অসম লাইভ২৪ঃ মহেন্দ্ৰ সিং ধোনীক শুকুৰবাৰে বিশেষভাৱে সন্মান জনাইছে মুম্বাই ক্ৰিকেট এছোচিয়েছনে। ২০১১ চনত ভাৰতৰ বিশ্বকাপ জয়ৰ কৰি দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবেই ধোনীক সন্মানিত কৰিবৰ বাবে বিশেষ পদক্ষেপ লৈছে মুম্বাই এছোচিয়েছনে। ৱাংখেৰ ষ্টেডিয়ামত দৰ্শকৰ বাবে থকা ৩৩ হাজাৰ আসনৰ পাঁচখন আসন ধোনীৰ নামেৰে নামকৰণ কৰা হৈছে। মুম্বাইলৈ আইপিএলৰ মেচ খেলিবলৈ যাওতে ধোনীয়ে নিজেই উদ্বোধন কৰে এই আসনকেইখন। এই ৫খন আসনৰ সৈতে সংপৃক্ত হৈ আছে ভাৰতৰ দ্বিতীয়বাৰ বিশ্বকাপ জয়ৰ সম্পৰ্ক।
#WATCH | Mumbai: MS Dhoni inaugurates 2011 World Cup victory memorial at the Wankhede stadium
Memorial has been built at the location where MS Dhoni’s historic winning six from 2011 WC had landed in the stands pic.twitter.com/PEGSksnWNa
— ANI (@ANI) April 7, 2023
২০১১ চনত শ্ৰীলংকাক হৰুৱাই বিশ্বচেম্পিয়ন হৈছিৱ ভাৰত। মেচৰ শেষৰ ৬ বলত ৬টা ছিক্স কোবাই ভাৰতক দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ দিছিল ধোনীয়ে। সেইবাৰ ধোনীয়ে কোবোৱা ৬টা ছিক্সৰ বল গেলাৰীত গৈ পৰিছিল। যিকেইটা স্থানত বল পৰিছিলগৈ সেইকেইটা স্থানত থকা আসন ধোনীৰ নামেৰে নামকৰণ কৰা হৈছে। নতুনকৈ সজাই তোলা হৈছে ৫খন আসন। সেই বিশেষ আসন কেইখন উদ্বোধন কৰিবৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আধিনায়ক ধোনীকেই আমন্ত্ৰণ জনাইছিল মুম্বাই ক্ৰিকেট এছোচিয়েছনে।
মুম্বাই ক্ৰিকেট এছোচিয়েছনৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়েই শুকুৰবাৰে নিজৰ নামত থকা ৫খন আসন উদ্বোধন কৰিছে ধোনীয়ে। ৱাংখেৰ ষ্টেডিয়ামতেই আছে পলি উমৰিগড় আৰু বিজয় মাকঁড়েৰ নামত গেটো। সেই ষ্টেডিয়ামতেই আছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ বাবেও বিশেষ স্থান। শেহতীয়াকৈ সেই ষ্টেডিয়ামতেই সংৰক্ষিত কৰা হ’ল ধোনীৰ নামৰ ৫ আসন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ