পুনৰ আন এক হত্যাকাণ্ড সংঘটিত হৈছে। বাইকত অহা ২ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে এজন সোণৰ ব্যৱসায়ীৰ পুত্ৰক। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তীপুৰ জিলাত। সোমবাৰে জিলাখনৰ দলসিংহচৰাই থানা এলেকাৰ অন্তৰ্গত পাগদা গাঁৱত এই ঘটনা সংঘটিত হয়। নিহত যুৱকজনক ৰাজকুমাৰ পোড্ডাৰৰ পুত্ৰ ৰাকেশ কুমাৰ পোড্ডাৰ বুলি চিনাক্ত কৰা হৈছে। এই হ*ত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃ*তদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে, হ*ত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।
জানিব পৰা মতে, সোমবাৰে দোকান বন্ধ কৰি ঘৰলৈ উভতি আহিছিল ৰাকেশ কুমাৰ পোড্ডাৰ। সেই সময়তে পাগদা গাঁৱত বাইকত অহা দুৰ্বৃত্তৰ দলটোৱে তেওঁক বাটত আগভেটি ধৰে। প্ৰথমে দুৰ্বৃত্তই তেওঁক ভয় খুৱাবলৈ গু*লীচালনা কৰে। তাৰ পিছত তেওঁৰ পৰা সামগ্ৰী লুট কৰাৰ চেষ্টা চলায়। কিন্তু ৰাকেশে বাধা দিয়াত আক্ৰমণকাৰীয়ে তেওঁক লক্ষ্য কৰি গু*লীচালনা কৰে। ফলত ঘটনাস্থলীতে তেওঁৰ মৃ*ত্যু হয়। হ*ত্যাকাণ্ড সংঘটিত কৰিয়েই বাইকেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ২ দুৰ্বৃত্তই।
হ*ত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে দলসিংহচৰাইৰ ডি এছ পি বিবেক কুমাৰ শৰ্মা আৰক্ষীৰ দলসহ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে নিহত যুৱকজনৰ পৰিয়ালৰ লোকক সোধা-পোছা কৰে। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত নিহত যুৱকজনৰ পৰিয়ালৰ লোকক সোধা-পোছা অব্যাহত আছে। জিলা আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰতাপ সিঙৰ নিৰ্দেশত হ*ত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ আৰক্ষীৰ দল গঠন কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















