পুনৰ বৃহৎ সফলতা, ২৬ নক্সালীসহ ডেৰ কোটি টকা শিৰৰ মূল্য থকা কুখ্যাতো নিহত
পুনৰ বৃহৎ সফলতা লাভ সেনা জোৱানৰ। বহু মূল্য পুৰষ্কাৰ থকা কুখ্যাত নক্সালীয়ো নিহত। ছত্তীশগড় জিলাৰ নাৰায়ণপুৰত ডি আৰ জি জোৱান আৰু নক্সালবাদীৰ মাজত এক এনকাউণ্টাত এই সফলতা লাভ কৰে সেনাই। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আবুঝমাদ অঞ্চলত সংঘটিত এই এনকাউণ্টাৰত এতিয়ালৈকে ২৬ জন নক্সালবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে।
কোৱা হৈছে যে নিহত নক্সালৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। কেইবাজনো নক্সালবাদীৰ মৃতদেহ উদ্ধাৰৰ লগতে বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে। এই এনকাউণ্টাৰত এজন জোৱান শ্বহীদ হোৱাৰ লগতে এজন জোৱান আহত হোৱাৰ খবৰো প্ৰকাশ পাইছে।
নাৰায়ণপুৰ, বিজাপুৰ আৰু দনটেৱাড়া জিলাত অব্যাহত আছে নক্সালবাদী আৰু ডি আৰ জি জোৱানৰ মাজত মুখামুখি। পুৱাৰে পৰা মাদ অঞ্চলত অব্যাহত আছে গুলীচালনা।
লগতে এই খবৰো প্ৰকাশ পাইছে যে, এই এনকাউণ্টাৰত ১.৫ কোটি টকা শিৰৰ মূল্য থতা কুখ্যাত তথা শীৰ্ষ নক্সালবাদী বাসৱ ৰাজুও নিহত হৈছে। আন বহু বৃহৎ নক্সালবাদী নেতাকো হত্যা কৰাৰ খবৰ পোৱা গৈছে।
বুধবাৰে পুৱাৰে পৰা মাদৰ দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালৰ মাজত তীব্ৰ গুলীচালনা চলি আছিল। বিশেষকৈ আবুঝমাদৰ দৰে নক্সাল প্ৰভাৱিত অঞ্চলত এই অভিযানক ডাঙৰ সফলতা হিচাপে দেখা গৈছে য’ত তেওঁলোকৰ শক্তিশালী দুৰ্গ বুলি গণ্য কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















