অসম লাইভ ২৪ঃ মূৰত চুলিৰ সলনি সোণৰ চেইন৷ ছ’চিয়েল মিডিয়াত ধুমুহাৰ গতিৰে ভাইৰেল মেক্সিকোৰ ‘ৰেপাৰ’ ডেন চাৰৰ এখন বিশেষ ফটো৷ ২৩ বছৰীয়া এইগৰাকী জনপ্ৰিয় শিল্পীয়ে নিজৰ প্ৰাকৃতিক চুলিৰ সলনি তালুত সংৰোপন কৰে সোণৰ চেইনসমূহ৷ ইনষ্টাগ্ৰাম আৰু টিকটিকত ডেন চাৰে শ্বেয়াৰ কৰিছে নিজৰ ‘নিউ লুক’৷ অনুৰাগীৰ মাজত অতি চৰ্চিত হৈ পৰিছে এই ফটো আৰু ভিডিঅ’সমূহ৷ এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে সংৰোপন কৰা হৈছে চেইনসমূহ৷ ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ লগতে এনেধৰণেৰে নিজৰ ৰূপ সলনি কৰা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে নিজকে দাবী কৰিছে ডেন চাৰে৷ লগতে তেওঁৰ দাবী, তেওঁৰ শেহতীয়া এই ‘নিউ লুকে’ কেৰিয়াৰৰ ক্ষেত্ৰতও তেওঁক সহায় কৰিব৷ কাৰণ বিশ্বৰ ভিন্ন প্ৰান্তৰ ৰেপাৰ সকল কেৱল তেওঁলোকৰ সৃষ্টিশীল মিউজিকৰ বাবেই নহয়, এনেঘৰণৰ নাভূত-নাশ্ৰুত ঘটনাৰ বাবেও সদায়েই চৰ্চাৰ শীৰ্ষত থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ