হোলীৰ দিনাই বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ, কি শুভ কি অশুভ, কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ
চলিত বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আহি আছে। ২৫ মাৰ্চ সোমবাৰ হোলীৰ দিনাই হ’ব এইবাৰৰ চন্দ্ৰগ্ৰহণ। সোমাবাৰে পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ৩ বাজি ২ মিনিটত শেষ হ’ব গ্ৰহণ। গ্ৰহণৰ মুঠ সময় ৪ ঘণ্টা ৩৬ মিনিট।
এইবাৰৰ এই গ্ৰহণ উপছায়া চন্দ্ৰগ্ৰহণ। অৱশ্যে বছৰৰ এই প্ৰথমটো গ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযাব। আমেৰিকা, জাপান, ৰাছিয়া, স্পেইন, ইটালী, পৰ্টুগাল, আয়াৰলেণ্ড আদি দেশৰ পৰা দেখা পোৱা যাব।
কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ– কম বেছি পৰিমাণে সকলো ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব। মিথুন, মকৰ, সিংহ, আৰু ধনু ৰাশিৰ লোকৰ বাবে এই চন্দ্ৰগ্ৰহণটো বহুতেই শুভ বুলি ধৰা দিব। তাৰ বাহিৰে মেষ, কৰ্কট, কন্যা আৰু কুম্ভ ৰাশিৰ লোকৰ বাবে অশুভ কাৰক আনিব গ্ৰহণে।
কি নকৰিব-
গ্ৰহণৰ সময়ত ক্ৰোধ নকৰিব, অন্যথা অহা ১৫ দিনলৈ ই আপোনাৰ বাবে অশুভ হৈ পৰিব।
গ্ৰহণৰ সময়ত ভোজন নকৰিব। লগতে কোনো পূজা আদিয়ো নকৰিব।
কোনো মৰিশালি বা পথাৰ আদিলৈ নাযাব, কিয়নো এই সময়ত অশুভ কাৰকে গা কৰি উঠে।
কোনো নতুন কামৰ শুভাৰম্ভণি নকৰিব।
কি কৰিব-
গ্ৰহণৰ সময়ত কেৱল নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব।
গ্ৰহণৰ শেষত গা ধুই পৰিষ্কাৰ সাজ পৰিধান কৰি দুখিয়াক দান কৰিব।
গ্ৰহণৰ শেষত সম্পূৰ্ণ ঘৰ শুদ্ধ কৰিব। এনে কৰিলে সকলো নকৰাত্মক শক্তি দুৰ হয় বুলি বিশ্বাস।
গ্ৰহণৰ সময়ত চৰাই-জীৱ-জন্তু আদিক খাদ্য দান কৰিব। এনে কৰিলে পূণ্য হয় বুলি বিশ্বাস।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ