‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য
ছলমান খানৰ ঘৰৰ সমীপত দুই দুৰ্বৃত্তইকৰা গুলিচালনাৰ ঘটনাই যি চাঞ্চল্য সৃষ্টি কৰিছিল, আজি পৰ্যন্ত সেই চাঞ্চল্য মাৰ যোৱা নাই। ঘটনাৰ পাছতে বহু তাৰকাৰ লগতে গন্যমান্য ব্যক্তিয়ে দেখা কৰিলে ছলমানৰ ঘৰত উপস্থিত হৈ।
সেই উদ্দেশ্য আজি মঙলবাৰেও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেইয়ো দেখা কৰে ছলমানক। বান্দ্ৰাস্থিত ছলমানৰ ঘৰত আজি উপস্থিত হৈ ছলমান খানৰ সৈতে কথা বতৰা হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী।
ছলমানৰ লগতে ছলমানৰ পিতৃৰ লগতো কথা-বতৰা হয় একনাথ সিন্দেৰ। দেখা কৰাৰ পাছত যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া সিন্দেই বিষ্ণই গেং শেষ কৰাৰ কথা উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, – মহাৰাষ্ট্ৰ চৰকাৰ সদায়ে ছলমানৰ সৈতে আছে আৰু সদায়ে থাকিব। ইতিমধ্যে ছলমানৰ ঘৰৰ কাষত গুলিচালনা কৰা দুই অভিযুক্তক আটক কৰা হৈছে। দুয়োকে সোধপোচো আৰম্ভ কৰা হৈছে। ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব। কাকো ৰেহাই দিয়া নহব। কোনো গেংষ্টাৰ বা গেঙক ৰেহাই দিয়া নহব। লৰেঞ্চ বিষ্ণইকো শেষ কৰি দিয়া হ’ব।
উল্লেখ্য যে, বিগত দেওবাৰে পুৱা প্ৰায় ৫ মান বজাত দুই দুৰ্বৃততই ছলমান খানৰ ঘৰ গেলেক্সী এপাৰ্টমেণ্টৰ সমুখত গুলিচালনা কৰিছিল। ঘটনাৰ সময়ত পৰিয়ালৰ সৈতে সেই ঘৰতেই আছিল ছলমান।
ঘটনাৰ পাছতে দুয়ো দুৰ্বৃত্তক আটক কৰাৰ বাবে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। পাছত সেই অঞ্চলতেই থকা চিচি টিভিত ধৰা পৰে দুয়ো দুৰ্বৃত্ব। চেহেৰা ফাদিত হোৱাৰ পাছতে আৰক্ষীয়ে সন্ধান চলাই আজি আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে বৰ্তমানলৈ কৰা সোধপোচৰ অন্তত জানিবলৈ দিয়া অনুসৰি আটক হোৱা দুয়ো যুৱক লৰেঞ্চ বিষ্ণই গ্ৰুপৰ লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ