• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

2 years ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

23 minutes ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

1 hour ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

2 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

2 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

3 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

4 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

5 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

6 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

7 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

7 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

8 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?

editor by editor
May 4, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
এইবাৰ বিদেশত প্ৰাক বিবাহৰ অনুষ্ঠান! অতিথিৰ তালিকাত কোন কোন?
0
SHARES
378
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিবাহৰ তাৰিখ লোৱা হৈছে জুলাই মাহত৷ বিয়াৰ তাৰিখ এলাপেছা মানুহৰ নহয়৷ এই বিয়া মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ৷ কিছু দিন পূৰ্বে প্ৰাক-বিবাহ অনুষ্ঠান দেখিয়েই বহুজনৰ চকু কঁপালত উঠিছিল৷ এই আড়ম্বৰ আয়োজনৰ চৰ্চা শেষ নৌহওতেই এইবাৰ অনন্তৰ বিবাহৰ কথা চলিছে৷ অৱশ্যে বিবাহৰ পূৰ্বে আকৌ এবাৰ পালন কৰা হ’ব প্ৰাক বিবাহৰ অনুষ্ঠান৷ ৰাধিকা মাৰ্চেণ্টৰ সৈতে প্ৰাক বিবাহৰ কাৰ্যসূচী এইবাৰ দেশত নহয়৷ বিদেশৰ মাটিত চলিব এই অনুষ্ঠান৷ এইবাৰ দক্ষিণ ফ্ৰান্সত প্ৰাক-বিবাহ অনুষ্ঠান আয়োজিত হ’ব৷ অৱশ্যে কোনো বিলাসবহুল হোটেলত নহয় এইবাৰ অনুষ্ঠান আয়োজিত হ’ব এখন বিশেষ জাহাজ৷

দক্ষিণ ফ্ৰান্সৰ যি ক্ৰুজত অনন্ত আম্বানী আৰু ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান আয়োজন হ’ব তাত থাকিব এটি ভাসমান প্ৰাসাদ৷ যি কোনো বিলাসবহুল হোটেলক টক্কৰ দিব পৰাকৈ অত্যাধুনিক এই ক্ৰুজ৷ বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি মে মাহৰ ২৮ তাৰিখৰ পৰা ৩০তাৰিখলৈকে চলিব এই অনুষ্ঠান৷ এই ক্ৰুজ প্ৰাক বিবাহ অনুষ্ঠানত পূৰ্বৰ দৰে অত্যাধিক অতিথি নাথাকে৷ আম্বানী আৰু ৰাধিকা মাৰ্টেণ্টৰ পৰিয়ালৰ অতি ঘনিষ্ঠ আত্মীয়হে থাকিব এই অনুষ্ঠানত৷ অনন্ত আৰু ৰাধিকাৰ এৰাব নোৱাৰা কেইগৰাকীমান বন্ধু থাকিব এই অনুষ্ঠানত৷

১ মাৰ্চত গুজৰাটৰ জামেনগৰত অনন্ত আৰু ৰাধিকাৰ প্ৰাক-বিবাহ অনুষ্ঠানত নিমন্ত্ৰণ জনোৱা হৈছিল ৰাজনীতিৰ পথাৰৰ পৰা আৰম্ভ কৰি বলীউডলৈকে৷ দেশ-বিদেশৰ বহুকেইগৰাকী খ্যাতনামা ব্যক্তিকো আমন্ত্ৰণ জনোৱা হৈছিল৷ উপস্থিত হৈছিল হলিউডৰ গায়িকাও৷ কিন্তু এইবাৰ তেনে কোনো অতিথি নাথাকে৷ এই অনুষ্ঠানত বলীউডৰ পৰা কেৱল তিনি খানেই থাকিব৷ জামেনগৰৰ অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানকো একেলগে নাচি থকা দেখা গৈছে৷ ফ্ৰান্সত গৈ তিনি খানে একেলগে অনুষ্ঠান কৰিবনে সেয়া অৱশ্যে স্পষ্ট নহয়৷ একাংশই জনোৱা মতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টেও এই অনুষ্ঠানত আমন্ত্ৰণ লাভ কৰাৰ সম্ভাৱনা আছে৷

ফ্ৰান্সৰ যিকোনো সাধাৰণ ক্ৰুজৰ বাবে জনে প্ৰতি খৰচ হয় ৪১ হাজাৰ টকাৰ পৰা ৮৩ হাজাৰ টকালৈ৷ কিন্তু আম্বানীৰ কনিষ্ঠ পুত্ৰৰ প্ৰাক বিবাহ অনুষ্ঠানৰ বাবে এই সাধাৰণ ক্ৰুজ বুক কৰা হোৱা নাই৷ তেওঁলোকৰ বাবে বুক কৰা ক্ৰুজৰ দাম বহু বেছি৷ চলিত বছৰৰ ১ মাৰ্চৰ পৰা তিনি দিন ধৰি সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িব পৰা অনুষ্ঠান চলিছিল জামেনগৰত৷ বলীউডৰ উপৰিও আছিল ৰিহানাৰ দৰে আন্তৰ্জাতিক তাৰকা৷ মাৰ্ক জুকাৰবাৰ্গ, ইভাংকা ট্ৰাম্পো আহিছিল অনুষ্ঠানলৈ৷ গীত পৰিবেশন কৰিছিল অৰিজিৎ সিং আৰু শ্ৰেয়া ঘোষালেও৷ শাহৰুখ, ছলমান, আমিৰেও একেলগে নৃত্য কৰিছিল এই অনুষ্ঠানত৷

জামেনগৰৰ অনুষ্ঠান উপলক্ষে অবশ্যে কোনো বিলাসবহুল হোটেল লোৱা হোৱা নাছিল৷ তাৰ সলনি শ্বাহৰুখ, ছলমান, দীপিকা, ৰণবীৰহঁতক ৰখা হৈছিল তম্বুতহে৷ অৱশ্যে সেই তম্বুও আছিল ৰাজকীয়৷ সেই তম্বুত আছিল শোৱনি কোঠা, পোছাক সলনিৰ কোঠা আৰু এটাষ্ট বাথৰুমৰ সুবিধা৷ তিনিদিনীয়া অনুষ্ঠানত প্ৰত্যেক দিনাই আছিল পৃথক পৃথক থিম৷ থিম অনুসৰিয়েই সকলোৱে পোছাকো পৰিধান কৰিছিল৷ দেশ বিদেশৰ অতিথিৰ বাবে জামেনগৰত সেনাৰ বিমানবন্দৰটোকেই ১০ দিনৰ বাবে আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ভাৰতীয় বায়ুসেনাৰ টেকনিকেল এৰিয়াও ব্যৱহাৰৰ অনুমতি দিছিল মোদী চৰকাৰে৷ বিমানবন্দৰৰ যাত্ৰী বিভাগৰ আয়তন বৃদ্ধি কৰা, শৌচাগাৰ উন্নীত কৰা আদি একাধিক উন্নয়নো চলিছিল জামেনগৰৰ সেই বিমানঘাটিত৷

উল্লেখ্য যে ১২ জুলাইত সাত পাকত বান্ধ খাব অনন্ত আৰু ৰাধিকা৷ ইয়াৰ পূৰ্বে তেওঁলোকে এটি পাজামা পাৰ্টি কৰাও দেখা গৈছে আম্বানী পৰিয়ালত৷ পাৰ্টীত অনন্ত ৰাধিকা দুয়োজনেই উপস্থিত আছিল৷ ৰাধিকাই পৰিধান কৰিছিল বগা ৰঙৰ পোছাক আৰু ৰাণীৰ মুকুট৷ এই পাৰ্টীত উপস্থিত আছিল বলীউডৰ অভিনেত্ৰী জাহ্নৱী ঠাকুৰ, শিখৰ পাহাৰিয়া, ইশা আম্বানী, শ্লোক আম্বানী আৰু ৰাধিকাৰ ভগ্নী অঞ্জলি মাৰ্চেণ্ট৷

সৰুৰে পৰাই বন্ধুত্বৰ সম্পৰ্কত আছে ৰাধিকা অনন্ত৷ ৰাধিকাৰ সৈতে অনন্তক প্ৰায় অনুষ্ঠানতেই দেখা যায়৷ অনন্তৰ সৈতে ৰাধিকাৰ বিবাহৰ জল্পনাও আৰম্ভ হৈছিল প্ৰিয়ংকা আৰু নিক জোনাছৰ বিয়াৰ পৰা৷ জোধপুৰত প্ৰিয়ংকা-নিকৰ বিয়াত আম্বানী পৰিয়ালৰ সৈতে উপস্থিত আছিল ৰাধিকাও৷ পৰিয়ালৰ সৈতে মন্দিৰলৈ যোৱা অথৱা বিভিন্ন অনুষ্ঠানত একেলগে দেখা গৈছিল দুয়োকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন
বিনোদন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

August 1, 2026
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
Next Post
দৈনিক ৰাশিফল- কিদৰে যাব আজিৰ দিনটো, শুক্ৰ গ্ৰহই আপোনাৰ ভাগ্যইলৈ আনিব ধন আৰু সুখৰ জোৱাৰ

দৈনিক ৰাশিফলঃ কিদৰে যাব আজিৰ দেওবাৰটো, ভ্ৰমণৰ পৰা দূৰত থাকক এই সকল ৰাশিৰ লোকে, দুৰ্ঘটনাৰ সম্ভৱনা

সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

সন্ত্ৰাসবাদীৰ হঠাতে আক্ৰমণ, কেইবাজনো সোনা জোৱান আহত, এজন শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.