প্ৰথম দৃষ্টিতেই চকু ৰৈ যায়…, সৌন্দৰ্যৰ এটা সম্পূৰ্ণ পেকেজ তেওঁ৷ ইমানদিনে ভাইৰেল নোহোৱাটোহে আচৰিত কথা৷ মহাকুম্ভত মালা বিক্ৰি কৰিবলৈ অহা মনালিছা এতিয়া সমগ্ৰতে ভাইৰেল৷ তেওঁৰ সম্পূৰ্ণ নাম মনালিছা ভোঁছলে৷ পেটৰ ভোক দূৰ কৰিবলৈ কুম্ভ মেলাত মালা বিক্ৰি কৰিবলৈ আহিছিল তেওঁ৷ কিন্তু হঠাৎ তেওঁৰ ৰূপ সকলোতে ভাইৰেল হৈ পৰাৰ পাছতেই তেওঁ এতিয়া ৰূপালী পৰ্দাত ভৰি ৰাখিবলৈকো সাজু হৈছে৷ এলাপেছাকৈ তেওঁ ৰূপালী পৰ্দাত ভৰি নাৰাখে৷ ৰূপালী পৰ্দাত কেৰিয়াৰৰ আৰম্ভনিতেই তেওঁ অভিনয় কৰিব আল্লু অৰ্জুনৰ সৈতে! কিন্তু কিমান সত্য এই তথ্য?
চিনেমা জগতত ভৰি ৰাখক বা নাই, মনালিছা নামৰ মাজতেই লুকাই আছে সৌন্দৰ্যৰ টান৷ ১৫০৩ চনৰ দ্যা ভিঞ্চিৰ ছবি ২০২৫ ত আকৌ এবাৰ স্বচক্ষে যেন সকলোৱে দেখা পাইছে৷ মহাকুম্ভত সকলোৰে নজৰ এতিয়া মনালিছাৰ ওপৰত৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে ইন্দোৰৰ ষোড়শী৷ আনকি নিশাৰ ভিতৰতে তেওঁ তাৰকাও হৈ উঠিছে৷
এই খ্যাতিয়েই বিড়ম্বনাতো পেলাইছে মনালিছাক৷ জনতাৰ ছেলফিৰ আব্দাৰত তৰুণীগৰাকীৰ ব্যৱসায়ত অসুবিধা আহিছে৷ আনকি তেওঁ মেলা এৰি যাবলৈকো বাধ্য হৈ পৰিছে৷ ইয়াৰ মাজতেই অৱশ্যে ভাল খবৰো আহিছে৷ শুনা গৈছে মনালিছাই দক্ষিণী বিনোদন ক্ষেত্ৰৰ পৰা অফাৰ লাভ কৰিছে৷ এই তথ্য কিমানদূৰ সত্য সেয়া অৱশ্যে বৰ্তমানো জানিব পৰা হোৱা নাই৷ কিন্তু স্কুলৰ গণ্ডি পাৰ নোহোৱা মনালিছাৰ মালা বিক্ৰি কৰাটো পেছা৷ এই পেছাৰেই তেওঁলোকে দুবেলা দুমুঠিৰ যোগাৰ কৰে৷ সেই পেছাতেই এতিয়া বিপদ আহিছে মনালিছাৰ৷ মনালিছাই এই সন্দৰ্ভত কয়, ‘মোৰ মালা কিনাতকৈ গ্ৰাহক মোৰ প্ৰতিহে বেছি আগ্ৰহী৷ বিক্ৰি কমি গৈছে৷ য’তেই মালা বিক্ৰি কৰিবলৈ যাওঁ তাতেই ছেলফীৰ বাবে বহু লোক দৌৰী আহে৷ এই বছৰ মহাকুম্ভই মোৰ জীৱনলৈ অমানিশা কঢ়িয়াইছে৷’
অৱশ্যে সেই পেছাত অসুবিধা আহিলেও নিজাকৈ ইউটিউব চেনেল খুলিছে তেওঁ৷ বিউটি পাৰ্লাৰত গৈ নিজক ন কৈ সজাই তুলিছে তেওঁ৷ সেই ভিডিঅ’কেই মনালিছা ভোঁছলে নামেৰে এক্স হেণ্ডেলত পষ্ট কৰা হৈছে৷ যি ইতিমধ্যেই ভাইৰেলো হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ