সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ৮জুনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদী৷ কিন্তু কিয় ৮জুনেই বাচি লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে? বুধবাৰে এনডিএৰ বৈঠকৰ পাছতেই শনিবাৰৰ দিনটোলৈকে এতিয়া সকলোৰে অপেক্ষা৷ অপেক্ষাৰত নৰেন্দ্ৰ মোদীও৷
ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ একাংশৰ অভিমত মোদীয়ে ৮জুনৰ দিনটো বাছি লোৱাৰ আঁৰত আছে সংখ্যাতত্ত্ব বা নিউমাৰলজিৰ খেলা৷ প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ জীৱনত ৮সংখ্যাটোৰ বিশেষ গুৰুত্ব আছে৷ ইয়াৰপূৰ্বেও বহু বৃহৎ বৃহৎ সিদ্ধান্ত তেওঁ ৮তাৰিখৰ দিনটোতেই লৈ আহিছে৷ মোদীৰ জন্মদিন হৈছে ১৭ছেপ্টেম্বৰ৷ ১ আৰু ৭ যোগ কৰিলে ৮৷ নোট বাতিলৰ সিদ্ধান্তৰ ঘোষণা কৰিছিল ৮নৱেম্বৰত৷ ডিজিটেল ইণ্ডিয়া অভিযান আৰম্ভ কৰিছিল ২০১৫চনৰ ২৬ছেপ্টেম্বৰত৷ ২ আৰু ৬ যোগ কৰিলে ৮ হয়৷ আনকি ২০১৫ যোগ কৰিলেও ৮ এই হয়৷ আনকি এইবাৰ মোদীয়ে জয়ৰ পাছত দিয়া প্ৰথমটো ভাষণো ৮বজাতেই আৰম্ভ কৰিছিল৷
সংখ্যাতত্বত ৮সংখ্যাৰ তাৎপৰ্য আছে৷ সংখ্যাতত্ত্ববিদ বা নিউমাৰলজিষ্টৰ মতে ৮সংখ্যাটোয়ে শনি গ্ৰহক নিৰ্দেশ কৰে৷ শনি ন্যায়বিচাৰৰ প্ৰতীক৷ ইয়াৰোপৰি ই ৰাজযোগৰো প্ৰতীক৷ যিসকলৰ শনি তুংগত থাকে তেওঁলোকৰ জীৱনলৈ সাফল্য আহেই৷ তেওঁলোকৰ হাতলৈ আহে বিপুল পৰিমানৰ অৰ্থ৷ ৮সংখ্যাৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি অত্যন্ত পৰিশ্ৰমীও হয়৷
নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতো এয়াই সত্য৷ ৮সংখ্যাটো সংখ্যাতত্ত্বৰ দিশৰ পৰা ভাৰতৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ৷ ভাৰতৰ গণতন্ত্ৰ দিৱস পালিত হয় ২৬ জানুৱাৰীত৷ সংখ্যাদুটা যোগ কৰিলে হয় ৮৷ কাকতালীয়ভাৱে ২০২৪চনটো যোগ কৰিলেও ৮হয়৷ নৰেন্দ্ৰ মোদীৰ ৮জুনত শপত গ্ৰহণ কৰাটো কেৱল কাকতালীয় বুলিও বহু ৰাজনৈতিক পৰ্যবেক্ষকে মন্তব্য দিছে৷ ২০১৪ চনত মোদীয়ে শপত লৈছিল ২৬মেত৷ সেইবাৰো ২যোগ ৬ মিলি ৮এই হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ