শুক্ৰৰ ৰাশি তুলাত আগন্তুক ১৩ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ২১ মিনিটত মঙলত প্ৰৱেশ কৰিব৷ বৰ্তমান মঙল আছে কন্যা ৰাশিত৷ দুদিন পাছতেই মঙলৰ তুলা ৰাশিত প্ৰৱেশ জ্যোতিষ অনুসৰি অত্যন্ত উল্লেখযোগ্য হব৷ কাৰণ শুক্ৰ আৰু মঙল হৈছে পৰস্পৰৰ বন্ধু গ্ৰহ৷ সেই কাৰণেই তুলা ৰাশিত মঙলৰ গোচৰ কেইবাটাও ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হব৷ জানি থওক মঙলৰ গোচৰত সুদিন উভতিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
মেষ ৰাশিৰ সপ্তম ঘৰত গোচৰ কৰিব মঙলে৷ ইয়াৰ ফলত এই ৰাশিৰ জাতকৰ জীৱনত সুখৰ ৰং বিয়পি পৰিব৷ আৰ্থিক পৰিস্থিতিৰ চকুত লগা উন্নতি হব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে মানসিক দূৰত্ব দূৰ হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব মঙলে৷ এই পৰিস্থিতিত মিথুন ৰাশিৰ জাতকৰ খ্যাতি আৰু প্ৰতিপত্তি বিয়পি পৰিব৷ সমাজত মিলামিছা বাঢ়িব, বহুতৰে সৈতে নতুনকৈ পৰিচিত হব৷ প্ৰতিযোগীৰ পৰা চেলেঞ্জৰ মুখত পৰিব পাৰে৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব৷
তুলা ৰাশি
তুলা ৰাশিতেই প্ৰৱেশ কৰিব মঙলে৷ ৰঙা গ্ৰহৰ গোচৰৰ প্ৰভাৱত সাংসৰিক কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় অত্যন্ত শুভ হব৷ কোনো সুখবৰ লাভ কৰিব পাৰে৷ এনাৰ্জি বাঢ়িব আৰু আৰ্থিকভাৱে বৃহৎ সাফল্য লাভৰ যোগ আছে৷
ধনু ৰাশি
মঙলৰ গোচৰৰ প্ৰভাৱত ১৩ ছেপ্টেম্বৰত নানান দিশৰ পৰা লাভৱান হব ধনু ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ সামাজিক মৰ্যাদা বাঢ়িব৷ বিদেশী যোগাযোগৰ কাৰণে আপুনি উপকৃত হব পাৰে৷ পাৰিবাৰিক ব্যৱসায় ভাল চলিব৷ কোনো আইনী সমস্যা থাকিলে এই সময়ত দূৰ হব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব মঙলে৷ এই সময়ত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হব৷ ব্যক্তিগত সম্পৰ্কত মাধুৰ্য বৰ্তি থাকিব৷ কেৰিয়াৰত বৃহৎ সাফল্য পাব পাৰে৷ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে৷ পৰিয়ালৰ সদস্যসকলক সকলো বিষয়ত কাষত পাব৷ সকলো কাম সহজে সম্পূৰ্ণ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















