অসম লাইভ ২৪ঃ ১৭ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন৷ সমগ্ৰ দেশজুৰি ২০ দিনীয়া কাৰ্যসূচীৰে ‘সেৱা আৰু সমৰ্পণ’ কাৰ্যসূচীৰ জৰিয়তে জন্মদিন পালনৰ আয়োজন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে অসমতো মেগা আয়োজন ৰাজ্যিক বিজেপিৰ৷ সেই অনুসৰি, ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ অসমতো পালন কৰা হ’ব ‘সেৱা আৰু সমৰ্পণ’ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ৩৯খন সাংগঠনিক জিলাত বিজেপিৰ কৰ্মকৰ্তাসকলে ‘সেৱাই সংগঠন’ কাৰ্যসূচী পালন কৰিব৷ তাৰোপৰি নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনাৰে অসমৰ পৰা ১০ লাখ পোষ্টকাৰ্ড প্ৰেৰণ কৰিব ৰাজ্যিক বিজেপিয়ে৷ লগতে ৫ হাজাৰ যুৱকৰ ৰক্তদান, দিব্যাংগক প্ৰয়োজনী সামগ্ৰী প্ৰদান, মহিলাৰ মাজত আইৰণ টেবলেট বিতৰণ আদি কল্যানমূলক কাৰ্যসূচী গ্ৰহণ কৰিব৷ ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত শৰাই আগবঢ়োৱাৰ লগতে ৪২ হাজাৰ কৰ্মকৰ্তাৰ ঘৰত বন্তি প্ৰজ্বলন কৰিব এই বিশেষ দিনটোত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ