• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

10 months ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

35 minutes ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

58 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

1 hour ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

19 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

21 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

22 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

22 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

22 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

23 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

24 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 day ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

editor by editor
May 13, 2025
in জীৱনশৈলী
0
এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেছন সিন্দূৰৰ সাফল্যৰ দাবী কৰিছে ভাৰতীয় সেনাই৷ মঙলবাৰে পঞ্জাৱৰ আদমপুৰৰ বায়ুসেনাঘাঁটিত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সেনাবাহিনীৰ সকলো সদস্যক চেল্যুট জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কেৱল সেয়াই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধেও কেইবাটাও কথা কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ নতুন ভাৰতৰ সংজ্ঞা আৰু তিনি সূত্ৰৰ কথা কৈছে প্ৰধানমন্ত্ৰী মোদীয়ে৷

ঘটনাক্ৰমে এই বায়ুসেনাঘাঁটিতেই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণেৰে আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ কিন্তু ভাৰতৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা আৰু বায়ুসেনাৰ তৎপৰতাত এই আক্ৰমণ প্ৰতিহত কৰা হৈছে৷ কেৱল আদমপুৰ বায়ুসেনাঘাঁটিতেই নহয়, কেইবাটাও বায়ুসেনাঘাঁটিত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে৷ সকলো আক্ৰমণেই ব্যৰ্থ হৈছে৷ পাকিস্তানৰ মাটিত প্ৰত্যাঘাত আৰু পাক আক্ৰমণক দক্ষতাৰে ৰখাই দিবলৈ সক্ষম হোৱা ভাৰতৰ তিনি বাহিনীক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷

মোদীয়ে জনাইছে যে নতুন ভাৰতৰ জীৱন তিনি সূত্ৰৰে গঁথা৷ কি সেই সূত্ৰ তাৰো বাখ্যা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, এক নম্বৰ সূত্ৰঃ সন্ত্ৰাসবাদী আক্ৰমণ হ’লে ভাৰতে চুপ হৈ নাথাকিব৷ নিজৰ চৰ্তৰে জৱাব দিব৷ দ্বিতীয় সূত্ৰঃ ভাৰতে কোনো নিউক্লিয়েৰ ব্লেকমেইল সহ্য নকৰে৷ তিনি নম্বৰ সূত্ৰঃ সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মদতদাতাসকলক পৃথককৈ নধৰে ভাৰতে৷

বক্তৃতাৰ প্ৰথমৰ পৰা শেষ পৰ্যন্ত মোদীয়ে ভাৰতীয় সেনাবাহিনীৰ কৃতিত্বকেই তুলি ধৰিছে৷ বায়ুসেনা, নৌসেনা আৰু স্থলসেনাৰ উদ্দেশ্যে মোদীৰ বক্তব্য, ‘অপাৰেছন সিন্দূৰৰ শব্দ শত্ৰুৰ কাণত পৰিছে৷ যিসকলে আমাৰ মাতৃ-ভগ্নীৰ সেন্দূৰ মোহাৰিছে তেওঁলোকক ঘৰত সোমাই আমি শেষ কৰিছো৷ সন্ত্ৰাসবাদী কাপুৰুষৰ দৰে লুকাই আছিল৷ কিন্তু আমাৰ সেনাবাহিনীয়ে ভিতৰত সোমাই সিঁহতক শেষ কৰি দিছে৷ আপোনালোক ভাৰতীয় সেনাবাহিনীয়ে তেওঁলোকক সন্মুখৰ পৰা জৱাব দিছে৷ সন্ত্ৰাসবাদীৰ ৯টা ঘাটি আপোনালোকে উৰুৱাই দিছে৷ ১০০ জনতকৈ বেছি সন্ত্ৰাসবাদীৰ জীৱন শেষ কৰা হৈছে৷’

কেৱল সন্ত্ৰাসবাদীয়ে নহয়, পাকিস্তান সেনাকো মোক্ষম জৱাব দিয়া হৈছে বুলি আদমপুৰৰ সেনাঘাঁটিৰ পৰা জনাইছে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয়, ‘আপোনালোকে পাকিস্তান সেনাক বুজাই দিছে, সন্ত্ৰাসবাদীয়ে য’ত বহি শান্তিৰ নিশ্বাস ল’ব তাতেই সোমাই ভাৰতীয় সেনাই সিঁহতক মাৰিব৷ আমাৰ ড্ৰোণ, ক্ষেপণাস্ত্ৰৰ চিন্তাই সিঁহতৰ টোপনি হৰিছে৷ অপাৰেছন সিন্দূৰে দেশৰ আত্মবিশ্বাস বঢ়াই তুলিছে৷ এক সুঁতাৰে বান্ধ খাইছে দেশবাসী৷ আপোনালোকে যি কৰিছে সেয়া অকল্পনীয়, অদ্ভুত, অভাৱনীয়৷’

কেৱল সন্ত্ৰাসবাদেই নহয়, পাকিস্তানৰ বিৰুদ্ধেও কেইবাটাও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁৰ দাবী, ‘আমাৰ লক্ষ্য আছিল কেৱল সন্ত্ৰাসবাদৰ হেডকোৱাৰ্টাৰ ধ্বংস কৰা৷ কিন্তু পাকিস্তানে যাত্ৰীবাহী বিমানকো টাৰ্গেট কৰিছিল যদিও আমাৰ সেনাই তেনে কৰা নাই৷ পাকিস্তানৰ যাত্ৰীবাহী বিমানৰ কোনো ক্ষতি কৰা নাই ভাৰতীয় সেনাই৷ কেৱল শত্ৰুৰ ঘাঁটিতহে নিখুঁত আঘাত হানিছে৷ আমি নতুন ভাৰতত শান্তি বিচাৰো৷ কিন্তু কোনোৱে যদি আমাৰ মানৱিকতাত আঘাত কৰে তেন্তে ভাৰতেও যুদ্ধত নামিবলৈ ভয় নকৰে৷’

উল্লেখ কৰা প্ৰয়োজন যে আদমপুৰৰ বিমানঘাঁটিত গৈ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা এছ-৪০০ ৰ সন্মুখত থিয় হৈ সেনাবাহিনীৰ সদস্যসকলৰ সৈতে ছবিও তুলিছে মোদীয়ে৷ বহুতৰে মতে পাকিস্তানে বাৰে বাৰে দাবী কৰিছে যে তেওঁলোকে ক্ষেপণাস্ত্ৰ এছ-৪০০ ধ্বংস কৰিছে৷ মোদীয়ে সেই প্ৰতিৰক্ষা ব্যৱস্থাৰ ছবি তুলি পাকিস্তানকেই বুজাই দিছে যে তেওঁলোকে কৰা দাবী একেবাৰে মিছা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
Next Post
প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

হনুমানৰ বিশেষ পছন্দৰ এই ৫ৰাশি! বিপদে আপদে সকলো সময়তে বজৰংবলীয়ে ৰক্ষা কৰে এওঁলোকক

হনুমানৰ বিশেষ পছন্দৰ এই ৫ৰাশি! বিপদে আপদে সকলো সময়তে বজৰংবলীয়ে ৰক্ষা কৰে এওঁলোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.