দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ বাসগৃহত অনুষ্ঠিত তীজ উদযাপনত অংশগ্ৰহণ কৰে সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত তীজ উদযাপনৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ৰেখাৰ সৈতে আনন্দ কৰি থকা দেখা যায়।

কংগনাই এই উদযাপনক তেওঁৰ “প্ৰথম তীজ” বুলি অভিহিত কৰি বিশেষ অনুষ্ঠানটোত উষ্ণতা আৰু শক্তিৰ সঞ্চাৰ কৰাৰ বাবে ৰেখা গুপ্তাক ধন্যবাদ জনায়। দিল্লীৰ মুখ্যমন্ত্ৰীক “ৰেখা দিদী” বুলি সম্বোধন কৰি কংগনাই লিখিছে, “ৰেখা দিদীৰ ঘৰত মোৰ প্ৰথম তীজ উদযাপন, সঁচাকৈয়ে এগৰাকী জ্যেষ্ঠ ভগ্নীৰ মৰমেৰে ঘৰুৱা অনুভৱ হৈছে এই উৎসৱ।”

কেৱল দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই নহয়, তাত উপস্থিত আন আন মহিলাসকলৰ সৈতেও কংগনাই নাচি-বাগি আনন্দ প্ৰকাশ কৰা দেখা যায়। ৰেখা গুপ্তা আৰু কংগনাই পৰম্পৰাগত শাৰী পিন্ধি কেমেৰাৰ সন্মুখত সুন্দৰকৈ প’জ দিয়াও দেখা গৈছে।

বিশেষ অনুষ্ঠানটোৰ বাবে কংগনাই পিন্ধিছিল কমলা-পীচৰ পল্লুৰ সৈতে এখন সুন্দৰ স্পন্দনশীল সেউজীয়া ৰেচমৰ শাড়ী। শাড়ীখনত ফুল আৰু প্ৰকৃতিৰ মটিফ আছিল, আনহাতে গোলাপী ৰঙৰ সীমাই ইয়াৰ আড়ম্বৰ বৃদ্ধি কৰিছিল। চকাৰ নেকেলেচ, মেচিং কাণফুলি, বেংগল, ৰঙা বিণ্ডীৰে সাংসদগৰাকী অনন্য দেখা গৈছে।

ফটোসমূহ শ্বেয়াৰ কৰি কংগনাই সমগ্ৰ দেশৰ মহিলাসকলকো তীজৰ শুভেচ্ছা জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















