অসম লাইভ২৪ঃ আইপিএলত অভিষেক ঘটিল শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ। দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰৰ পুত্ৰই মুম্বাই ইণ্ডিয়ানছৰ হৈ প্ৰথম একাদশত সুযোগ লাভ কৰিছে।২০২১ ত প্ৰথম মুম্বাই ইণ্ডিয়ানছত স্থান পাইছিল অৰ্জুনে। সেই বৰ্ষত কিন্তু বিশেষ ফলাফল দেখুওৱাব নোৱাৰাৰ বাবে বিশেষ পৰিচিত হোৱা নাছিল অৰ্জুন। দলত থাকিলেও মূল একাদশত খেলিবলৈ সুযোগ পোৱা নাছিল অৰ্জুনে। ২৩ বছৰীয়া অৰ্জুনক এইবাৰ সুযোগ প্ৰদান কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে। অৰ্জুনক ক্ৰয় কৰিছে আইপিএলৰ মুম্বাই ফ্ৰেঞ্চাইজিয়ে। বেট-বল হাতত লৈ প্ৰথমৰ পৰাই আত্মবিশ্বাসী শচীন পুত্ৰ অৰ্জুন।
ঘৰুৱা ক্ৰিকেট দল মুম্বাইৰ হৈ খেলাৰ সুযোগ নোপোৱাৰ বাবে বিগত বৰ্ষত গোৱাৰ হৈ খেলিছিল অৰ্জুনে। বৰ্তমান পৰ্যন্ত ৫ খন মেচ খেলিছে অৰ্জুনে। ৫খন খেলত ৯টা উইকেট ল’বলৈ সক্ষম হৈছে অৰ্জুনে। ইপিনে ৰান লৈছে ১৫১। জীৱনৰ প্ৰথম মেচতেই শতৰান কৰিছে অৰ্জুনে। বাওঁহতীয়া বলাৰ অৰ্জুনে আজিৰ খেলত কেনে পাৰদৰ্শিতা দেখুওৱাব সেই বিষয়টোৰ ওপৰতে দৃষ্টি আৱদ্ধ এতিয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ