১২ হিৰোৰ বিপৰীতে এগৰাকী নবাগত ভিলেইন, চৰিত্ৰ ফুটাই তুলিবলৈ ৪৫ দিনলৈ…
এনে বহু চিনেমা বলীউডত নিৰ্মাণ কৰা হয়, যি ছবিৰ কাহিনীতকৈ চৰিত্ৰ বোৰে অধিক আকৰাষণ কৰে দৰ্শকক। চৰিত্ৰবোৰ কাহিনীতকৈ ৰাইজে বেছি ভাল পায়। দৰ্শকৰ মনত ৰৈ যায় সেই বিশেষ চৰিত্ৰ বোৰ।
তেনেই বহু চৰিত্ৰৰ ভিতৰত এক এনে অভিনেতা আছে, যিয়ে পৰ্দাত নিখুঁত দেখাবলৈ বহুত কষ্ট কৰিছিল আৰু মানুহেও তেওঁৰ চৰিত্ৰ বহুত পছন্দ কৰিছিল। কিন্তু ছবিখন মুক্তি পোৱাৰ পিছত অভিনেতাজনৰ অসুবিধাহে বাঢ়ে, চিনেমাৰ চৰিত্ৰ আৰু দিঠকৰ চৰিত্ৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য , কোনেও পিছত চিনি নাপাই অভিনেতাগৰাকীক।
১৯৯৮ চনত ছবিগৃহত মুক্তি পাইছিল ‘চাইনা গেট’ চিনেমা। সেই চিনেমাত অভিনয় কৰিছিল অমৰেশ পুৰী, ওম পুৰী, নাছিৰুদ্দিন শ্বাহ, ডেনি, পৰেশ ৰাৱাল, টিনু আনন্দ, জগদীপ, বিজু খোটে, মমতা কুলকাৰ্ণী আদিৰ দৰে আগশাৰীৰ অভিনেতা।
কিন্তু এই তাৰকা খচিত চবিখনত ভিলেইনৰ চৰিত্ৰ লাভ কৰিছিল এগৰাকী নবাগত অভিনেতাই। অভিনেতা মুকেশ তিৱাৰীয়ে এই চিনেমাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। যদিও মুকেশৰ বাবে এই ছবি প্ৰথম আছিল, কিন্ত নিজৰ অভিনয় দক্ষতাৰে সকলোৰে মাজত জিলিকি উঠিছিল।
মুকেশে ‘চাইনা গেট’ ছবিখনত জাগিৰাৰ চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি আজিও মানুহে ভাল পায়। নিজৰ চৰিত্ৰটোক বিশেষ কৰি তুলিবলৈ অভিনেতাজনে ৪৫-৫০ দিন ধৰি গা ধোৱা নাছিল। লগতে দাঢ়ি-চুলিয়ো কটা নাছিল।
যাৰ বাবে অধিক মনোগ্ৰাহী হৈ পৰিছিল জাগিৰাৰ চৰিত্ৰ। সকলোৱে পছন্দ কৰিছিল জাগিৰাক। চিনেমাখনত ইমান ডাঙৰ ডাঙৰ অভিনেতাৰ উপস্থিতিৰ পিছতো মুকেশ তিৱাৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত কৈছিল যে, তেওঁ এটা দৃশ্যৰ সময়ত আঘাতপ্ৰাপ্তও হৈছিল।
ইমানেই প্ৰাণ ঢালি কৰিছিল সেই চৰিত্ৰ যে, ছবিখনৰ মুক্তিৰ পাছত কোনো লোকেই চিনি পোৱা নাছিল মুকেশক। যাৰবাবে ২ টা বছৰে ধৰি কামৰ অভাৱত আছিল মুকেশ।
কিন্তু ২ বছৰৰ পাছত কাম পোৱাৰ পাছত আৰু কোনোদিনে পিছলৈ উভতি চাব লগা হোৱা নাই মুকেশ তিৱাৰীয়ে। জাগিৰাৰ পাছত ৰোহিত শ্বেট্টীৰ পৰিচালনাত নিৰ্মিত ছবিত বসুলী ভাইৰ চৰিত্ৰৰে জনপ্ৰিয় হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ