টকাই টকা, দুর্নীতি নিবাৰক শাখাই গুৱাহাটীৰ কাৰ্যবাহী অভিযন্তাৰ ঘৰত অভিযান চলাই পালে প্ৰায় ৮০ লাখ টকা
গুৱাহাটীত দুর্নীতি নিবাৰক শাখাৰ জালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তা। গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম জয়ন্ত গোস্বামী। জয়ন্ত গোস্বামীৰ গুৱাহাটীৰ বাসগৃহত দুর্নীতি নিবাৰকৰ অভিযান ।
অভিযানত লাখে লাখে ক’লা টকা উদ্ধাৰ ভিযন্তাগৰাকীৰ ঘৰৰ পৰা। লখিমপুৰত কাৰ্যনির্বাহ কৰি আছিল জয়ন্ত গোস্বামীয়ে। গুৱাহাটীৰ ৰাজপথত উৎকোচ লওতেই গ্ৰেপ্তাৰ জয়ন্ত গোস্বামীক।
বিল পাছ কৰাৰ নামত ২০,০০০ টকা উৎকোচ লৈছিল অভিযন্তা গোস্বামীয়ে। পাছত হেঙৰাবাৰীত অৱস্থিত অভিযন্তাৰ ঘৰৰ পৰা লাখ লাখ টকা উদ্ধাৰ কৰা হয়।
লাভ কৰা তথ্য অনুসৰি কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ ঘৰৰ পৰা মুঠ ৭৯,৮৭,৫০০ টকা উদ্ধাৰ কৰিছে দুর্নীতি নিবাৰক শাখাই। গ্ৰেপ্তাৰ হোৱা স্থানৰ পৰা অভিযুক্ত জয়ন্ত গোস্বামীক লৈ যোৱা হয় দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ।
যোৱাৰ সময়ত মুখ নুখুলিলে জয়ন্ত গোস্বামীয়ে। সমান্তৰালকৈ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা কুমুদৰঞ্জন গোস্বামীৰ বিৰুদ্ধেও আছে গুৰুতৰ অভিযোগ। ধন নাপালে বিল মোকলাই নিদিয়ে কুমুদৰঞ্জনেও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ