অলৌকিক, তেল নোহোৱাকৈ ৯ দিনলৈ জ্বলে চাকি, মহিলাৰ প্ৰৱেশ নিষিদ্ধ এই মন্দিৰত
দেশৰ বিভিন্ন প্ৰান্তত থকা বহুতো মন্দিৰৰ কিবা নহয় কিবা বিশেষ অলৌকিকতা থাকে। যি আজিৰ বিজ্ঞানৰ যুগতো এক আচৰিত ঘটনা। যি দৃশ্য দেখিলে আপুনি ভাগৱান নাই বুলি কবলৈ টান পাব।
তেনেই এক মন্দিৰ আছে এইখন ভাৰততে। যি মন্দিৰত বছৰত মাথো এবাৰহে পুজা কৰা হয়। মন্দিৰ খোলা বহু আগৰে পৰা ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই। পাছে এই মন্দিৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ। আনকি এই মন্দিৰৰ প্ৰসাদো মহিলাক বিতৰণ কৰা নহয়।
কেৱল পুৰুষে পূজা দিয়া আৰু সেই মন্দিৰৰ প্ৰসাদো কেৱল পুৰুষে গ্ৰহন কৰিব পাৰে। কিন্তু তথাপি বিৰ দি বাট নোপোৱা অৱস্থা হৈ পৰে মন্দিৰটোৰ পুজা হোৱা দিনটোত।
তাতোকৈ অলৌকিক ঘটনা এই মন্দিৰৰ মূখ্যভাগত থকা প্ৰতিমাৰ সমুখৰ চাকি কোনো তেল নোহোৱাকৈ ৯ দিন ধৰি নিৰন্তৰ জ্বলি থাকে। যি চাবলৈয়ো একপ্ৰকাৰ ভিৰ কৰে লাখৰ ঘৰত লোকে।
বিশেষ মাহাত্ম্য থকা এই মন্দিৰটো আছে চত্তিশগড়ৰ গাড়িয়াবাদত। নিৰাই মাতা মন্দিৰ এইটো। যদিও মন্দিৰটোত এগৰাকী মাতাকে পূজা কৰা হয় তথাপি ইয়াত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, লগতে প্ৰসাদ গ্ৰহণতো মহিলাক মানা কৰি থোৱা আছে। কোৱা হয় সেই মন্দিৰৰ প্ৰসাদ এগৰাকী মহিলাই সেৱন কৰিলে কিবা নহয় কিবা অসুবিধাৰ সন্মুখিন হৈয়ে।
মন্দিৰটোত নিৰাই মাতাক তেল, সেন্দুৰ আদিৰেও পূজা কৰা নহয়। তাৰ সলনি নিৰাই মাতাক কেৱল নাৰিকল আৰু ধুপেৰেহে পূজা কৰা হয়। ইয়াত চাকিয়ো নজ্বলাই কোনেও, কেৱল মাতাৰ প্ৰতিমাৰ সমুখতে তেল নোহোৱা চাকি সদৃশ শলিতা জ্বলি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ