ছেপ্টেম্বৰ মাহত ব্যৱসায় আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধে দুবাৰকৈ ৰাশি পৰিবৰ্তন কৰিব৷ চন্দ্ৰৰ পাছতেই বুধে সকলোতকৈ দ্ৰুতগতিত ভ্ৰমণ কৰে৷ ছেপ্টেম্বৰ মাহৰ ৪তাৰিখে বুধে সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ তাৰপাছতেই ২৩ ছেপ্টেম্বৰত স্বৰাশি কন্যালৈ আহিব এই গ্ৰহ৷ অৰ্থাৎ আগন্তুক মাহত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰিব৷ একে মাহত দুবাৰ ৰাশি সলনি কৰি বুধে কেইবাটাও ৰাশিৰ ভাগ্যোন্নতি ঘটাব৷ এই সময়ত তিনি ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব৷ ছেপ্টেম্বৰত বুধে দুবাৰ ৰাশি পৰিবৰ্তন কৰাৰ পাছত কোন কোন ৰাশিৰ জাতকৰ সৌভাগ্য উদয় হ’ব?
মিথুন ৰাশি
ছেপ্টেম্বৰ মাহত বুধৰ দুবাৰ ৰাশি পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ তৃতীয় আৰু চতুৰ্থ স্থানত এই গোচৰ হ’ব৷ আপোনাৰ সাহস আৰু পৰাক্ৰম বাঢ়িব৷ ভৌতিক সুখ লাভ কৰিব৷ আয়ৰ নতুন উৎস বাঢ়িব৷ আপোনাৰ মাজত পৃথক আত্মবিশ্বাস পৰিলক্ষিত হ’ব৷ স্বাস্থ্য ভালে থাকিব এই ৰাশিৰ জাতকৰ৷ বাহন আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সামাজিক ভাৱমূৰ্তি প্ৰৱল হ’ব৷
সিংহ ৰাশি
বুধৰ দুবাৰ ৰাশি পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ এই ৰাশিৰ লগ্ন আৰু ধন স্থানত বিচৰণ কৰিব বুধে৷ এই সময়ত সিংহ ৰাশিৰ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰোপৰি কৰ্মশৈলী উন্নত হ’ব৷ এই সময়ত বৌদ্ধিক ক্ষমতা উন্নত হ’ব৷ ব্যৱসায়ীসকলে ব্যৱসায় বিস্তাৰত সক্ষম হ’ব৷ আকস্মিক ধনলাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত অসাধাৰণ ফল লাভ কৰিব এই ৰাশিৰ জাতকে৷ বাণীৰ প্ৰভাৱ বাঢ়িব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে বুধৰ গোচৰ অনুকূল৷ ছেপ্টেম্বৰ মাহত বুধে এই ৰাশিৰ নৱম আৰু দশম স্থান ভ্ৰমণ কৰিব৷ এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ছাত্ৰছাত্ৰীসকলে পৰীক্ষাত বৃহৎ সাফল্য লাভ কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু দৰমহাবৃদ্ধিৰ সম্ভাৱনা৷ দেশ বিদেশ যাত্ৰা কৰিব পাৰে৷ ধৰ্মীয় আৰু শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ৷ লাভৰ একাধিক সুযোগ পাব এই ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ