এইবাৰ ৰক্ষা নাপাব ইছলামিক উগ্ৰপন্থীয়ে। বিশেষকৈ ইছলামিক ষ্টেটৰ বিৰুদ্ধে পূৰ্বতকৈও ভয়াৱহ অভিযান আৰম্ভ হ’ব। মুঠতে পুলিয়ে পোখায়ে উভালি পেলোৱা হ’ব ইছলামৰ নামত আতংকৰ সৃষ্টি কৰা আইছিছক।
SEE MORE: জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?
আইছিছৰ প্ৰভূত্ব থকা ইৰাকৰ পশ্চিম অঞ্চলত আৰম্ভ হৈছে ব্যাপক অভিযান। খবৰ অনুযায়ী ইৰাকৰ স্থল আৰু বায়ুসেনাই আইছিছৰ আত্মগোপনস্থলীত শনিবাৰে পুৱাৰ ভাগতে তীব্ৰ আক্ৰমণ চলায়। ইছলামিক উগ্ৰপন্থী সংগঠনটোক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে সামৰিক বাহিনীয়ে।
SEE MORE: CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়
ইয়াৰ অন্যথা কোনো এটা উগ্ৰপন্থীকে জীৱিত অৱস্থাত নাথাকিব বুলি হুংকাৰ দিছে গৰাকী সেনাৰ উচ্চ পদাধিকাৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ