• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

5 years ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

6 hours ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

7 hours ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

8 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

8 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

9 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

9 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

10 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

10 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

12 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

12 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

12 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ

editor by editor
August 31, 2021
in ৰাজনীতি
0
মহাজোঁট ভাঙিবলৈ সফল বিজেপি! পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব্যাপক জল্পনা-কল্পনাৰ অৱসান ঘটাই অসম প্ৰদেশ কমিটীৰ নীতি-নিৰ্ধাৰণ কমিটীয়ে গ্ৰহণ কৰিলে aiudfক মহাজোঁটৰ পৰা বাহিৰ কৰাৰ সিদ্ধান্ত৷ অচিৰেই aiccলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিব apccয়ে৷ প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তি বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোঁট৷ মহাজোঁটত আছিল কংগ্ৰেছ, aiudf, bpf, বাঁও শিবিৰ, ৰাষ্ট্ৰীয় জনতা দল আৰু আঞ্চলিক গণমৰ্চা৷ কিন্তু কংগ্ৰেছে অনুভৱ কৰিছে যে ধৰ্মীয় মেৰুকৰণ ৰোধ কৰিবলৈ গঠন কৰা মহাজোঁটত aiudfক অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপি ধৰ্মীয় মেৰুকৰণত সফলহে হ’ল৷ আনহাতে, aiudfৰ একাংশ নেতাৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰপ্ৰীতিত বিতুষ্ট কংগ্ৰেছ৷ ইপিনে, apcc-এ মহাজোঁট ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ধুবুৰীত aiudfৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সদৰী কৰিছিল যে মহাজোঁটৰ প্ৰয়োজনীয়তা আছিল, কিন্তু যদি ভংগ হয় তাক লৈ চিন্তিত নহয় aiudf৷ উপ নিৰ্বাচনত গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব aiudf-এ৷ মহাজোঁটৰ পৰা যে কেৱল aiudf-এ আঁতৰিব এনে নহয়, cpi(m)য়েও প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য৷ ‘cpi(m) মহাজোঁটৰ দল নহয়, মহাজোঁটত cpi(m)-এ আসন বুজাবুজিহে কৰিছিল’— সংবাদমেলত সদৰী চিপিআই(এম) নেতৃত্বৰ৷ যদি কথাবোৰ এনে হয় তেনেহ’লে মহাজোঁট প্ৰায় ভংগৰ পথত আৰু এই ক্ষেত্ৰত সফল হ’ল বিজেপি চৰকাৰৰ কূট-কৌশল৷ মহাজোঁট ভাঙিবলৈ বিজেপিয়ে অখিল গগৈক ব্যৱহাৰ কৰাৰ অভিযোগ aiudfৰ সাধাৰণ সম্পাদকগৰাকীৰ৷ কথাবোৰ কিন্তু কেৱল যে মহাজোঁটতে সীমাবদ্ধ হৈ থাকিব এনেও নহয়৷ ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তনৰ দিশে৷ মিত্ৰ শত্ৰু হ’ব, শত্ৰু মিত্ৰ হ’ব৷ আনফালে btrতো বলিছে পৰিৱৰ্তনৰ বা৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ পৰা বাহিৰ হৈ মহাজোঁটৰ অংশীদাৰ হৈছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন bpf৷ আনহাতে, bpfতকৈ কম আসন পালেও upplৰ নেতৃত্বত নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ সমৰ্থনত btcত হৈছিল upplৰ চৰকাৰ৷ প্ৰমোদ বড়ো হৈছিল btcৰ cem৷ কিন্তু ক্ষমতাহীন অৱস্থাই আমুৱাইছে হাগ্ৰামা মহিলাৰীক৷ মুখ্যমন্ত্ৰী, বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হাগ্ৰামা মহিলাৰী৷ দৰাচলতে হাগ্ৰামা মহিলাৰীয়ে নিজেই কৈছিল যে তেওঁৰ এটাই ফৰ্মূলা চৰকাৰ য’ত তেওঁ ত’ত৷ সেইবাবে পুনৰ বিজেপিৰ ওচৰ চাপিবলৈ হাগ্ৰামাই চলাইছে আপ্ৰাণ চেষ্টা৷ হাগ্ৰামাই বিজেপিৰ ওচৰ চপাত দুৰু দুৰু বুকু কঁপিছে upplৰ প্ৰমোদ বড়োৰ৷ কেতিয়া চকী লৰে, কেতিয়া কি হয় কোনো নিশ্চয়তা নাই৷ আনহাতে, গণ সুৰক্ষা পাৰ্টী-কংগ্ৰেছৰ মাজতো আলোচনা৷ আলোচনা হৈছে নৱ কুমাৰ শৰণীয়া, ভূপেন বৰাৰ৷ নৱ কুমাৰ শৰণীয়াই বিজেপি-upplৰ সংগ ত্যাগ কৰি কংগ্ৰেছৰ হাতত হাত মিলোৱাৰ সম্ভাৱনাও প্ৰকট হৈ উঠিছে৷ আনহাতে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা গৈছে অখিল গগৈৰ কুচ-কাৱাজ৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলে৷  ‘ফেডাৰেল ফ্ৰণ্ট’ আঞ্চলিক দলসমূহৰ এখন উমৈহতীয়া মঞ্চ৷ নেতৃত্বত তৃণমূল কংগ্ৰেছ প্রধান মমতা বেনাৰ্জী৷ ‘ফেডাৰেল ফ্ৰণ্ট’ৰ লক্ষ্য এটাই আঞ্চলিক দলসমূহক একত্ৰিত কৰি সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰা৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত আছে অৰবিন্দ কেজৰিৱাল, কে চন্দ্ৰশেখৰ ৰাও আদি নেতাও৷ rjd,  শিৱসেনা আদিৰে অখিল গগৈৰ আলোচনা৷ দাক্ষিণ্যতাৰ কেইবাটাও দলো ‘ফেডাৰেল ফ্ৰণ্ট’ৰ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ ‘ফেডাৰেল ফ্ৰণ্ট’ত নাথাকিলেও কংগ্ৰেছক লগত লৈ আগবঢ়াৰ চিন্তা ‘ফেডাৰেল ফ্ৰণ্ট’ৰ৷ কূট-কৌশল ৰচনাত পলিটিকেল ষ্ট্ৰেটেজিষ্ট প্ৰশান্ত কিশোৰ৷ পিছে, ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ ৰহস্যময় চৰিত্ৰ অখিল গগৈ৷ এফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে অখিল গগৈয়ে বিধানসভাৰ বাহিৰে-ভিতৰে কাম কৰাৰ অভিযোগ৷ আনফালে, বিজেপিৰ বিৰুদ্ধে মন্তব্য৷ কংগ্ৰেছেৰে আলোচনাত বহিও কংগ্ৰেছ তথা কংগ্ৰেছীৰ বিৰুদ্ধেও মন্তব্য৷ aiudfৰ বিৰুদ্ধে মন্তব্যতো আছেই৷ এনে পৰিস্থিতিত অখিল গগৈয়ে ক’ত কি ঘটায় সেয়াও পিছে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ সেয়া যি কি নহওক উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মহাজোঁটৰ পৰা AIUDFক বাদ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aiudfasom live 24assam live 24axom live 24bjpCongressmohajot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?
বিশ্ব

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

April 22, 2026
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল
জীৱনশৈলী

দুই-তৃতীয়াংশ ভোট নাপালে চৰকাৰে, লোকসভাত খাৰিজ মহিলা সংৰক্ষণ সংশোধনী বিল

April 18, 2026
Next Post
শিলচৰত কিন্নৰৰ ২ ফৈদৰ মাজত তীব্ৰ সংঘাত

শিলচৰত কিন্নৰৰ ২ ফৈদৰ মাজত তীব্ৰ সংঘাত

ঘোষণা হ’ল কোভিডৰ নতুন SOP৷ খোল খালে আন্তঃজিলা যাতায়াত৷ আৰু কি কি আছে নতুন SOPত?

ঘোষণা হ’ল কোভিডৰ নতুন SOP৷ খোল খালে আন্তঃজিলা যাতায়াত৷ আৰু কি কি আছে নতুন SOPত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.