• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

5 months ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

33 minutes ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

59 minutes ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

1 hour ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

2 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

16 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

16 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

17 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

18 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

editor by editor
April 26, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
0
SHARES
996
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান মহিলাসকলৰ মাজত ছাৰ্ভাইকেল কৰ্কটত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, যি এক চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিছে। বহু মহিলাই প্ৰথম অৱস্থাত লক্ষণবোৰক  সৰু সমস্যা বুলি ভাবি আওকাণ কৰে, যাৰ ফলত ক্ৰমান্বয়ে ৰোগ অধিক গুৰুতৰ হৈ পৰে। আচৰিত কথা এয়াই যে কেৱল মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো কমাই দিলেই এই সমস্যা নহয়৷  পুৰুষৰ কিছুমান অভ্যাসৰ বাবেও এগৰাকী মহিলাৰ হ’ব পাৰে ছাৰ্ভাইকেল কেন্সাৰ৷ কিন্তু সময়মতে প্ৰতিৰোধ আৰু সজাগতাৰ দ্বাৰা এই ৰোগ দ্ৰুতগতিত বিয়পি পৰা ৰোধ কৰিব পৰা যায়।

ছাৰ্ভাইকেল কেন্সাৰ কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয়?

মহিলাৰ জৰায়ুৰ তলৰ অংশ অৰ্থাৎ ছাৰ্ভাইক্সত হোৱা কৰ্কট ৰোগ হ’ল ছাৰ্ভাইকেল কেন্সাৰ। প্ৰায়ে হিউমেন পেপিলোমা ভাইৰাছ (HPV) সংক্ৰমণৰ বাবে ই বিকশিত হয়। এই ভাইৰাছ অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে, যাৰ ফলত ইয়াক আওকাণ কৰাটো বিপদজনক হৈ পৰে। প্ৰথম অৱস্থাত এইচ পি ভি সংক্ৰমণৰ ফলত কোনো ডাঙৰ লক্ষণ দেখা নাযায় যদিও সংক্ৰমণ দীৰ্ঘদিন ধৰি থাকিলে জৰায়ুৰ মুখৰ কোষত পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে, যিটো পিছলৈ কেন্সাৰত পৰিণত হ’ব পাৰে। সময়মতে পৰীক্ষা কৰিলে ইয়াক প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলাব পাৰি, অৱহেলা কৰিলে মৃত্যু হ’ব পাৰে।

পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

কিছুমান অভ্যাসে মহিলাৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে, যেনে-

  • অসুৰক্ষিত যৌন সম্পৰ্ক আৰু কণ্ডম ব্যৱহাৰ নকৰা।
  • এজনতকৈ অধিক সংগী থকা।
  • ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন নোলোৱা৷
  • যৌন সংক্ৰমণ হোৱাৰ পিছতো চিকিৎসা নকৰা৷
  • সংগীৰ সন্মুখত অবিৰতভাৱে ধূমপান কৰা।
  • বিশেষজ্ঞসকলৰ মতে এই অভ্যাসসমূহে এইচ পি ভি সংক্ৰমণ আৰু অন্যান্য সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পিছলৈ ছাৰ্ভাইকেল কেন্সাৰ হ’ব পাৰে।

পিৰিয়ডৰ সময়ত যৌন সম্পৰ্ক স্থাপন কৰাটো কিমান নিৰাপদ?

বহুতে ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক স্বাভাৱিক বুলি গণ্য কৰে যদিও বহু চিকিৎসকে ইয়াক সম্পূৰ্ণ নিৰাপদ বুলি নাভাবে। তথ্য অনুসৰি এই সময়ছোৱাত মহিলাৰ জৰায়ুৰ মুখ অধিক সংবেদনশীল হয়, যাৰ ফলত সংক্ৰমণ, ৰক্তক্ষৰণ আদিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদিও ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্কৰ ফলত প্ৰত্যক্ষভাৱে ছাৰ্ভাইকেল কেন্সাৰ নহয়, তথাপিও যদি ইতিমধ্যে এইচ পি ভি সংক্ৰমণ থাকে তেন্তে ইয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে ঋতুস্ৰাৱৰ সময়ত যৌন সম্পৰ্ক পৰিহাৰ কৰাটোৱেই উত্তম।

এই লক্ষণসমূহ আওকাণ নকৰিব, ছাৰ্ভাইকেল কেন্সাৰৰ লক্ষণ

ছাৰ্ভাইকেল কেন্সাৰৰ পৰা হাত সাৰিবলৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত অস্বাভাৱিক লক্ষণ দেখা গৈছে তেন্তে সেইবোৰক আওকাণ কৰিলে পাছলৈ সমস্যা হব পাৰে৷ ইয়াক প্ৰতিৰোধ কৰিবলৈ এই গুৰুত্বপূৰ্ণ কথাবোৰ মনত ৰাখিব

এইচ পি ভি ভেকচিন লোৱাটো নিশ্চিত কৰকঃ চিকিৎসকৰ মতে এইচ পি ভি ভেকচিনক ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত অতি সহায়ক বুলি গণ্য কৰা হয়, সেয়েহে সঠিক বয়সত এই ভেকচিন লোৱাটো মহিলাৰ বাবে উপকাৰী হ’ব পাৰে।

নিয়মীয়াকৈ শৰীৰৰ পৰীক্ষা কৰকঃ যদি কোনো মহিলাৰ বয়স ২১ বছৰৰ ওপৰৰ বা বিবাহিত হয়, তেন্তে সময়ে সময়ে স্ক্ৰীনিং টেষ্ট কৰাটো গুৰুত্বপূৰ্ণ যাতে আগতীয়া পৰিৱৰ্তন সময়মতে ধৰা পেলাব পৰা যায়।

অস্বাভাৱিক লক্ষণসমূহ আওকাণ নকৰিব: যদি যৌন সম্পৰ্কৰ পিছত তেজ ওলোৱা, যোনীত বিষ, দুৰ্গন্ধযুক্ত স্ৰাৱ, মাহেকীয়াৰ মাজত অত্যধিক ৰক্তক্ষৰণ, বা স্থায়ী দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে, তেন্তে আপুনি তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

নিৰাপদ যৌন সম্পৰ্ক অভ্যাস কৰকঃ কণ্ডম ব্যৱহাৰ কৰা আৰু একাধিক সংগীৰ পৰা আঁতৰি থাকিলে এইচ পি ভি সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

ধূমপান আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ পৰা আঁতৰি থাককঃ  ধূমপান, ধঁপাত আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে, যাৰ ফলত গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.