৰ্মিয়া বুলি কোৱা হয়৷ বীৰ্য পৰীক্ষাৰ মাধ্যমেৰে শুক্ৰাণুৰ স্বল্পতা নিৰ্ণয় কৰা হয়৷ যদি আপোনাৰ গৰ্ভধাৰণত সমস্যা হয় তেতিয়া আপোনাৰ শুক্ৰাণুৰ কিছু সম্ভাৱ্য সমস্যা পৰীক্ষা কৰাৰ বাবে চিকিৎসকে বীৰ্য পৰীক্ষা কৰিব পাৰে৷ এই পৰীক্ষাত শুক্ৰাণুৰ সংখা আৰু গুণমান, সচলতা আৰু অস্বাভাৱিক আৰু স্বাভাৱিক গঠন পৰীক্ষা কৰা হয়৷
ৰেট্ৰোগ্ৰেড ইজাকুলেছন
এয়া এনে এক অৱস্থা য’ত বীৰ্য লিংগৰ অগ্ৰভাগেৰে বাহিৰ হোৱাৰ পৰিবৰ্তে মূত্ৰাশয়ত প্ৰৱেশ কৰে৷ শুক্ৰাণুৰ সংখ্যা কম থাকিলে স্বাভাৱিকভাৱে গৰ্ভধাৰণৰ সম্ভাৱনা নাথাকে৷
হৰমনৰ ভাৰসাম্যহীনতা
মস্তিষ্ক আৰু অণ্ডকোষে কিছু হৰমন তৈয়াৰ কৰে যিয়ে শুক্ৰাণু উৎপাদনৰ বাবে দায়ী৷ এই হৰমনসমূহ যিকোনো এটাৰ ভাৰসাম্যহীনতাই শুক্ৰাণুৰ সংখ্যা কমাই দিব পাৰে৷ মনত ৰাখিব, অলিগোস্পাৰ্মিয়া থকা সত্ত্বেও গৰ্ভধাৰণ কৰা সম্ভৱ৷ শুক্ৰাণুৰ সংখ্যা কম থকা সত্ত্বেও অলিগোস্পাৰ্মিয়াত আক্ৰাণ্ত বহু পুৰুষে সংগীৰ ডিম্বানু নিষিক্ত কৰিবলৈ সক্ষম হয়৷
ওজন
অতিৰিক্ত ওজন বা স্থূলতাই শুক্ৰাণুৰ সংখ্যা কমি যোৱাৰ আশংকা বঢ়ায়৷ অতিৰিক্ত ওজনে আপোনাৰ শৰীৰত শুক্ৰাণু তৈয়াৰীৰ ক্ষমতা কমাই দিব পাৰে৷ সেয়ে কৰ্মপৰিকল্পনাৰ প্ৰথম ধাপ হৈছে বীৰ্য পৰীক্ষা কৰোৱা৷ ইয়াৰ পাছত আপুনি চিকিৎসা পদ্ধতি বাচি চিকিৎসা কৰাওক৷
এলক’হল বা মাদকদ্ৰব্য
মাৰিজুয়ানা, কোকেইনসহ কিছু পদাৰ্থৰ ব্যৱহাৰে শুক্ৰাণুৰ সংখ্যা কমাই দিব পাৰে৷ অতিৰিক্ত মদ্যপানেও একেই কাম কৰিব পাৰে৷ যিসমূহ পুৰুষে ধূমপান কৰে তেওঁলোকে শুক্ৰাণুৰ সংখ্যা অধূমপায়ীসকলৰ তুলনাত কম হব পাৰে৷ অলিগোস্পাৰ্মিয়াত চিকিৎসাই আপোনাৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন ভিন্ন হৈ থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ