সাহস, শক্তি আৰু বীৰত্বৰ গ্ৰহ মঙ্গলে বিগত কেইবামাহ ধৰি দুৰ্বল অৱস্থাত আছে৷ মঙ্গলৰ এই অৱস্থানক অশুভ বুলি ধাৰণা কৰা হয়৷ জ্যোতিষশাস্ত্ৰত কোনো গ্ৰহৰ অস্ত যোৱাক অশুভ বুলি ধাৰণা কৰা হয়৷ ইয়াত সেই গ্ৰহৰ প্ৰভাৱ হ্ৰাস পায় আৰু অশুভ ফল দিয়ে৷ বিগত ১ নৱেম্বৰ ২০২৫ত অস্তগামী হৈছিল মঙ্গল৷ আগন্তুক ২ মে ২০২৬ত সেই অৱস্থাৰ পৰিবৰ্তন হব৷ মঙ্গল অস্ত গলে জীৱনত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হয়৷ কেৰিয়াৰত ডাঙৰ সমস্যা, জীৱনত অবাঞ্ছিত পৰিবৰ্তন, আৰ্থিক ক্ষতি বা জীৱনসংগীৰ সৈতেও মতবিৰোধৰ দৰে ঘটনা ঘটে৷ মঙ্গল বৰ্তমান কুম্ভ ৰাশিত আছে৷ ২ এপ্ৰিলত অস্তগামী অৱস্থাতেই মীন ৰাশিত গোচৰ কৰিব৷ ফলত মঙ্গল আৰু শনিৰ মাজত এক সংযোগ তৈয়াৰ কৰিব৷ শনি আৰু মঙ্গলৰ এই সংযোগে মাৰাত্মক ক্ষতিকৰ প্ৰমাণিত হব৷ ইয়াৰ পাছত ২০২৬ চনৰ ২ মেত মঙ্গল উদিত হ’ব৷ যিয়ে কিছু ৰাশিৰ বাবে স্বস্তি কঢ়িয়াই আনিব৷ কোন কোন উপকৃত হ’ব?
মেষ ৰাশি
বৰ্তমান শনিৰ চাৰে সাতিৰ মাজত আছে মেষ ৰাশিৰ জাতক৷ যিয়ে জীৱনত অত্যন্ত প্ৰতিকূল কৰি তুলিছে তেওঁলোকৰ বাবে৷ কৰ্মজীৱনত সমস্যা আৰু আৰ্থিক সংকটৰ ওপৰিও জীৱনত আৰু নানান সমস্যাই দেখা দিব৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ সেয়ে মঙ্গলৰ উদয়ে এই ৰাশিৰ জাতকৰ জীৱনত স্বস্তি কঢ়িয়াই আনিব৷ কৰ্মজীৱন আৰু আর্থিক সংকটৰ ওপৰিও জীৱনলৈ আৰু নানান সমস্যা আনি দিব৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ সেয়ে মঙ্গলৰ উদয়ে এই ৰাশিৰ জাতকৰ জীৱনত স্বস্তি কঢ়িয়াই আনিব৷ কৰ্মজীৱন আৰু আৰ্থিক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷
সিংহ ৰাশি
মঙ্গলৰ উদয় সিংহ ৰাশিৰ জাতকৰ বাবেও উপকাৰী হব৷ এই ৰাশিৰ জাতকে কৰ্মজীৱনত উন্নতি কৰিব৷ তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ ওপৰিও পদমৰ্যাদাও বৃদ্ধি পাব৷ নেতৃত্ব দিয়াৰ সুযোগ আহিব৷ নতুন দায়িত্ব গ্ৰহণ কৰিব৷ ৰৈ থকা কামসমূহ শেষ কৰিব পাৰিব৷ ফলত স্বস্তি বোধ কৰিব৷
ধনু ৰাশি
মঙ্গলৰ উদয় হ’লে ধনু ৰাশিৰ বাবেও উপকাৰী হব৷ সম্পদ বৃদ্ধি পাব, আয়ৰ নতুন উৎস তৈয়াৰ হব৷ জাতকৰ আয় বঢ়াৰ লগে লগে সঞ্চয় আৰু বিনিয়োগৰ দিশতো মন দিয়ক৷ ঘৰত সুখ বৰ্তি থাকিব৷ বিবাহিত জীৱনত যি একঘেয়ামীতা আছিল সেয়া দূৰ হব৷
মকৰ ৰাশি
মঙ্গল গ্ৰহৰ উদয়ৰ ফলত মকৰ ৰাশিৰ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ যিসকলে দীৰ্ঘদিন ধৰি কৰ্মজীৱনত নানান প্ৰতিকূলতাৰ সন্মুখীন হৈছে তেওঁলোকৰ নতুন সুযোগ সন্মুখলৈ আহিব৷ বকেয়া টকা উভতাই পাব পাৰে৷ প্ৰেমৰ বন্ধন দৃঢ় হব৷ বুজাপৰা বাঢ়িব, মানসিক চাপ কমিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















