অসম লাইভ ২৪ঃ তেজস্বিতা হেৰাই যোৱাৰ কেইটামান দিন পাৰ হোৱা মাত্ৰকেই পাহৰি পেলাইছে নেকি! তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ ৰাজহুৱা শুনানিত
সাক্ষ্য দিবলৈ নাহিল কোনো দল-সংগঠন অথবা ব্যক্তিবিশেষ। শুনানিৰ বিষয়টোৱে চৰ্চা লাভ কৰাৰ সময়তে গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে তেজস্বিতাৰ গৃহত উপস্থিত হৈ মাজুলীৰ চিকিৎসালয়ত হোৱা নিজা অভিজ্ঞতা বৰ্ণনা কৰে।
মাজুলীৰ জিলা চিকিৎসালয়ত সত্ৰাধিকাৰ গৰাকীৰো ভুল চিকিৎসা কৰিছিল চিকিৎসকে। জনাৰ্দন দেৱ গোস্বামীয়ে কয়, ‘মই প্ৰেছাৰ ষ্ট্ৰোক বুলি ক’লো মোক দিলে গেছৰ বেজি।’ আনহাতে এম্বুলেঞ্চ সন্দৰ্ভতো মন্তব্যত কয়, ‘এম্বুলেঞ্চ দিলেই চিকিৎসা সেৱা উন্নত নহয় যদি বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসা সামগ্ৰী নাথাকে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ