অসম লাইভ২৪ঃ হিন্দী চিনেমাজগতত শতাধিক ছবিয়ে বক্স অফিচত ১০০ কোটি টকা উপাৰ্জন কৰিছে। শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰ, হৃদিক ৰোশন, অজয় দেৱগান, ৰণবীৰ সিঙৰ দৰে তাৰকাই এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। তেওঁলোকৰ ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। কিন্তু কোন তাৰকাই কেৰিয়াৰত সৰ্বাধিক বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে জানেনে?
২০০৮ চনত ছবিগৃহত মুক্তিলাভ কৰিছিল আমিৰ খান অভিনিত ‘গজিনী’য়ে। আমিৰৰ বিপৰীতে সেই ছবিত অভিনয় কৰিছিল আছিনে। মুক্তিৰ লগে লগেই ‘গাজিনী’ ছবিখনে বক্স অফিচত ১০০কোটি আয় কৰিবলৈ সক্ষম হৈছিল। হিন্দী চিনেমাজগতত ‘গজিনী’য়েই প্ৰথম ছবি যিয়ে বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছিল। ‘গজিনী’ মুক্তিৰ পিছত অইন বহু চিনেমাই বক্স অফিচত ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে যদিও আমিৰৰ ‘গজিনী’ ১০০ কোটি আয় কৰা বলীউডৰ প্ৰথমখন চিনেমা।
বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰামতে ১০০ কোটি আয় কৰা চিনেমাৰ ভিতৰত সৰ্বাধিক ছবি হৈছে অক্ষয় কুমাৰৰ। অক্ষয় কুমাৰৰ ১৫ খন চিনেমাই এতিয়ালৈকে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
অজয় দেৱগনৰো কেইবাখনো ছবিয়ে ১০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে। অজয় দেৱগন অভিনীত মুঠ ১২খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ১০০ কোটিৰ তালিকাত তৃতীয়তে নাম আছে শ্বাহৰুখ খানৰ। শ্বাহৰুখৰ কেৰিয়াৰৰ মুঠ ৮খন ছবিয়ে ১০০কোটিৰ ঘৰ অতিক্ৰম কৰিছে। আমিৰৰ ছবিয়েই প্ৰথমে বলীউডত ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিলেও চিনেমাৰ তালিকাত আমিৰৰ ছবি আছে ৪ নম্বৰতহে। আমিৰৰ মুঠ ৬খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।
আমিৰৰ পিছতেই আছে অভিনেতা হৃতিক ৰোছনৰ ছবি। হৃতিকৰো মুঠ ৬খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। এই সকলোবোৰ অভিনেতাক টক্কৰ দি সকলোতকৈ ওপৰত আছে ছলমান খান। ভাইজানৰ অধিকাংশ ছবিয়েই ১০০ কোটি ঘৰ অতিক্ৰম কৰে। ২০১০ চনৰ পৰা ভাইজানৰ ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। দাবাঙেৰে আৰম্ভ কৰি ৰেডী, বডীগাৰ্ড, এক থা টাইগাৰ, দাবাং-২, জয় হো, কিক, বজৰংগী ভাইজান, প্ৰেম ৰতন ধন পায়ো, ছুলতান, টিউবলাইট, টাইগাৰ জিন্দা হে, ৰেছ-৩, ভাৰত, দাবাং-৩ কে ধৰি মুঠ ১৬ খন ছবিয়ে ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। বলীউডৰ অভিনেতাসকলৰ ভিতৰত বক্স অফিচত সৰ্বাধিক ১০০ কোটি আয় কৰা চিনেমাৰে ছলমান খানেই ওপৰত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ