অসম লাইভ ২৪:
‘‘তীখাৰ আখৰে লিখা তাৰ নাম
যেন এটা জ্বলন্ত ইঞ্জিন
সাঁতোৰি তালে তালে গান গাই সুহুৰি দি
ৰংমনে কাম কৰে ৰাতি-দিন’’
(পল ৰবছন, অনুবাদ হেমাংগ বিশ্ব)
আজি ১ মে’। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। শ্ৰমিক দিৱসৰ দিনটোত বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত শ্ৰমিকসকলক চৰকাৰীভাৱে ছুটী দিয়ে। শ্ৰমিক দিৱস পালন কৰাৰো আছে ইতিহাস। ১৮৮৬ চনৰ ১ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিকাগো নগৰৰ ‘হে মাৰ্কেট’ত শ্ৰমিকসকলে ৮ ঘণ্টা শ্ৰমদানৰ দাবীত কৰিছিল আন্দোলন। ইয়াৰ পূৰ্বে শ্ৰমিকসকলে ১০ৰ পৰা ১২ ঘণ্টা শ্ৰম কৰিবলগীয়া হৈছিল। শ্ৰমিকসকলে ৮ ঘণ্টা শ্ৰমদানৰ দাবীত কৰ্তৃপক্ষক সময় বান্ধি দিছিল ১৮৮৬ চনৰ ১ মে’ তাৰিখ। এই আন্দোলনত শ্ৰমিকসকলৰ ওপৰত গুলী চলোৱা হৈছিল। যাৰ ফলত ছহিদ হৈছিল ১১ জন শ্ৰমিক। পৰৱৰ্তী সময়ত ৬ জন শ্ৰমিকক ফাঁচী দিয়া হৈছিল। অৱশ্যে শেষত শ্ৰমিকসকলৰ দাবীয়ে লাভ কৰিছিল প্ৰশাসনিক স্বীকৃতি। সেয়েহে ১ মে’ তাৰিখে শ্ৰমিকৰ দাবী আদায় দিন হিচাপে বিশ্বব্যাপী আজিও শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ