হাৰ্দিক-বুমৰাহ অবিহনে প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ প্লেয়িং ১১ কি ?
অহা ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ১০ টা দলে প্ৰতিযোগিতাখনৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে। এই ক্ৰমত মুম্বাই ইণ্ডিয়ানছৰ দলটোও আগন্তুক ছিজনৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত। ২৩ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব দলটোৱে।
দুয়োটা দলত কেইবাগৰাকী শক্তিশালী খেলুৱৈ থকাৰ বাবে খেলখন অধিক ৰোমাঞ্চকৰ খেল হব বুলি আশা কৰা হৈছে। কিন্তু মুম্বাইদলটোৰ অতিকে শক্তিশালী খেলুৱৈ যশপ্রীত বুমৰাহ আৰু হার্দিক পাণ্ডিয়া প্রথমখন খেলত নাথাকে।
নিষেধাজ্ঞাৰ বাবে হাৰ্দিকে প্ৰথমখন মেচ খেলিব নোৱাৰিব, আনহাতে আঘাতৰ বাবে বুমৰাহে প্ৰথম কেইখনমান মেচ খেলিব নোৱাৰিব। এনে পৰিস্থিতিত এই দুজন খেলুৱৈৰ অনুপস্থিতিত মুম্বাই ইণ্ডিয়ানছৰ প্লেইং একাদশত কোন কোন থাকিব।
প্ৰথমখন খেলৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ একাদশ : ৰোহিত শৰ্মা, ৰিয়ান ৰিকেলটন, তিলক ভাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, উইল জেকছ/ৰবিন মিঞ্জ, নমন ধীৰ, কৰ্বিন বছ/মিচেল ছাণ্টনাৰ, দীপক চহৰ, মুজীব উৰ ৰহমান, কৰ্ণ শৰ্মা, ট্ৰেণ্ট বল্ট।
আই পি এল ২০২৫ৰ বাবে মুম্বাই ইণ্ডিয়ানছ স্কোয়াড
ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, ৰবিন মিঞ্জ, ৰিয়ান ৰিকেলটন, শ্ৰীজিথ কৃষ্ণন, বেভন জেকবছ, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, উইল জেকছ, মিচেল ছাণ্টনাৰ, ৰাজ অংগদ বাৱা, ভিগনেশ পুথুৰ, ট্ৰেণ্ট বল্ট, কৰ্ণ শৰ্মা, দীপক চহৰ, অশ্বিনী কুমাৰ, ৰিচ টপলি, ভেংকটান সত্যনাৰায়ণ টেণ্ডুলকাৰ, মুজীব উৰ ৰহমান, যশপ্ৰীত বুমৰাহ, কৰ্বিন বছ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ