• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

2 years ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

19 minutes ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

46 minutes ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

2 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

18 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

19 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

19 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

20 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

20 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

22 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

22 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

23 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

editor by editor
February 15, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
চিলিত স্থাপন কৰা হ’ল বিশ্বৰ সৰ্ববৃহৎ কেমেৰা! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?
0
SHARES
530
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাবিশ্বৰ অন্যান্য কোনো গ্ৰহত প্ৰাণী আছে নেকি? একাংশ বিজ্ঞানীয়ে বিষয়টোক লৈ গৱেষণা অব্যাহত ৰাখিছে। বিজ্ঞানীসকলৰ কিছুসংখ্যকে দাবী কৰা অনুসৰি আগন্তুক কেইবাবছৰৰ ভিতৰতেই হয়তো দূৰৰ কোনো গ্ৰহত জীৱৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব বিজ্ঞানীয়ে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোইয়ো যান পঠিয়াবলৈ সাঁজু হৈছে শুক্ৰ গ্ৰহলৈ। ইয়াৰোপৰি নাছাইয়ো বৃহস্পতি গ্ৰহ মিছন আৰম্ভ কৰিছে। বৰফে ঢকা বৃহস্পতিত কেনেবাকৈ জীৱৰ সন্ধান পোৱা যাব নেকি?

নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপত সম্প্ৰতি সৌৰজগতৰ বাহিৰৰ কোনো বিশেষ গ্ৰহৰ পৰা লাভ কৰিছে বিশেষ সংকেত। সেই সংকেত লাভ কৰিয়েই বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰিছে যে বিশেষ তাৰকাৰাজ্যতো পৃথিৱীৰ দৰে আন কোনো গ্ৰহ আছে। যদি বিজ্ঞানীয়ে অইন গ্ৰহত প্ৰাণী থকাৰ কথাটোৰ প্ৰমাণ দাঙি ধৰিব পাৰে তেন্তে সেয়াই হ’ব বৰ্তমানলৈকে মহাকাশ সন্দৰ্ভত কৰা আটাইতকৈ ডাঙৰ আৱিষ্কাৰ।

ইতিমধ্যে অন্য গ্ৰহৰ প্ৰাণীৰ সন্ধানত বিজ্ঞানীয়ে কেইবাটাও মিছন আৰম্ভ কৰিছে। স্কটলেণ্ডৰ জ্যোতিৰ্বিজ্ঞানী অধ্যাপক কেথেৰিণ থেইমেনছে কয়, ‘অসীম নক্ষত্ৰ আৰু গ্ৰহৰ মাজত এখন বিশ্বতহে আমি আছো। সেই বিশ্বৰ আমিয়েই একমাত্ৰ বুদ্ধিমান প্ৰাণী বুলি আমি দাবীও কৰিব পাৰো। কিন্তু এই মহাবিশ্বত আমিয়েই অকল বুদ্ধিমান প্ৰাণী নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই আমি প্ৰযুক্তিগত ক্ষমতাৰে বিচাৰিবলৈ আৰম্ভ কৰিছো।’

‘গ’ল্ডিলক্স জোন’
বৈজ্ঞানিকৰ অনুসন্ধানত যিসমূহ টেলিস্কোপ ব্যৱহৃত হৈ আছে সেইসমূহে দূৰৰ নক্ষত্ৰক প্ৰদক্ষিণ কৰি থকা গ্ৰহসমূহৰ বায়ুমণ্ডল পৰীক্ষা কৰিব পাৰে। পৃথিৱীৰ দৰে জীৱিত প্রাণী আছে নেকি সেই সন্ধানো কৰিব পাৰে। আনকি ৰাসায়নিকৰো সন্ধান দিব পাৰে এই টেলিস্কোপসমূহে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে এক ডাঙৰ আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে। ১২০ আলোকবৰ্ষ দূৰত অৱস্থিত কে২-১৮ বি নামৰ এটা বিশেষ গ্ৰহৰ বায়ুমণ্ডলত এনে গেছ চিনাক্ত কৰা হৈছে যিয়ে পৃথিৱীত থকা সামুদ্ৰিক জীৱ জীয়াই থকাৰ সমল। এই গ্ৰহক বিজ্ঞানীয়ে নাম দিছে ‘গোল্ডিলক্স জোন’।

‘গোল্ডিলক্স জোন’য়ে যি নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে সেই নক্ষত্ৰৰ পৰা ‘গোল্ডিলক্স জোন’ এনে দূৰত্বত আছে য’ত ভূপৃষ্ঠৰ তাপমাত্ৰা খুব বেছি গৰম বা খুব বেছি ঠাণ্ডাও নহয়। তাত তৰল থকাৰো উমান পাইছে বিজ্ঞানীয়ে। তৰল মানে পানী, জীৱ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। বিজ্ঞানীসকলৰ এটা বিশেষজ্ঞৰ দলে জনোৱামতে আগন্তুক এবছৰৰ ভিৰতৰেই বিজ্ঞানীয়ে পৃথিৱীবাসীক ভাল খবৰ দিব। এলিয়েনৰ সন্ধান চলোৱা বিজ্ঞানীৰ দলটোক নেতৃত্ব দিছে, কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিদ অধ্যাপক নিক্স মধুসূদনে। মধুসূদনে এটা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই সন্দৰ্ভত কয়, ‘পৃথিৱীৰ বাহিৰৰ অন্য গ্ৰহত জীৱৰ সন্ধান পালে আমাৰ চিন্তাভাৱনালৈকো আমূল পৰিবৰ্তন আহিব। যদি আমি অন্য গ্ৰহত জীৱৰ সন্ধান পাও তেন্তে সেই জীৱ আমাতকৈ উন্নতনে সেই গৱেষণা আৰম্ভ হ’ব।’

নিক্সৰ ভৱিষ্যতদ্বাণী, ‘৫ বছৰৰ ভিতৰতেই মহাবিশ্বৰ জীৱ সম্পৰ্কীয় গৱেষণা বহুদূৰ আগবাঢ়ি যাব। কিন্তু যদি অন্যান্য গ্ৰহ যেনে ‘গোল্ডিলক্স জোন’ত প্ৰাণীৰ সন্ধান পাওঁ তেন্তে আৰু তেনে ১০ টা গ্ৰহ আছে যিকেইটাত প্ৰাণীৰ সন্ধান পোৱা যাব। মহাবিশ্বত জীৱ বিষয়ক কেইবাটাও গৱেষণাৰ মাজত কেমব্ৰীজ বিশ্ববিদ্যালয়ে চলাই থকা গৱেষণাও এটা। অন্যান্য প্ৰকল্পসমূহৰ কেইবাটাইয়ো অন্য গ্ৰহত জীৱৰ সন্ধান পোৱাৰ আশা আছে বুলি প্ৰকাশ কৰিছে।’

নাছাই ২০৩০ চনত ‘হেবিটেবল ৱাৰ্ল্ডছ অৱজাৰভেটৰি’ বা বাসোপযোগ্য গ্ৰহ বিচাৰি এক অনুসন্ধানমূলক যাত্ৰা আৰম্ভ কৰিব। নাছাই উচ্চ প্ৰযুক্তিৰে পৃথিৱীৰ দৰে অন্যান্য গ্ৰহত বায়ুমণ্ডলৰ সন্ধান কৰিব। এই দশকৰ শেষৰ ফালে বিজ্ঞানীয়ে উলিয়াব বিশালকায় এটা টেলিস্কোপো। চিলিৰ মৰুভূমিৰ পৰা আকাশৰফালে মুখ কৰি থিয় কৰাই ৰখা হ’ব টেলিস্কোপটোক। অন্যান্য টেলিস্কোপৰ তুলনাত এই টেলিস্কোপৰ আকাৰ বহু ডাঙৰ। এই টেলিস্কোপতেই লগোৱা থাকিব বিশেষ আইনা য’ত দূৰৈৰ গ্ৰহসমূহকো ডাঙৰ আকাৰত দেখা যাব। এই টেলিস্কোপ ইমানেই শক্তিশালী যে শত শত আলোকবৰ্ষ দূৰৈৰ এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰি থকা গ্ৰহৰ বায়ুমণ্ডলৰ পৰা আৰম্ভ কৰি পোহৰ কণালৈকে ধৰিব পাৰিব এই টেলিস্কোপে।

সৌৰজগতত সঁচাকৈয়ে প্ৰাণ আছে নেকি?
বিজ্ঞানীয়ে বহু দূৰৈৰ গ্ৰহসমূহত প্ৰাণৰ সন্ধান কিয় কৰি আছে? জনমানসত প্ৰায়েই এই প্ৰশ্ন উত্থাপিত হয়। বিজ্ঞানীৰ অনুসন্ধিৎসু মনে কিন্তু হাৰ নামানে। নতুনত্বৰ সন্ধানত প্ৰতিদিনেই গৱেষণা কৰি আছে বিজ্ঞানীয়ে। বিজ্ঞানীয়ে গৱেষণাৰ অন্তত লাভ কৰা তথ্যত উল্লেখ থকামতে বৃহস্পতি গ্ৰহ বৰফেৰে ঢকা। বৃহস্পতি গ্ৰহৰ বৰফৰ পৃষ্ঠত এনে কিছুমান চিহ্ন আছে যিসমূহ দেখাত বাঘৰ খোজৰ দৰে। বৃহস্পতিৰ বৰফৰ পৃষ্ঠৰ তলত মহাসাগৰো আছে। য’ত জলীয় বাষ্পই ধোঁৱা সদৃশ কৰি ৰাখে মহাকাশক। নাছাৰ ক্লিপাৰ আৰু ইউৰোপিয়ান স্পেছ এজেন্সি বা ইএছৰ জুপিটাৰ আইছি মুনছ এক্সপ্লৰাৰ মিছন আটাইকেইটাই ২০৩০ত ব্ৰহ্মাণ্ডত জীৱৰ সন্ধান কৰিব।

কেৱল বৃহস্পতিয়েই নহয়। শুক্ৰ গ্ৰহতো প্ৰাণীৰ সন্ধানত চলিব অভিযান। শনি গ্ৰহতো অভিযান চলাব বিজ্ঞানীয়ে। শনিত কাৰ্বন সমৃদ্ধ ৰাসায়নিক পদাৰ্থই তৈয়াৰ কৰা হ্ৰদ আৰু মেঘ আছে, যিয়ে উপগ্ৰহটোক এটা কমলা ৰঙৰ আৱৰণেৰে ঢাকি থাকে। পানীৰ ওপৰিও এইসমূহ ৰাসায়নিক জীৱ জীয়াই থকাৰো উপাদান বুলি ধাৰণা কৰা হয়। আন এক বিশেষ গ্ৰহ মঙলতো অভিযান চলাইছিল বিজ্ঞানীয়ে। কিন্তু মঙল গ্ৰহত জীৱিত প্ৰাণী নাই বুলিয়েই বিজ্ঞানীয়ে নিজৰ ধাৰণাক ফুলষ্টপ লগালে। মঙলত অভিযান সামৰিলেও নাছাই শেহতীয়াকৈ মঙলৰ পৰা মাটিৰ নমুনা আনিছে। বিশেষ গাঁতৰ পৰা সেই মাটি অনা হৈছে য’ত পূৰ্বে এটা প্ৰাচীন নদীৰ ব-দ্বীপ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?
জীৱনশৈলী

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

August 13, 2026
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
নিয়োগ

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

August 13, 2026
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?
জীৱনশৈলী

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

August 13, 2026
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
Next Post
আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.