প্ৰেম এক অপাৰ্থিৱ সুখৰ অনুভূতি। প্ৰেমত কোনোবাই সঠিক মৰম আৰু আন কোনোবাই প্ৰতাৰণাও সহ্য কৰিব লগা হয়। কিন্তু কেতিয়াবা প্ৰেমত পৰি বহু যুৱক-যুৱতীয়ে ভুল সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে আপুনি প্ৰেমত পৰাৰ পূৰ্বে সকলোৱে সাৱধান হোৱা উচিত। কেতিয়াবা আমি প্ৰথম দেখাতে প্ৰেমত পৰো, কিন্তু সেই প্ৰেম সঁচা নে চলনা তাক ভালদৰে জানি লৈহে প্ৰেমত পৰিব লাগে। কিছুমান ক্ষেত্ৰত ই সফল হ’লেও আন কিছুমান ক্ষেত্ৰত বিফল হোৱা দেখা যায়। বিশেষকৈ পুৰুষসকল প্ৰেমত পৰাৰ পূৰ্বে সাৱধান হ’ব লাগে, কিয়নো আজিকালি বহু নাৰীয়ে চলনা কৰি পুৰুষৰ সকলো লুটি লৈ যায়। গতিকে এনে ক্ষেত্ৰত কিদৰে সতৰ্ক হ’ব জানি লওক…
- অতিৰিক্ত মৰম আৰু প্ৰশংসা: যদি কোনো মহিলাই অতি কম সময়তে আপোনাক প্ৰশংসাৰে উপচাই পেলাইছে, তেন্তে সাৱধান হওক।
- আৰ্থিক সহায়ৰ অনুৰোধ: সম্পৰ্কৰ আৰম্ভণিতেই বিভিন্ন অজুহাতত টকা-পইচা বিচাৰিলে সেয়া এক ডাঙৰ বিপদৰ সংকেত হ’ব পাৰে।
- গোপনীয়তা ৰক্ষা: নিজৰ পৰিয়াল বা অতীতৰ বিষয়ে একো নকৈ কেৱল আপোনাৰ ব্যক্তিগত তথ্য লবলৈ বিচাৰিলে সতৰ্ক থাকক।
- আৱেগিক ব্লেকমেইল: সৰু সৰু কথাতে কান্দি বা দুখ প্ৰকাশ কৰি আপোনাৰ পৰা কিবা আদায় কৰিবলৈ চেষ্টা কৰিলে বুজিব যে কিবা খেলিমেলি আছে।
পুৰুষে ল’বলগীয়া পদক্ষেপ
- ধৈৰ্য্য ধৰক: যিকোনো নতুন সম্পৰ্কত খৰখেদাকৈ আৱেগিক বা আৰ্থিক সিদ্ধান্ত নল’ব।
- তথ্য পৰীক্ষা কৰক: যিগৰাকী মহিলাই আপোনাক প্ৰলোভিত কৰিছে, তেওঁৰ সামাজিক পৃষ্ঠভূমি বা পৰিচয়ৰ বিষয়ে নিশ্চিত হওক।
- ব্যক্তিগত সীমা নিৰ্ধাৰণ: নিজৰ বেংক একাউণ্ট, পাছৱৰ্ড বা অতি ব্যক্তিগত কথা লগে লগে শ্বেয়াৰ নকৰিব।
- বন্ধুবৰ্গৰ পৰামৰ্শ: কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ আমি ভুলবোৰ নেদেখো, সেয়ে বিশ্বাসী বন্ধুৰ মতামত লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













