মহাকাশৰ পৰা কিদৰে উভতি আহিব সুনীতা আৰু বুৎচ, নাছাৰ চাঞ্চল্যকৰ মন্তব্য
ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুৎচ উইলমৰে কেতিয়া পৃথিৱীলৈ উভতি আহিব সেই সম্পৰ্কে পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। যোৱা দুমাহ ধৰি এইবোৰ কেতিয়া আৰু কেনেকৈ পৃথিৱীলৈ অনা হ’ব সেই লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে ৷ ইফালে নাছাই সেই সন্দৰ্ভত প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ অন্তব্য ৷
নাছাই কয় যে বাহ্যিক যাত্ৰাৰ সময়ত তেওঁলোকৰ মহাকাশযানৰ বিজুতি ঘটাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা দুয়োজন মহাকাশচাৰীক কেনেকৈ ঘূৰাই আনিব পাৰি সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই ৷ ফেব্ৰুৱাৰীলৈকে মহাকাশতে থাকিব সুনীতা উইলিয়ামছ আৰু বুৎচ ।
বুৎচ উইলম’ৰ আৰু সুনীতা উইলিয়ামছে চলিত বৰ্ষৰে জুন মাহত আঠ দিন থকাৰ আশাৰে আই এছ এছত উপস্থিত হৈছিল , এতিয়া হয়তো ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে তাত থাকিব লাগিব বুলি মহাকাশ সংস্থাটোৱে বুধবাৰে এক সংবাদমেলত জনায়।
সুনীতা আৰু বুৎচ মহাকাষলৈ গৈছিল বয়িং ষ্টাৰলাইনাৰে ৷ তেওঁলোকে প্ৰথমবাৰৰ বাবে মহাকাশযানখন ব্যৱহাৰ কৰিছিল যদিও বাটত মহাকাশযানখনৰ থ্ৰাষ্টাৰবোৰ বিকল হৈ পৰে আৰু হিলিয়াম লিক হৈ যায় , যাৰ ফলত ই নিৰাপদে পৃথিৱীলৈ উভতি আহিব পাৰিব নে নাই সেই সম্পৰ্কে সন্দেহৰ সৃষ্টি হৈছিল ।
বৰ্তমান এই যুটিটো মহাকাশত আবদ্ধ হৈ আছে আৰু কেতিয়া তেওঁলোকক ঘূৰাই অনা হ’ব তাৰ কোনো ধাৰণা কাৰো নাই ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ