আগন্তুক সোমবাৰ ৮ ডিচেম্বৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ বছৰৰ শেষ মাহৰ দ্বিতীয় সপ্তাহত বৃশ্চিক ৰাশিত অৱস্থান কৰিব শুক্ৰ আৰু বুধে৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত লক্ষ্মী নাৰায়ণ ৰাজযোগ শুভ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক সপ্তাহত আৰ্থিকভাৱে বৃহৎ লাভ কৰিব এই ৰাশিৰ জাতকে৷ জানি থওক লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত ৮ৰ পৰা ১৪ ডিচেম্বৰৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
আগন্তুক সপ্তাহত ভাগ্য খুলিব মেষ ৰাশিৰ
নতুন সপ্তাহ বেছ লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত সকলো কামতে ভাগ্যক কাষত পাব৷ ধৰ্মীয় যাত্ৰাৰ যোগ আছে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ হ’ব পাৰে৷ পিতৃৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷ অফিচত পদোন্নতি পাব পাৰে৷ নতুন সপ্তাহত আপুনি কেৰিয়াৰত নতুন দিশা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















