জ্যোতিষমতে মঙলবাৰ হৈছে হনুমানৰ দিন৷ এই দিনটোত হনুমানৰ উপাসনা কৰিলে তেওঁৰ প্ৰিয় এই ৫ ৰাশিৰ জাতকৰ দুৰ্দিন শেষ হয়৷ হিন্দু ধৰ্মত হনুমানক শক্তি, ভক্তি আৰু আত্মসমৰ্পণৰ প্ৰতীক হিচাপে ধৰা হয়৷ তেওঁ শিৱৰ ৰুদ্ৰাৱতাৰ হিচাপেও পৰিচিত আৰু ভক্তৰ ওপৰত তেওঁৰ বিশেষ কৃপা বৰ্ষিত হয়৷ প্ৰতি বছৰে জেঠ মাহৰ প্ৰতিটো মঙলবাৰক বিশেষ মঙলবাৰ হিচাপে পালন কৰা হয়৷ এইবাৰ জেঠ মাহত মুঠ ৫ টা মঙলবাৰ পৰিছে৷
জ্যোতিষমতে এই শুভ দিনটোত বজৰংবলীৰ কৃপাত ৫ ৰাশিৰ জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সাফল্য আহিব৷ কোন এই ভাগ্যবান ৫ ৰাশিৰ জাতক?
মেষ ৰাশি
মঙল গ্ৰহৰ অধিষ্ঠাত্ৰী মেষ ৰাশিৰ জাতকৰ বাবে এই দিনটো অত্যন্ত শুভ৷ হনুমানৰ আশীৰ্বাদত ৰৈ থকা কামসমূহ পূৰ্ণ হব আৰু কৰ্মক্ষেত্ৰত সন্মান আৰু উন্নতিৰ সুযোগ আহিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল অফাৰ পাব৷ এই দিনটোত ৰঙা বস্ত্ৰ আপুনি অৰ্পন কৰিব পাৰে৷ হনুমান চালিছা পাঠ কৰিলেও বিশেষ ফল পাব৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে মঙলবাৰে সৌভাগ্যৰ বাৰ্তা আহিব৷ আৰ্থিক দিশৰ পৰা পৰিস্থিতিৰ উন্নতি হব আৰু বিনিয়োগৰ বাবে এই সময় অনুকূল৷ পাৰিবাৰিক অশান্তি দূৰ হৈ মানসিক শান্তি আহিব৷ ব্যৱসায়ত হঠাৎ লাভ কৰিব পাৰে৷ এই দিনটোত হনুমানক গুড় অৰ্পন কৰাটো শুভ৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ ওপৰত বজৰংবলীৰ বিশেষ কৃপা থাকে৷ কেৰিয়াৰত অগ্ৰগতিৰ প্ৰৱল সম্ভাৱনা৷ ডাঙৰ কোনো সিদ্ধান্ত ল’ব খুজিলে এয়াই উপযুক্ত সময়৷ সন্মান আৰু নেতৃত্বৰ সুযোগ পাব৷ যিসকলে পৰীক্ষা বা প্ৰতিযোগিতাৰ প্ৰস্তুতি লৈছে তেওঁলোকো সফল হব৷ হনুমান মন্দিৰত প্ৰদীপ জ্বলাই ৰাম নাম জপ কৰক৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকে হঠাৎ ধন লাভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ পৰিবৰ্তন আহিব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হব৷ চাকৰিত পদোন্নতি কিংবা ট্ৰেন্সফাৰ হব পাৰে৷ বিদেশ সংক্ৰান্তিয় কামত সফলতা আহিব৷ মঙলবাৰে উপবাসে থাকি হনুমানজিক সেন্দূৰ মিশ্ৰিত তেল অৰ্পন কৰক৷
কুম্ভ ৰাশিৰ বাবে মঙলবাৰৰ দিনটো অত্যন্ত শুভ৷ হনুমানৰ কৃপাত মানসিক চাপ দূৰ হ’ব আৰু জীৱনলৈ ইতিবাচক শক্তিৰ সঞ্চাৰ হব৷ প্ৰেম জীৱনত সুখ আৰু বিবাহিত জীৱনত শান্তি থাকিব৷ পঢ়ুৱৈসকলৰ বাবে সময় অনুকূল৷ এই দিনটোত বজৰং বান পাঠ কৰক আৰু ৰঙা ফুল নিবেদন কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ