জ্যোতিষশাস্ত্ৰ অনুসৰি বুধ গ্ৰহ বুদ্ধি, কমিউনিকেছন, ব্যৱসায়, যুক্তি, বুদ্ধিমত্তা আৰু দ্ৰুত চিন্তা-ভাৱনাৰ প্ৰতীক৷ বুধৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ কথা কোৱাৰ ধৰণ, চিন্তা কৰাৰ ক্ষমতা আৰু শিকাৰ প্ৰক্ৰিয়া কেনে হ’ব! সেই বুধ গ্ৰহই এইবাৰ সলনি কৰিছে নিজৰ স্থান৷ গোচৰ হ’ব পাপী গ্ৰহ বুলি কেতুৰ নক্ষত্ৰত৷ যদিও কেতুৱে মানুহক মুক্তিৰ মাৰ্গ দেখুৱাই৷ ২৯ ডিচেম্বৰ মূলা নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ যাৰ প্রভাৱ সমগ্ৰ ৰাশিচক্ৰত পৰিব৷ বিশেষভাৱে প্ৰভাৱ দেখা যাব তিনিটা ৰাশিৰ ওপৰত৷
২৯ ডিচেম্বৰ ২০২৫, সোমবাৰে পুৱা ৭.২৭ মিনিটত মূলা নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ ইয়াৰ ফলত ১২টা ৰাশিৰ ওপৰত শুভ আৰু অশুভ উভয় প্ৰভাৱ পৰিব পাৰে৷ বিশেষকৈ ৩ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ বুলি প্ৰতিপন্ন হ’ব পাৰে৷ জানি থওক কোন ৩ ৰাশিৰ জীৱনত পৰিব শুভ প্ৰভাৱ?
বৃষ ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?
কেতুৰ নক্ষত্ৰত বুধৰ গোচৰে বৃষ ৰাশিৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ বুধৰ প্ৰভাৱত ব্যৱসায়িক সাফল্য নিশ্চিত হ’ব৷ এই ৰাশিৰ জাতকৰ কথাবাৰ্তাও আৰু আকৰ্ষণীয় হৈ উঠিব পাৰে৷ অৰ্থ উপাৰ্জনৰ আববে একাধিক পথ খুলিব৷ আয় বাঢ়িব৷ কথাবাৰ্তাত আৰু মিঠা ভাৱ আহিব৷ বাকপটু হোৱাৰ ফল পাব কেৰিয়াৰত৷ কেৰিয়াৰত নতুন উচ্চতা অৰ্জন কৰিব পাৰে৷ জীৱনত সুখ বৃদ্ধি পাব৷ এই সময় বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷
মিথুন ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?
মূলা নক্ষত্ৰত বুধৰ গোচৰত লাভৰ পথ খুলিব মিথুন ৰাশিৰ জাতকৰ বাবে৷ ব্যৱসায়িক দিশৰ পৰা বৃহৎ লাভৰ সম্ভাৱনা আছে৷ মিথুন ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে৷ নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে এয়া উপযুক্ত সময়৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল৷ এই ৰাশিৰ জাতকৰ চাঞ্চল্য বাঢ়িব পাৰে৷
সিংহ ৰাশিৰ জাতকৰ জীৱনত কি প্ৰভাৱ?
কেতুৰ নক্ষত্ৰত বুধৰ গোচৰ সিংহ ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিব৷ কৰ্মজীৱনত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে৷ ডাঙৰ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে এই সময় ভাল৷ পুৰণি পৰিকল্পনা অনুসৰি কাম কৰিলে শুভ ফলাফল পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ প্ৰিয় মানুহৰ সৈতে বেছি সময় কটাব৷ সম্পৰ্কৰ বন্ধন দৃঢ় হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















