লোহা আছে, থাক থাককৈ সজাই থোৱা আছে নিকেল, সোণৰ দৰে দামী ধাতু৷ সংক্ষেপে ক’বলৈ গ’লে এই গ্ৰহাণুৰ মাজত ধাতৱ সম্পদৰ পৰিমাণ বিপুল৷ হিচাপ কৰি দেখা গৈছে যে ইয়াত থকা সম্পদৰ পৰিমাণ বিপুল৷ হিচাপ কৰি দেখা গৈছে ইয়াৰ পৰিমান মাৰ্কিন ডলাৰৰ অংকত প্ৰায় ১০,০০০ কোয়াড্রিলন৷
মহাশূন্যত ইয়াক গুপ্তধনৰ গুহা বুলিও কোৱা হয়৷ সেই গুপ্তধনৰ ভাণ্ডাৰেই বিচাৰি পাইছে নাছাই৷ এই বিশেষ ভাণ্ডাৰৰ নাম দিয়া হৈছে এছট্ৰয়েড ১৬ ছাইকি৷ বিজ্ঞানীৰ মত, এই গ্ৰহাণুত ইমান মহামূল্যবান সম্পদ আছে যি সম্পদ পৃথিৱীবাসীয়ে যদি পায় তেন্তে ধৰাধামৰ প্ৰত্যেক মানুহেই নিশাৰ ভিতৰত লাখপতি হৈ উঠিব পাৰিব৷ এই লোভনীয় খবৰ লাভ কৰিয়েই নাছা নামি পৰিছে ১৬ ছাইকিৰ অভিযানত৷ এই এম টাইপ গ্ৰহাণুটোৰ অৱস্থান মঙ্গল আৰু বৃহস্পতিৰ মাজৰ অংশত৷ দূৰত্ব প্ৰায় ২.২ বিলিয়ন মাইল৷
বিগত অক্টোবৰ মাহত নাছাৰ তৰফৰ পৰা ১৬ ছাইকিৰ উদ্দেশ্যি এখন স্পেছ এক্স ফেলকন ৰকেট পঠিয়াই দিয়া হৈছে৷ কিন্তু গন্তব্য স্থানত উপস্থিত হ’বলৈ এতিয়াও আৰু বহু সময় লাগিব৷ বিজ্ঞানীয়ে জনাইছে যে ২০২৯ চনৰ আগষ্ট মাহত লক্ষ্যত উপস্থিত হ’ব এই ৰকেট৷ অৱশ্যে উপস্থিত হয়েই ৰকেটখনে গ্ৰহাণুত অৱতৰণ নকৰে৷ পৃথিৱীৰ পৰা প্ৰায় ৩৯১ মিলিয়ন কিঃমিঃ দূৰত্বত অৱস্থিত এই গ্ৰহাণুটোক প্ৰদক্ষিণ কৰিবলৈ কেইবাপাকো ঘূৰিব লাগিব৷ অৱশ্যে এই ৰকেট পঠোৱাৰ উদ্দেশ্য সম্পূৰ্ণ বৈজ্ঞানিক বুলি দাবী নাছাৰ৷ সোণ, লোহা, নিকেলৰ দৰে মূল্যবান ধাতব পদাৰ্থ আহৰণৰ প্ৰচেষ্টাৰ পূৰ্বে নাছাই জনাব বিচাৰিছে যে গ্ৰহাণুটোৰ ভৌগোলিক গঠন, ধাতৱ ভাণ্ডাৰৰ উৎসৰ কাৰণ৷ অন্যান্য গ্ৰহাণুৰ পৰা বহু পৃথক হোৱাৰ বাবে ইয়াৰ উৎপত্তি আৰু কাঠামোক লৈ বিস্তাৰিত গৱেষণাত আগ্ৰহী নাছা৷ নাছাৰ বিজ্ঞানীৰ যুক্তি, এই গ্ৰহাণুটোৰ আকৃতি প্ৰায় ৬৪,০০০ বৰ্গমাইল৷ এই গ্ৰহাণুটো ১৪০ মাইল বহল৷ সাধাৰণ গ্ৰহাণু শিলৰ আকৃতিৰ হয় বা বৰফাবৃত হয়৷ ১৬ ছাইকি গ্ৰহাণুক বৰ্তমান কাল্টিভেট কৰিব খুজিছে নাছাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ