অসম লাইভ ২৪ঃ সংকটৰ সময়তে মুম্বাইৰ পৰা আহিছে সু-সংবাদ। মুম্বাইত হ্ৰাস পাবলৈ ধৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজিৰে পৰা মুকলি হ’ব ভেকচিন প্ৰদান কেন্দ্ৰসমূহ। বিগত ৩ দিনত হ্ৰাস পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। উল্লেখ্য যে, বৰ্তমানলৈকে মুম্বাইত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৫,৫৪২ গৰাকী আৰু মৃত্যুৰ সংখ্যা ৬ গৰাকী। ক’ৰোনাৰ সংহাৰৰ মাজতে মুম্বাইত প্ৰদান কৰি থকা হৈছিল কোভিড ভেকচিন। কিন্তু বৰ্ধিত আক্ৰান্তৰ সংখ্যাৰ বিপৰীতে ভেকচিনৰ নাটনি হোৱাৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছিল বহুকেইটা ভেকচিন প্ৰদান কেন্দ্ৰ। দেওবাৰে বিয়লি মুম্বাইলৈ আমদানি কৰা হয় ক’ভিশ্বীল্ডৰ ডেৰ লাখ ভেকচিন। বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ বাবে কেন্দ্ৰসমূহে পুনৰ হাতত লৈছে ভেকচিন প্ৰদানৰ সিদ্ধান্ত। ৰাজ্যসমূহত জাৰি কৰা মিনি লকডাউনৰ ফলপ্ৰসূতাৰ বাবেই নিয়ন্ত্ৰণলৈ আহিছে মুম্বাইৰ কোভিড পৰিস্থিতি। অতি সোনকালেই এই ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব বুলিও আশা কৰিছে মুম্বাইবাসীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ